April 27, 2024 11:23 AM

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ প্ৰায় শান্তিপূর্ণভাৱে সম্পন্ন

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ কালি প্ৰায় শান্তিপূর্ণভাৱে সম্পূৰ্ণ হয়। সমাজৰ সকলো শ্ৰেণীৰ লোকে প্রচণ্ড গ্রীষ্ম প্রবাহকো নেওচি ভোটগ্রহণত অংশগ্ৰহণ কৰে। ১৩খন ৰাজ্যৰ ৮৮টা সমষ্টি সামৰি হোৱা এই পৰ্যায়ৰ নিৰ্বাচনত সামগ্ৰিকভাৱে প্ৰায় ৬৮ দশমিক ৪৮ শতাংশ ভোটদান হয়। মধ্য প্ৰদেশৰ বেটুল সংসদীয় সমষ্টিৰ বাবেও কালি ভোটগ্রহণ হোৱাৰ কথা আছিল যদিও বি এছ পিৰ প্ৰাৰ্থীৰ্গৰাকীৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত ভোটগ্রহণ তৃতীয় পৰ্যায়লৈ পিছুৱাই দিয়া হৈছে। এই পর্যায়ত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা আগশাৰীৰ নে...

April 26, 2024 11:11 AM

লোকসভা নির্বাচনৰ দ্বিতীয় পর্যায়ৰ ভোটগ্রহণ অব্যাহত

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ আজি পুৱা ৭ বজাত আৰম্ভ হৈছে। এই পৰ্যায়ত ১২খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৮৮ খন আসনক সামৰি লোৱা হৈছে। এই সমষ্টিকেইটাৰ লগতে আউটাৰ মণিপুৰ লোকসভা সমষ্টিৰ বাকী অংশৰ বাবেও ভোটগ্ৰহণ আৰম্ভ হৈছে। এই পৰ্যায়ত অসমত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিৰ বাবে ভোটগ্ৰহণ আৰম্ভ হৈছে। শিলচৰ সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই আজি পুৱাৰ ভাগতে সমষ্টিটোৰ ধলাইত ভোটৰ অধিকাৰ সাব্যস্ত কৰে। নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ...

April 25, 2024 5:22 PM

কাইলৈ ১৩খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৮ খন আসনৰ বাবে ভোটগ্রহণ

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে কাইলৈ ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত আউটাৰ মণিপুৰ লোকসভা সমষ্টিৰ বাকী অংশৰ উপৰি ১৩খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৮ খন আসনৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। মধ্য প্ৰদেশৰ বেটুল সংসদীয় সমষ্টিৰ বাবেও দ্বিতীয় পৰ্যায়তে ভোটগ্রহণ হোৱাৰ কথা আছিল যদিও বি এছ পিৰ প্ৰাৰ্থীৰ্গৰাকীৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত এতিয়া তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত অউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ ৪ গৰাকী প্ৰাৰ্থীসহ মুঠ এহেজাৰ ১৯৮ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় ...

April 25, 2024 11:01 AM

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ কাইলৈ ভোটগ্রহণ

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে কাইলৈ ভোটগ্রহণ কৰা হ'ব। এই পৰ্যায়ত আউটাৰ মণিপুৰ লোকসভা সমষ্টিৰ বাকী অংশৰ উপৰি ১৩খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৮ খন আসনৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। মধ্য প্ৰদেশৰ বেটুল সংসদীয় সমষ্টিৰ বাবেও দ্বিতীয় পৰ্যায়তে ভোটগ্রহণ হোৱাৰ কথা আছিল যদিও বি এছ পিৰ প্ৰাৰ্থীগৰাকীৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত এতিয়া তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত অউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ ৪ গৰাকী প্ৰাৰ্থীসহ মুঠ এহেজাৰ ১৯৮ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় হ'...

April 22, 2024 8:11 PM

ৰাজ্যখনত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজ্যখনত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান পৰহিলৈ অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। এই পৰ্যায়ত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিত নির্বাচন হ'ব। আনহাতে তৃতীয় পৰ্যায়ত ৰাজ্যখনত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ বাবেও ব্যাপক প্ৰচাৰ অব্যাহত আছে। দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ এন ডি এৰ প্রার্থী দিলীপ শ‍ইকীয়াৰ সমৰ্থনত আজি মন্ত্ৰী অশোক সিংঘালে তামুলপুৰত নিৰ্বাচনী প্ৰচাৰ চলায়। তামুলপুৰ ...

April 20, 2024 8:06 PM

২৬ এপ্ৰিলত দেশৰ ৮৭ টা সংসদীয় সমষ্টিৰ বাবে হ’বলগীয়া নিৰ্বাচনত ১,১৯৮ গৰাকীৰ প্ৰতিদ্বন্দিতা

দ্বিতীয় পর্যায়ত অহা ২৬ এপ্ৰিলত দেশৰ ৮৭ টা সংসদীয় সমষ্টিৰ বাবে হ'বলগীয়া নিৰ্বাচনত এহেজাৰ ১৯৮ গৰাকীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব। দ্বিতীয় পৰ্যায়ত অসমত ৬১ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দিতা আগবঢ়াব। কৰিমগঞ্জত ২৪, নগাওঁত ১৩, দৰং-ওদালগুৰিত ১১, শিলচৰত ৮ আৰু ডিফুত ৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব। এই পৰ্যায়ত ৰাজ্যখনৰ দৰং-ওদালগুৰি সমষ্টিত এন ডি এৰ প্ৰাৰ্থী তথা সাংসদ দিলীপ শ‍ইকীয়া, কংগ্ৰেছৰ মাধৱ ৰাজবংশী আৰু বিপিএফৰ দুৰ্গাদাস বড়োয়ে প্রতিদ্বন্দিতা আগবঢ়াব। ইপিনে, শিলচৰত বিজেপি মিত্রজোটৰ পৰিম...