May 6, 2024 8:22 PM

দেশত কাইলৈ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিৰ বাবে ভোটগ্ৰহণ

দেশত কাইলৈ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত এহেজাৰ ৩৫১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইয়াৰ ভিতৰত ১২৩ গৰাকী মহিলা প্ৰাৰ্থী। উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ত অসমত ৪ খন, বিহাৰৰ ৫, ছত্তিশগড়ৰ ৭, গোৱাৰ দুখন, গুজৰাটৰ ২৫, কৰ্ণাটকৰ ১৪, মধ্যপ্ৰদেশৰ ৮, মহাৰাষ্ট্ৰৰ ১১, উত্তৰ প্ৰদেশৰ ১০, পশ্চিমবংগৰ ৪ তথা গোৱা, দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ দুখনকৈ আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ সম্পন্ন হোৱাৰ লগে লগে উত্তৰ-পূবৰ আটাই...

May 6, 2024 8:18 PM

তৃতীয় পর্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই ৪ টা সমষ্টিৰ বাবে কাইলৈ লোকসভা নির্বাচন

ৰাজ্যখনত তৃতীয় পর্যায়ত কাইলৈ গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই ৪ টা সমষ্টিৰ বাবে লোকসভা নির্বাচন অনুষ্ঠিত হ'ব। গুৱাহাটী সমষ্টিত বিজেপি মিত্রজোটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে প্রতিদ্বন্দিতা আগবঢ়াব। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত গুৱাহাটী সমষ্টিটোত গোৱালপাৰা, কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ ১০ টা বিধানসভা সমষ্টি সামৰি লোৱা হৈছে। সম্প্রতি এন ডি এৰ সাংসদ কুইন ওজাই প্রতিনিধিত্ব কৰা এই সমষ্টিটো ইয়াৰ পূৰ্বে বিজেপিৰ বিজয়া চক্রবর্তী আৰু ২০০৪ চনত কংগ্ৰেছ দ...

May 6, 2024 8:19 PM

ৰাজ্যত তৃতীয় পর্যায়ত কাইলৈ ৪টা সমষ্টিত ৬ গৰাকী মহিলা প্রার্থীকে ধৰি ৪৭ গৰাকী প্রার্থীৰ প্রতিদ্বন্দ্বীতা

ৰাজ্যখনত কাইলৈ লোকসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পর্যায়ৰ ভোটগ্রহণত ৯ হাজাৰ ৫১৬ টা ভোট কেন্দ্ৰত ভোটগ্রহণৰ বাবে প্রস্তুতি সম্পূর্ণ হৈছে। এই পর্যায়ত ৪টা সমষ্টিত ৬ গৰাকী মহিলা প্রার্থীকে ধৰি ৪৭ গৰাকী প্রার্থী প্রতিদ্বন্দ্বীতাত অৱতীর্ণ হ'ব। আজি ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে জনতা ভৱনত এখন সংবাদমেলত এই বিষয়ে প্রকাশ কৰে। তেওঁ কয় যে, এই পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৮১ লাখ ৪৯ হাজাৰ ৯১ গৰাকী ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰ ভিতৰত ৪১ লাখৰো অধিক পুৰুষ আৰু ৪০ লাখৰো অধিক মহ...

May 6, 2024 6:48 PM

লোকসভা নির্বাচনৰ তৃতীয় পর্যায়ত ৫০ শতাংশ ভোটগ্রহণ কেন্দ্রত ৱেবকাষ্টিঙৰ ব্যৱস্থা

অসমত কাইলৈ লোকসভা নির্বাচনৰ তৃতীয় পর্যায়ৰ ভোটগ্রহণৰ বাবে নির্বাচনী কর্মী দলসমূহক বিভিন্ন ভোটগ্রহণ কেন্দ্রলৈ পঠিওৱা হৈছে। এই পর্যায়ত ৰাজ্যখনৰ ৪ খন আসনৰ বাবে ছগৰাকী মহিলাসহ মুঠ ৪৭ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে। ৰাজ্যত ৮১ লাখৰো অধিক ভোটদাতাৰ বাবে ৯ হাজাৰ ৫০০ টা ভোটগ্রহণ কেন্দ্র স্থাপন কৰা হৈছে। জ্যেষ্ঠ আৰক্ষী বিষয়াই জনাইছে যে অসমৰ সৈতে সংযুক্ত আন্তঃৰাষ্ট্ৰীয় সীমাসমূহ ইতিমধ্যে ছীল কৰি দিয়া হৈছে। আনহাতে, গুৰুত্বপূর্ণ ভোটকেন্দ্রসমূহত কেন্দ্রীয় সশস্ত্র আৰক্ষী বাহিনী নিয়োগ কৰাৰ লগতে কমেও ৫০ শত...

May 6, 2024 6:44 PM

ৰাজ্যত কাইলে লোকসভা নির্বাচনৰ তৃতীয় তথা অন্তিম পর্যায়ৰ ভোটগ্রহণ

ৰাজ্যত কাইলে লোকসভা নির্বাচনৰ তৃতীয় তথা অন্তিম পর্যায়ৰ ভোটগ্রহণ কৰা হ'ব। ইয়াৰ পৰিপ্ৰেক্ষিতত নির্বাচন আয়োগে যাৱতীয় প্রস্তুতি সম্পূর্ণ কৰি তুলিছে। ৰাজ্যখনত কাইলৈ লোকসভা নির্বাচনৰ তৃতীয় পর্যায়ৰ ভোটগ্রহণৰ বাবে নির্বাচনী কর্মী দলসমূহক বিভিন্ন ভোটগ্রহণ কেন্দ্রলৈ পঠিওৱা হৈছে। এই পর্যায়ত ৰাজ্যখনৰ ৪ খন আসনৰ বাবে ছগৰাকী মহিলাসহ মুঠ ৪৭ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে। ৰাজ্যত ৮১ লাখৰো অধিক ভোটদাতাৰ বাবে ১ হাজাৰ ৫০০ টা ভোটগ্রহণ কেন্দ্র স্থাপন কৰা হৈছে। এই পর্যায়ত দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত ...

May 6, 2024 6:42 PM

তৃতীয় পর্যায়ত ভোটগ্রহণ হ’বলগীয়া জিলাসমূহত সতর্কতামূলক ব্যৱস্থা গ্রহণ

ৰাজ্যত তৃতীয় পর্যায়ত হ'বলগীয়া নির্বাচনৰ প্রতি লক্ষ্য ৰাখি জিলা প্রশাসন আৰু আৰক্ষী প্রশাসনসমূহে ভোটদাতাৰ সজাগতামূলক ব্যৱস্থা গ্রহণ কৰাৰ লগতে নির্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈ বিহিত ব্যবস্থা লৈছে। ভোটগ্রহণ হ'বলগীয়া জিলাসমূহত সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰা হৈছে। ইয়াৰ লগতে সংশ্লিষ্ট জিলাসমূহত সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। তদুপৰি ভোট গণনাৰ দিনা অর্থাৎ ৪ জুনৰ দিনাও সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। এই নির্দেশনা উলংঘা কৰিলে অসম আবকাৰি আইন আৰু বিধিৰ প্ৰাসংগিক ধাৰা আৰু জনপ্রতিনিধিত্ব আইনৰ অধীনত ব্যৱস্থ...

May 6, 2024 1:46 PM

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ ভোটদাতাৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ

♦ ৰাজ্যত তৃতীয় পৰ্যায়ত হ’বলগীয়া নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনসমূহে ভোটদাতাৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নির্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা লৈছে। ভোটগ্রহণ হ'বলগীয়া জিলাসমূহত সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ লগতে সংশ্লিষ্ট জিলাসমূহত সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। কামৰূপ জিলাত ৫ নম্বৰ গুৱাহাটী আৰু ৩ নম্বৰ বৰপেটা লোকসবা সমষ্টিৰ বাবে হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলা আয়ুক্তই কালি বিয়লি ৫ বজাৰ পৰা ৭ মে'ৰ বিয...

May 6, 2024 1:16 PM

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনটোত নামনি অসমত সাময়িকভাৱে ৰে’ল চলাচল বন্ধ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ

♦ অসম ৰে’ল যাত্ৰী সংস্থাৰ আপত্তি মৰ্মে কাইলৈ ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনটোত উত্তৰ-পূব সীমান্ত ৰে'লৱেই নামনি অসমত সাময়িকভাৱে ৰে'ল চলাচল বন্ধ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেই ঘগ্ৰাপাৰ ষ্টেচনত ফুট অভাৰব্ৰীজ নিৰ্মাণ আৰু দ্বৈত ৰে'লপথ নিৰ্মাণ সংক্ৰান্তীয় কামৰ বাবে কাইলৈ কেইঘণ্টামানৰ বাবে এই ৰে'ল পথছোৱাৰে ৰে'লৰ চলাচল বন্ধ কৰিছিল।

May 5, 2024 8:57 PM

অসমত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৪৭ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

ৰাজ্যখনত তৃতীয় পৰ্যায়ত পৰহিলৈ হবলগীয়া নিৰ্বাচনত ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইয়াৰ ভিতৰত ছগৰাকী মহিলা প্ৰাৰ্থী আছে। আনহাতে, এইটো পৰ্যায়ত ৯,৫১৬ টা ভোটগ্রহণ কেন্দ্ৰত ৮১ লাখৰো অধিক ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰ ভিতৰত ৪১ লাখৰো অধিক পুৰুষ, ৪০ লাখৰো অধিক মহিলা আৰু ১১১ গৰাকী তৃতীয় লিংগৰ ভোটদাতা। সংশোধিত চূড়ান্ত ভোটদাতাৰ তালিকা অনুসৰি অসমত প্রায় ২ কোটি ৪৩ লাখ ভোটদাতাই এইবাৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিছে। ইয়াৰ ভিতৰত ১ কোটি ২১ ...

May 11, 2024 4:48 PM

৭ মে’ত অসমকে ধৰি দেশৰ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ ভোটগ্ৰহণ

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে আজি প্ৰচাৰ অভিযানৰ সামৰণি পৰিছে। প্ৰচাৰ অভিযানৰ অন্তিম মুহূৰ্তত সকলো ৰাজনৈতিক দলৰ নেতাই ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে অন্তিম প্ৰয়াস চলোৱা পৰিলক্ষিত হয় ৷ এই পৰ্যায়ত অহা ৭ মে'ত অসমকে ধৰি দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। পূৰ্বে এইটো পৰ্যায়ত মুঠ ৯৪টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰাৰ কথা আছিল যদিও মধ্যপ্ৰদেশৰ বেটুল লোকসভা সমষ্টিৰ ভোটগ্রহণ দ্বিতীয় পৰ্যায়ৰ পৰা তৃতীয় পৰ্যায়লৈ পিছুৱাই দিয়া হয়। আনহাতে, গু...