September 15, 2024 7:34 PM

ভাৰতৰ ২০৩০ চনৰ ভিতৰত অজীৱাশ্ম উৎসৰ পৰা আহৰণ কৰা শক্তিৰে বিদ্যুৎ শক্তি সামর্থ্য ৫০০ গিগাৱাটলৈ বৃদ্ধিৰ লক্ষ্যঃ প্ৰহ্লাদ যোশী

ভাৰতে ২০৩০ চনৰ ভিতৰত অজীৱাশ্ম উৎসৰ পৰা আহৰণ কৰা শক্তিৰে বিদ্যুৎ শক্তি সামর্থ্য ৫০০ গিগাৱাটলৈ বৃদ্ধিৰ লক্ষ্য লৈছে আৰু ইয়াৰ বাবে ১০০ শতাংশ প্রত্যক্ষ বিদেশী বিনিয়োগত অনুমোদন জনাইছে। কেন্দ্ৰীয় নতুন আৰু নবীকৰণযোগ্য শক্তি দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এই বিষয়ে প্রকাশ কৰে। তেওঁ কয় যে বিশ্ব সৰ্ববৃহৎ গণতন্ত্ৰ আৰু দ্রুত বিকশিত ৰাষ্ট্ৰ হিচাপে ভাৰতৰ নবীকৰণযোগ্য শক্তি আহৰণৰ যাত্রাই অন্য উন্নয়নশীল অৰ্থনীতিৰ ৰাষ্ট্ৰসমূহক বহনক্ষমতা আহৰণৰ পথত অগ্ৰসৰ হ'বলৈ উৎসাহিত কৰিব। ভাৰতে ২০৭০ চনৰ ভিতৰত শূণ্য কাৰ্বন ন...

September 15, 2024 6:51 PM

চতুর্থ গোলকীয় জৈৱ ভাৰত ২০২৪ সন্মিলন নতুন দিল্লীত সফলতাৰে সম্পন্ন

চতুর্থ গোলকীয় জৈৱ ভাৰত ২০২৪ সন্মিলন কালি নতুন দিল্লীত সফলতাৰে সম্পন্ন হয়। এই তিনিদিনীয়া সন্মিলনৰ মূল বিষয়বস্তু আছিল জৈৱ প্ৰযুক্তিগত উদ্ভাৱন আৰু জৈৱ সামগ্ৰী নিৰ্মাণৰ সম্ভাৱনা আৰু জৈৱ অৰ্থনীতিত ইয়াৰ প্ৰভাৱ। দেশৰ জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰৰ কেইবাটাও ষ্টাৰ্ট আপ প্রতিষ্ঠানে এই সন্মিলনত ১১ বিধ সা-সামগ্ৰী মুকলি কৰে। এই প্ৰদৰ্শনীত জৈৱ বিজ্ঞানৰ ক্ষেত্ৰত দেশৰ উদীয়মান প্ৰতিভাৰ প্ৰদৰ্শন কৰা হয়।