June 1, 2024 1:41 PM

আজি প্ৰকাশ পাবলগীয়া প্রাক নির্বাচনী সমীক্ষাত কংগ্ৰেছ দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ নকৰে

আজি প্ৰকাশ পাবলগীয়া প্রাক নির্বাচনী সমীক্ষাত কংগ্ৰেছ দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ নকৰে। বৈদ্যুতিক সংবাদ মাধ্যমৰ টক শ্ব' বা অন্যান্য যিকোনো মাধ্যমৰ বিতৰ্কত কংগ্ৰেছৰ প্ৰতিনিধিয়ে অংশগ্রহণ নকৰে বুলি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মিডিয়া কমিউনিকেশন বিভাগে সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে ভোটগণনাৰ দিনা বা প্ৰাক নির্বাচনী সমীক্ষা বিষয়ক অন্যান্য আলোচনা আৰু বিতৰ্কত কংগ্ৰেছৰ প্ৰতিনিধিয়ে অংশগ্রহণ কৰিব বুলি অসম প্রদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই জানিবলৈ দিছে।

June 1, 2024 1:18 PM

সপ্তম পৰ্যায়ৰ ভোটগ্রহণ সম্পন্ন হোৱাৰ লগে লগে ১৯ এপ্ৰিলত আৰম্ভ হোৱা লোকসভা নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ ইতিমধ্যে আৰম্ভ হৈছে। এই পৰ্যায়ত দেশৰ ৭খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫৭টা সমষ্টি সামৰি লোৱা হৈছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩ খনকৈ, পশ্চিমবংগৰ ৯ খন, বিহাৰৰ ৮ খন, ওড়িশাৰ ছখন, হিমাচল প্ৰদেশৰ ৪ খন, ঝাৰখণ্ডৰ তখন আৰু চণ্ডীগড়ৰ এখন সংসদীয় আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা হ'ব। অন্তিম পৰ্যায়ত ১০ কোটি ৬০ লাখৰো অধিক ভোটদাতাই ৯০৮ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। ইয়াৰে ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্...

May 31, 2024 12:21 PM

লোকসভা নির্বাচনৰ সপ্তম পৰ্যায়ত কাইলৈ ৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭ সমষ্টিত ভোটগ্রহণ

অষ্টাদশ লোকসভা নির্বাচনৰ কাইলৈ সপ্তম পৰ্যায়ত ৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭ সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ'ব। এই পৰ্যায়ত মুঠ ৯০৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কাইলৈ ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ'বলগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত আছে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জী, পঞ্জাৱৰ পূৰ্বৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা চৰণজিৎ সিং চান্নী, প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী হৰছিমৰাৎ কৌৰ বাদল, আৰ জে দি নেতা লালুপ্রসাদ যাদৱৰ কন্যা মিছা ভাৰতী, কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ...

May 30, 2024 1:21 PM

সপ্তম পৰ্যায়ৰ লোকসভা নির্বাচন হ’বলগীয়া সমষ্টিসমূহত প্ৰচাৰ অভিযান তুংগত

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত দেশত নির্বাচন হ’বলগীয়া সমষ্টিসমূহত প্ৰচাৰ অভিযান তুংগত উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে ভোটদাতাৰ মন জয় কৰাৰ আপ্রাণ প্রয়াস চলোৱা পৰিলক্ষিত হৈছে। আকাশবাণীৰ সংবাদদাতাই জনোৱা অনুসৰি প্ৰতিৰক্ষা মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা ৰাজনাথ সিঙে আৰু উত্তৰ প্ৰদেশৰ কুশীনগৰ, ৰবাৰ্টছগঞ্জ আৰু চান্দৌলী লোকসভা সমষ্টিত নির্বাচনী প্ৰচাৰ চলাব। একেদৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে কুশীনগৰ আৰু ছোনভদ্ৰা সমষ্টিত ৰোড শ...

May 28, 2024 5:59 PM

views 1

ওড়িশাত নিৰ্বাচনী প্ৰচাৰ অব্যাহত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অব্যাহত আছে। অহা ১ জুনত ৭ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টিত ভোটগ্রহণ হ'বলগীয়া সপ্তম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৯০৪ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ ডুমকা বিমানবন্দৰ খেলপথাৰত সংসদীয় সমষ্টিটোৰ পৰা বিজেপিৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সীতা ছ'ৰেনৰ সমৰ্থনত অনুষ্ঠিত এখন নির্বাচনী সভাক সম্বোধন কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি...

May 27, 2024 12:17 PM

১ জুনত হ’বলগীয়া লোকসভাৰ সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

লোকসভা নিৰ্বাচনৰ ইতিমধ্যে ভোটগ্রহণ অনুষ্ঠিত হৈ যোৱা ৬টা পৰ্যায়ৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰি বাকী থকা সপ্তম তথা অন্তিমটো পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে ৰাজনৈতিক দলসমূহে অধিক আগ্রাসী ৰূপত নির্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। সপ্তম পৰ্যায়ত সাতখন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭খন সংসদীয় আসনৰ বাবে ১ জুনত ভোটগ্রহণ কৰা হ'ব। এই পৰ্যায়ত মুঠ ৯০৪ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ ভিতৰত বিহাৰৰ ৮খন আসনত ১৩৪ গৰাকী, ছণ্ডীগড়ৰ এখন আসনত ১৯ গৰাকী, হিমাচল প্ৰদেশৰ ৪খন আসনত ৩৭ গৰাকী, ঝাৰখণ্...

May 25, 2024 5:32 PM

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযান অব্যাহত

♦ লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযান অব্যাহত আছে। উত্তৰ প্ৰদেশত প্ৰধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি গাজিপুৰ সমষ্টিত নির্বাচনী সভাত অংশগ্ৰহণ কৰিব। এই সমষ্টিত তেওঁ বিজেপিৰ প্ৰাৰ্থী পৰশনাথ ৰাইৰ হৈ প্ৰচাৰ চলাব। ইপিনে সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱৰ লগতে দলটোৰ নেতা ডিম্পল যাদৱ আৰু কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই বাৰানসীত আজি ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিদ্বন্দ্বিতা কৰা এই সমষ্টিটোত কংগ্ৰেছৰ অজয় ৰায় প্...

May 23, 2024 12:05 PM

সপ্তম পর্যায়ত দেশৰ ৮খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫৭টা সংসদীয় সমষ্টিত ভোটগ্ৰহণ

সপ্তম পর্যায়ত অহা ১ জুনত দেশৰ ৮খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫৭টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত মুঠ ৯০৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। নির্বাচন আয়োগে প্ৰকাশ কৰা মতে এই পৰ্যায়ৰ বাবে দুহেজাৰ ১০৫ খন মনোনয়ন দাখিল কৰা হৈছিল। পৰীক্ষাৰ অন্তত ৯৫৪ খন মনোনয়ন বৈধ বুলি বিবেচিত হৈছিল। পঞ্জাৱৰ ১৩ টা সমষ্টিৰ বাবে সৰ্বাধিক ৫৯৮ খন মনোনয়ন দাখিল কৰা হৈছিল। আনহাতে, উত্তৰ প্ৰদেশত ১৩ টা সমষ্টিৰ বাবে ৪৯৫ খন মনোনয়ন দাখিল হৈছিল। সপ্তম তথা অন্তিম পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু ...

May 7, 2024 12:40 PM

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে আজি অধিসূচনা জাৰি কৰা হ’ব

♦ লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে আজি অধিসূচনা জাৰি কৰা হ'ব। এই পৰ্যায়ত এখন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫৭খন লোকসভা আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩খনকৈ, পশ্চিমবংগৰ ৯খন, বিহাৰৰ ৮খন, ওড়িশাৰ ৬খন, হিমাচল প্ৰদেশৰ ৪খন, ঝাৰখণ্ডৰ ৩খন আৰু কেন্দ্ৰীয়শাসিত অঞ্চল চণ্ডীগড়ৰ এখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ১৪ মে'। ১ জুনত সপ্তম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব।

May 6, 2024 11:57 AM

কাইলৈ লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে অধিসূচনা জাৰি কৰা হ’ব

♦ লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ’ব। এই পৰ্যায়ত ৭খন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫৭খন লোকসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩খনকৈ, পশ্চিমবংগৰ ৯খন, বিহাৰৰ ৮খন, ওড়িশাৰ ৬খন, হিমাচল প্ৰদেশৰ ৪খন, ঝাৰখণ্ডৰ তখন আৰু কেন্দ্ৰীয়শাসিত অঞ্চল চণ্ডীগড়ৰ এখন আসনৰ বাবে নির্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ১৪ মে'। ১ জুনত সপ্তম পৰ্যায়ৰ নির্বাচন অনুষ্ঠিত হ'ব।