ছিংগাপুৰত সোমবাৰে ভাৰত-ছিংগাপুৰৰ মন্ত্ৰী পৰ্যায়ৰ দ্বিতীয়লানি ঘূৰণীয়া মেজমেল

ভাৰত আৰু ছিংগাপুৰৰ মন্ত্ৰী পৰ্যায়ৰ দ্বিতীয়লানি ঘূৰণীয়া মেজমেল ছিংগাপুৰত সোমবাৰে অনুষ্ঠিত হ’ব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ, বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেল আৰু ৰে’ল, তথ্য প্ৰযুক্তি, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিব। ভ্রমণ কালত মন্ত্ৰী কেইগৰাকীয়ে ছিংগাপুৰৰ বাণিজ্য আৰু উদ্যোগ, বিদেশ, ৰে’ল আৰু তথ্য প্ৰযুক্তি মন্ত্ৰীৰ সৈতে মত বিনিময় কৰিব আৰু দেশখনৰ নেতৃবৰ্গক সাক্ষাৎ কৰিব। বিদেশ মন্ত্ৰ্যালয়ে কৈছে যে, ভাৰত-ছিংগাপুৰ মন্ত্ৰীপৰ্যায়ৰ ঘূৰণীয়া মেজমেল দুয়ো দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ বাবে নতুন কাৰ্যসূচী নিৰ্ধাৰণ কৰাৰ এটা অনন্য ব্যৱস্থা। নতুন দিল্লীত ২০২২ চনৰ ছেপ্তেম্বৰত প্ৰথমখন ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল। মন্ত্ৰালয়ে কৈছে যে এই বৈঠকে দুয়ো পক্ষকে উভয় দেশৰ মাজত কৌশলগত সহযোগিতাৰ বিভিন্ন দিশৰ পৰ্যালোচনা চলোৱাৰ আৰু এই সহযোগিতা সম্প্ৰসাৰণৰ নতুন এলেকা চিনাক্তকৰণৰ সুযোগ প্ৰদান কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।