May 5, 2024 8:31 PM

বিজেপিয়ে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ সংৰক্ষণ সুৰক্ষিত তথা বৃদ্ধি কৰিবঃ বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে আজি পুনৰ কয় যে, বিজেপিয়ে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ সংৰক্ষণ সুৰক্ষিত তথা বৃদ্ধি কৰিব। তেওঁ আদিলাবাদৰ জনসাধাৰণক মোদীৰ গেৰাণ্টী আৰু কংগ্ৰেছৰ স্বজন-তোষণৰ ৰাজনীতিৰ মাজৰ যিকোনো এটাক বাচি ল'বলৈ আহ্বান জনায়। আদিলাবাদ লোকসভা সমষ্টিৰ ছিৰপুৰ কাগজনগৰত এটা নিৰ্বাচনী ৰেলীক সম্বোধন কৰি শ্ৰী শ্বাহে কয় যে, অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ অধিকাৰ সুৰক্ষিত কৰাৰ উদ্দেশ্যে কংগ্ৰেছ চৰকাৰে সম্প্ৰদায়ৰ...

May 5, 2024 7:06 PM

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযানৰ সামৰণি

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিছে। ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনা বিভিন্ন ৰাজনৈতিক দলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত বিভিন্ন ধৰণেৰে প্ৰচাৰ চলাই ৰাইজৰ মন জয় কৰাৰ চেষ্টা কৰে। বিজেপি নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি মহানগৰীৰ আজাৰাত গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলায়। ইফালে, ভাৰতীয় জনতা পাৰ্টিৰ যুব মৰ্চাই আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা লতাশিল খেলপথাৰলৈ...

May 5, 2024 1:01 PM

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিৰ বাবে ৭ মে’ত ভোটগ্ৰহণ

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিৰ বাবে অহা ৭ মে'ত ভোটগ্ৰহণ কৰা হ'ব। পূর্বে এই পৰ্যায়ত ৯৪ টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্রহণ হোৱাৰ কথা আছিল যদিও মধ্য প্ৰদেশৰ বেতুল লোকসভা সমষ্টিৰ ভোটগ্রহণ দ্বিতীয় পৰ্যায়ৰ পৰা তৃতীয় পৰ্যায়লৈ পিছুৱাই দিয়া হয়। আনহাতে, গুজৰাটৰ চুৰাট সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকী বিনাপ্রতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱাৰ বিপৰীতে জম্মু আৰু কাশ্মীৰৰ অনন্তনাগ ৰাজৌৰী সংসদীয় সমষ্টিৰ ভোটগ্ৰহণৰ তাৰিখৰ সালসলনি হোৱাৰ পৰিপ্ৰেক্ষিত...

May 5, 2024 12:57 PM

কামৰূপ নির্বাচনী জিলাৰ ৯৬৫ টা ভোটগ্রহণ কেন্দ্ৰত প্ৰশাসনৰ ভোটগ্ৰহণৰ প্ৰস্তুতি সম্পূৰ্ণ

তৃতীয় পৰ্যায়ত ভোটগ্রহণ হ'বলগীয়া গুৱাহাটী আৰু বৰপেটা সমষ্টিৰ অন্তৰ্গত কামৰূপ নির্বাচনী জিলাত ভোটগ্ৰহণৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। জিলাখনত ৯৬৫ টা ভোটগ্রহণ কেন্দ্ৰত ৮ লাখ ৩৮ হাজাৰ ৪৯৩ গৰাকীৰো অধিক ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব। ইয়াৰ ভিতৰত ৪ লাখ ১৮ হাজাৰৰো অধিক পুৰুষ আৰু ৪ লাখ ২০ হাজাৰৰো অধিক মহিলা ভোটদাতা। জিলাখনত ১৪,৮৮৭ গৰাকী ভোটদাতা প্ৰথমবাৰৰ বাবে পঞ্জীভুক্ত হৈছে। জিলাখনত নিৰ্বাচনী প্রস্তুতি দ্রুত গতিত অব্যাহত আছে আৰু দেওবাৰে ১৬ টা দুৰণিবতীয়া ভোটকেন্দ্ৰলৈ নির্বাচনী দায়িত্বত নিয়...

May 5, 2024 12:54 PM

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ৪টা সমষ্টিৰ অন্তৰ্গত জিলাসমূহত সুৰা নিষিদ্ধ ঘোষণা

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত পৰহিলৈ হ'বলগীয়া ভোটগ্ৰহণৰ বাবে ৪টা সমষ্টিৰ অন্তৰ্গত জিলা প্রশাসনসমূহে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে এই সমষ্টিসমূহৰ অধীনৰ ভোটকেন্দ্ৰসমূহলৈ বিষয়া- কৰ্মচাৰীসকল আজিৰে পৰা যোৱাৰ ব্যৱস্থা কৰা হৈছে। ইপিনে, আটাইকেইখন জিলাতে আজি বিয়লি ৫ বজাৰ পৰা ভোটগ্ৰহণৰ দিনা বিয়লি ৫ বজা পর্যন্ত সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে।

May 5, 2024 12:50 PM

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি অন্ত পৰিব। এই পৰ্যায়ত ৰাজ্যত ৪টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। চাৰিওটা সমষ্টিতে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলে নির্বাচনী প্ৰচাৰ তীব্ৰ কৰি তুলিছে। আজি বিয়লি ৫ বজাৰ লগে লগে গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিত প্ৰচাৰ অভিযানৰ অন্ত পৰিব। অহা ৭ মে'ত এই সমষ্টিকেইটাত ৪৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি বৰপেটা সমষ্টিৰ অগপ প্রার্থী ফণীভূষণ চৌধুৰীৰ হৈ বঙাইগাঁৱত নিৰ্বাচনী সভাত অংশগ্ৰহণ ...

May 11, 2024 6:46 PM

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনী প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ

◊ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথোঁ এটা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। ৰাজনৈতিক দলৰ নেতৃবৰ্গই ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভা আৰু ৰোড শ্বত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ দভংগাত বিজেপিৰ প্ৰাৰ্থী গোপালজী ঠাকুৰৰ সমৰ্থনত এখন জনসভাক সম্বোধন কৰিব। একেদৰে বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহ, কংগ্ৰেছ দলৰ নেত্ৰী...

May 3, 2024 11:25 AM

ৰাজ্যত তৃতীয় পৰ্যায়ত ৭ মে’ত হ’বলগীয়া নিৰ্বাচনত ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দিতা আগবঢ়াব

◊ ৰাজ্যখনত তৃতীয় পৰ্যায়ত অহা ৭ মেত হ'বলগীয়া নিৰ্বাচনত ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দিতা আগবঢ়াব। ইয়াৰ ভিতৰত ছগৰাকী মহিলা প্রার্থী আছে। আনহাতে, এইটো পৰ্যায়ত ৯ হাজাৰ ৫১৬ টা ভোটগ্রহণ কেন্দ্ৰত ৮১ লাখৰো অধিক ভোটদাতাই গণতান্ত্রিক অধইকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰ ভিতৰত ৪১ লাখৰো অধিক পুৰুষ, ৪০ লাখৰো অধিক মহিলা আৰু ১১১ গৰাকী তৃতীয় লিংগৰ ভোটদাতা। ৰাজ্যখনত তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই ৪ টা সমষ্টিৰ বাবে লোকসভা নির্বাচন অনুষ্ঠিত হ'ব। Read More : লোকসভা নিৰ্বাচনৰ ...

May 3, 2024 11:16 AM

৭ মে’ত অসমকে ধৰি দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ

♦ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাথোঁ দুটা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। এই পৰ্যায়ত অহা ৭ মে'ত অসমকে ধৰি দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত গুজৰাটৰ ২৫টা, কৰ্ণাটকৰ ১৪টা, মহাৰাষ্ট্ৰ ১১টা আৰু উত্তৰ প্ৰদেশৰ ১০টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। একেদৰে মধ্যপ্ৰদেশৰ ৯টা, ছট্টিশগড়ৰ ৭টা, বিহাৰৰ ৫টা, অসম আৰু পশ্চিমবংগ উভয়ৰে ৪টাকৈ আৰু গোৱা, দাদ্ৰা আৰু নগৰ হাৱেল...

May 2, 2024 1:01 PM

চৰকাৰ সংবিধানৰ পৱিত্রতা অক্ষুণ্ণ ৰাখিবলৈ বদ্ধপৰিকৰঃ প্রধানমন্ত্ৰী

◊ প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে, তেওঁৰ চৰকাৰ সংবিধানৰ পৱিত্রতা অক্ষুণ্ণ ৰাখিবলৈ বদ্ধপৰিকৰ। উত্তৰ গুজৰাটৰ বানাচকাৰ দিছা আৰু চাবৰকাণ্ঠা জিলাৰ হিম্মত নগৰত কালি নির্বাচনী সভাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। বানাচকাঠাত নিৰ্বাচনী সভাত ভাষণ দি শ্রীমোদীয়ে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিচপৰা শ্ৰেণীৰ বাবে সংৰক্ষণ ব্যৱস্থা বৰ্তাই ৰখা হ'ব বুলি আশ্বাস প্ৰদান কৰে। উন্নত ভাৰতৰ দৃষ্টিভংগীত গুৰুত্ব আৰোপ কৰি শ্ৰীমোদীয়ে কয় যে, তেওঁৰ চৰকাৰে পুনৰ ক্...