নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অধ্যক্ষতাত পৰ্যালোচনা বৈঠক

ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অধ্যক্ষতাত আজি নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত মন্ত্ৰীগৰাকীৰ অধীনৰ বিভাগসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰা হয়। এই বৈঠকত বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী, শশীকান্ত দাস, জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ লগতে জিলা পৰিষদৰ বিষয়া আৰু আৰক্ষী বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।