ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন দুদিনীয়া ভ্ৰমণসূচীৰে চীনত উপস্থিত

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি পুৱা চীনত উপস্থিত হৈছে। ৰাষ্ট্ৰপতি হিচাপে পঞ্চমটো কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰীপুটিনৰ এয়া প্ৰথমটো বিদেশ ভ্ৰমণ। বিমানবন্দৰত চীনৰ চৰকাৰী বিষয়াসকলে শ্রীপুটিনক আদৰণি জনায়। ৰাছিয়াৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ে প্ৰকাশ কৰা মতে শ্রীপুটিনে আজি চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সৈতে বৈঠকত মিলিত হ’ব আৰু দুয়োগৰাকী নেতাই যুটীয়া তথ্যপাতিত স্বাক্ষৰ কৰিব। শ্রীপুটিনৰ সৈতে দেশখনৰ বিদেশ মন্ত্রী ছাৰ্গে লেভৰভ, নতুন প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰে বেলৌছ’ভ, উপ-প্রধানমন্ত্ৰী আৰু বিভিন্ন কোম্পানীৰ মুৰব্বীসকলো আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।