লখিমপুৰত কাইলৈ অৰুণোদয় আৰু এনএফএছ এক্টৰ হিতাধিকাৰীয়ে লাভ কৰা ৰেচন কাৰ্ডৰ উদ্বোধনী অনুষ্ঠান

লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি অতিৰিক্ত আয়ুক্ত কোকিলা গগৈয়ে তৃতীয় পর্যায়ৰ অৰুণোদয় আৰু এন এফ এছ এক্টৰ অধীনৰ হিতাধিকাৰীসকলৰ নতুনকৈ ৰেচন কার্ড লাভ কৰা কার্যসূচী সম্বন্ধে এখন সংবাদমেল আয়োজন কৰে। কাইলৈ দিনৰ ১১ বজাত কেন্দ্রীয়ভাৱে তৃতীয় পর্যায়ৰ অৰুণোদয় আৰু এন এফ এছ এক্টৰ হিতাধিকাৰীয়ে লাভ কৰা ৰেচন কাৰ্ডৰ কেন্দ্রীয়ভাৱে উদ্বোধন কৰিব। অসমৰ ১২৬ টা বিধানসভা সমষ্টিতে একে সময়তে অনুষ্ঠানটোৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হ’ব। লখিমপুৰ বিধানসভা সমষ্টিৰ বগীনদীত ১০ হাজাৰ, নাওবৈচা সমষ্টিৰ পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ৫ হাজাৰ আৰু বিহপুৰীয়া বিধানসভা সমষ্টিৰ বাবে নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৫ হাজাৰ লোকৰ উপস্থিতি আশা কৰা হৈছে বুলি অতিৰিক্ত আয়ুক্তই প্রকাশ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।