May 14, 2024 11:11 AM

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পর্যায়ত প্রায় ৬৭.৭১ শতাংশ ভোটদান

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পর্যায়ত কালি প্রায় ৬৭.৭১ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। এই পৰ্যায়ত দেশৰ ৯খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চল সামৰি লোৱা হয়। ইয়াৰ ভিতৰত অন্ধ্ৰ প্ৰদেশৰ ২৫টা, তেলেংগানাৰ ১৭টা, উত্তৰ প্ৰদেশৰ ১৩টা, মহাৰাষ্ট্ৰৰ ১১টা, মধ্যপ্ৰদেশ আৰু পশ্চিমবংগৰ ৮টাকৈ, বিহাৰৰ ৫টা, ওড়িশা আৰু ঝাৰখণ্ডৰ ৪টাকৈ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ এটা সমষ্টি আছে। নির্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি চতুৰ্থ পৰ্যায়ত বিহাৰত ৫৭.০২, জম্মু কাশ্মীৰত ৩৭.৯৮, ঝাৰখণ্ডত ৬৫.৩১, মধ্য...

May 13, 2024 10:45 AM

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্রহণ অব্যাহত

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্রহণ ইতিমধ্যে আৰম্ভ হৈছে। ভোটগ্রহণ সন্ধিয়া ৬ বজাত সামৰণি পৰিব। নির্বাচন আয়োগে ভোটদানৰ হাৰ বৃদ্ধিৰ উদ্দেশ্যে তেলেংগানাত ১৭টা সংসদীয় সমষ্টিৰ ঠাই বিশেষে ভোটদানৰ সময় বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই পৰ্যায়ত দেশৰ ৯খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৯৬টা সমষ্টিক সামৰি লোৱা হৈছে। ইয়াৰ ভিতৰত অন্ধ্ৰ প্ৰদেশৰ ২৫টা, তেলেংগানাৰ ১৭টা, উত্তৰ প্ৰদেশৰ ১৩টা, মহাৰাষ্ট্ৰৰ ১১টা, মধ্যপ্ৰদেশ আৰু পশ্চিমবংগৰ ৮টাকৈ, বিহাৰৰ ৫টা, ওড়িশা আৰু ঝাৰখণ্ডৰ ৪টাকৈ আৰু কেন্দ্ৰীয় ...

May 12, 2024 8:38 PM

লোকসভা নিৰ্বাচনৰ চতুর্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ

লোকসভা নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া চতুর্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এই পৰ্যায়ত দেশৰ ৯খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা সমষ্টিত কাইলৈ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ভোটগ্ৰহণ কৰা হ'ব। ইয়াৰ ভিতৰত অন্ধ্ৰ প্ৰদেশৰ ২৫টা, তেলেংগানাৰ ১৭টা, উত্তৰ প্ৰদেশৰ ১৩টা, মহাৰাষ্ট্ৰৰ ১১টা, মধ্যপ্ৰদেশ আৰু পশ্চিমবংগৰ ৮টাকৈ, বিহাৰৰ ৫টা, ওড়িশা আৰু ঝাৰখণ্ডৰ ৪টাকৈ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ এটা সমষ্টি আছে। এই পৰ্যায়ৰ বাবে মুঠ ১,৭১৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ...

May 12, 2024 11:50 AM

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ত  ৯৬টা লোকসভা সমষ্টিৰ বাবে ভোটগ্রহণ

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে কালি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰে। এই পৰ্যায়ত কাইলৈ দেশৰ ৯খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা লোকসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। চতুর্থ পৰ্যায়ৰ সমান্তৰালভাৱে অন্ধ্ৰপ্ৰদেশৰ ১৭৫ জনীয়া বিধানসভাৰ আটাইকেইখন আসন আৰু ওড়িশাৰ ১৪৭ খন আসনৰ ২৮ খনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। প্ৰচাৰ অভিযানৰ অন্তিম দিনটোত সকলো ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে অন্তিম প্রয়াস চলায়। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কালি ওড়িশাৰ বৰগঢ়ত এখন নির্বাচনী সভাত ...