May 2, 2024 11:08 AM

গুৱাহাটী আৰু বৰপেটা সমষ্টিৰ অধীনৰ কামৰূপ নিৰ্বাচনী জিলাৰ নিৰ্বাচনী প্রস্তুতিক লৈ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলৰ বৈঠক

◊ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে তৃতীয় পৰ্যায়ত নিৰ্বাচন হ’বলগীয়া গুৱাহাটী আৰু বৰপেটা সমষ্টিৰ অধীনৰ কামৰূপ নিৰ্বাচনী জিলাৰ নিৰ্বাচনী প্রস্তুতিক লৈ কালি এখন বৈঠক অনুষ্ঠিত কৰে। কামৰূপৰ সংহত আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত তেওঁ নিৰ্বাচন পৰিচালনাৰ বিভিন্ন দিশসমূহৰ বিষয়ে সংশ্লিষ্ট বিষয়াবৰ্গৰ সৈতে আলোচনা কৰে। এই বৈঠকত জিলাখনৰ আয়ুক্ত কীৰ্তি জল্লী, আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাৰ উপৰি প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। বৈঠকত শ্রীগোৱেলে তদাৰকী বিভাগক নির্বাচনী বিধি উলংঘাৰ যিকোনো অভ...

May 2, 2024 10:59 AM

ৰাজ্যত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ

♦ ৰাজ্যখনত তৃতীয় পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ ভোটগ্রহণক লৈ নিৰ্বাচন হ'বলগীয়া সমষ্টিকেইটাৰ অন্তৰ্গত জিলাসমূহৰ প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে প্ৰতিখন জিলাতে ভোটদাতাৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নির্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা লৈছে। এই পৰিপ্ৰেক্ষিতত বিভিন্ন জিলাত ভোটদাতাৰ সজাগতাৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ফ্লায়িং স্কোৱাৰ্ড আৰু নিৰীক্ষণকাৰী দলসমূহে নির্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা ধৰা পেলোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। Read Now : ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ...

May 2, 2024 10:51 AM

ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণৰ বাবে ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণক লৈ ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। দলীয় প্ৰাৰ্থীসকলৰ প্ৰচাৰৰ বাবে ঠায়ে ঠায়ে প্ৰচাৰ সভা অনুষ্ঠিত কৰি জ্যেষ্ঠ নেতাসকলে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ হৈ গুৱাহাটীৰ বিভিন্ন স্থানত প্ৰচাৰ চলাব। ইপিনে আজি ডা০ ৰণোজ পেগুৱে গুৱাহাটীৰ ভঙাগড়ত বিজয় সংকল্প সমাবেশত অংশ ল'ব। ইপিনে কালি গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চৰ প্...

May 1, 2024 9:18 PM

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে ৰাজ্যত প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণলৈ মাজত ৫টা দিন বাকী থকা সময়তে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে।  বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি সোণাপুৰত গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলায়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে একেগৰাকী প্ৰাৰ্থীৰ হৈ হাজোৰ কুলহাটীত প্ৰচাৰ চলায়। পুৱাৰ ভাগত মুখ্যমন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বাক্সা জিলাৰ নিকাচিত বিজেপি সমর্থিত প্রার্থী জয়ন্ত বসুমতাৰীৰ হৈ ...

May 1, 2024 9:15 PM

দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিৰ বাবে  ৭ মে’ত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিৰ বাবে অহা ৭ মে'ত ভোটগ্রহণ কৰা হ'ব। পূৰ্বে এই পৰ্যায়ত ৯৪ টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্রহণ হোৱাৰ কথা আছিল যদিও মধ্য প্ৰদেশৰ বেতুল লোকসভা সমষ্টিৰ ভোটগ্রহণ দ্বিতীয় পৰ্যায়ৰ পৰা তৃতীয় পৰ্যায়লৈ পিছুৱাই দিয়া হয়। আনহাতে, গুজৰাটৰ চুৰাট সংসদীয় সমষ্টিৰ বিজেপি প্রার্থীগৰাকী বিনাপ্রতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱাৰ বিপৰীতে জম্মু আৰু কাশ্মীৰৰ অনন্তনাগ ৰাজৌৰী সংসদীয় সমষ্টিৰ ভোটগ্ৰহণৰ তাৰিখৰ সালসলনি হোৱাৰ পৰিপ্ৰেক্ষিত...

May 1, 2024 1:19 PM

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজনৈতিক দলসমূহে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। ঘাই ঘাই ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে ভোটগ্রহণৰ দিন চমু চাপি অহাৰ লগে লগে ভোটদাতাসকলক আকৰ্ষণ কৰাৰ বাবে অন্তিম প্রয়াস চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি মহাৰাষ্ট্ৰৰ লাটুৰত এখন নির্বাচনী সভাক সম্বোধন কৰে। শ্ৰীমোদীয়ে তেওঁৰ ভাষণত দেশৰ প্ৰগতি আৰু সুৰক্ষাৰ বাবে সুস্থিৰ আৰু শক্তিশালী নেতৃত্বৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে ৷ কংগ্ৰেছ দলক সমালোচনা কৰি শ্ৰীমোদীয়ে কয় যে, দল...

April 30, 2024 11:22 AM

নির্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা লৈছে জিলা প্ৰশাসনে

ৰাজ্যত তৃতীয় পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনসমূহে ভোটদাতাৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নির্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা লৈছে। সেই অনুসৰি বিভিন্ন জিলাত ভোটদাতাৰ সজাগতাৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ফ্লাইং স্কোৱাৰ্ড আৰু নিৰীক্ষণকাৰী দলসমূহে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা ধৰা পেলোৱাৰ বাবে কাৰ্যকৰী ব্যৱস্থা লৈছে। নির্বাচন হ'বলগীয়া ৪ টা সমষ্টি গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীৰ অন্তৰ্গত অঞ্চলসমূহত নির্বাচন বিভাগ আ...

April 29, 2024 12:33 PM

৪টা সমষ্টিত জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষমসকলৰ বাসগৃহৰ পৰা তৃতীয় পর্যায়ৰ ভোটদান প্রক্রিয়া

লোকসভা নিৰ্বাচনৰ তৃতীয় পর্যায়ত ভোটগ্রহণ হ'বলগীয়া ৪টা সমষ্টিত জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষমসকলৰ বাসগৃহৰ পৰা ভোটদান প্রক্রিয়া চলি আছে। বৰপেটা জিলাত কালি ৪১ গৰাকী ভোটদাতাৰ বাসগৃহলৈ গৈ ভোটগ্ৰহণ কৰা হয়। জিলাখনত এই প্ৰক্ৰিয়াৰ বাবে গঠন কৰা ১৩টা গোটে ১৪০ গৰাকী ভোটদাতাৰ ঘৰে ঘৰে গৈ ভোটগ্রহণ কৰিব বুলি জানিব পৰা গৈছে। আজিৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব বুলি বৰপেটা নিৰ্বাচনী বিষয়াই প্ৰকাশ কৰিছে। বজালী জিলাতো বাসগৃহৰ পৰা ভোটদান প্রক্রিয়া অব্যাহত আছে। জিলাখনত এই ব্যৱস্থাৰে ৮৫ বয়সৰ ঊৰ্ধৰ আৰু ১০...

April 26, 2024 11:23 AM

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত

ৰাজ্যত হ'বলগীয়া তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বাকী ৪টা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত আছে। বাক্সা জিলাৰ বাৰেংগাবাৰীত কালি কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কোকৰাঝাৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কাইলৈ বাৰেংগাবাৰী লাচিত এম ই স্কুলৰ খেল পথাৰত হ'বলগীয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জনসভাৰ প্রস্তুতিৰো বুজ লয়। ইপিনে, কোকৰাঝাৰ সমষ্টিৰ বাবে অহা ৭ মে'ত হ'বলগীয়া ভোটগ্ৰহণৰ বাবে প্ৰশাসনে সকলো প...

April 22, 2024 8:16 PM

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৪৭ গৰাকী প্রার্থীৰ প্রতিদ্বন্দ্বিতা নিশ্চিত

ৰাজ্যখনৰ ৪টা সমষ্টিৰ বাবে হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৪৭ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰাতো নিশ্চিত হৈছে। আজি এই পৰ্যায়ৰ বাবে মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিনা কোকৰাঝাৰৰ ৩ গৰাকী আৰু ধুবুৰীৰ দুগৰাকী প্রার্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰে। আনফালে কোকৰাঝাৰ সমষ্টিত ১২ গৰাকী, ধুবুৰী সমষ্টিত ১৩ গৰাকী, বৰপেটা সমষ্টিত ১৪ গৰাকী আৰু গুৱাহাটী সমষ্টিত ৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা কৰে ৷ উল্লেখযোগ্য যে দ্বিতীয় পৰ্যায়ত অহা ২৬ এপ্রিলত আউটাৰ মণিপুৰৰ উপৰি দেশৰ ৮৮টা সংসদীয় সমষ্টিৰ বাবে হ'বল...