April 26, 2024 11:39 AM

আজি চতুৰ্থ পৰ্যায়ৰ মনোনয়ন পত্ৰসমূহ পৰীক্ষা

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব। এই পৰ্যায়ৰ বাবে কালি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আছিল। ইচ্ছুক প্রার্থীসকলে ২৯ এপ্ৰিললৈকে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। এই পৰ্যায়ত দেশৰ ৯ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬ টা সংসদীয় সমষ্টিৰ বাবে ১৩ মে'ত ভোটগ্ৰহণ কৰা হ'ব।

April 25, 2024 6:21 PM

লোকসভা নিৰ্বাচনৰ চতুর্থ পৰ্যায়ৰ বাবে মনোনয়ন পত্র দাখিলৰ আজি অন্তিম দিন

লোকসভা নিৰ্বাচনৰ চতুর্থ পৰ্যায়ৰ বাবে মনোনয়ন পত্র দাখিল প্ৰক্ৰিয়াৰ আজি অন্ত পৰিব। কাইলৈ মনোনয়নসমূহ পৰীক্ষা কৰা হ'ব আৰু ইচ্ছুক প্রার্থীসকলে ২৯ এপ্ৰিললৈকে মনোনয়ন প্রত্যাহাৰ কৰিব পাৰিব। চতুর্থ পৰ্যায়ত উত্তৰ প্ৰদেশ, মধ্য প্রদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিমবংগ, অন্ধ্রপ্রদেশ, তেলেংগানা আৰু জম্মু-কাশ্মীৰৰ ৯৬ টা সংসদীয় সমষ্টিৰ বাবে ১৩ মে’ত ভোটগ্ৰহণ কৰা হ'ব।