পশ্চিমবংগৰ কনিষ্ঠ চিকিৎসকৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ জৰুৰীকালীন কর্তব্যত পুনৰ যোগদান

পশ্চিমবংগৰ প্ৰতিবাদৰত কনিষ্ঠ চিকিৎসকলে চিকিৎসা মহাবিদ্যালয়সমূহৰ জৰুৰীকালীন কর্তব্যত পুনৰ যোগদান কৰিছে। তেওঁলোকে আৰ জি কৰ চিকিৎসা মহাবিদ্যালৰ এগৰাকী কৰ্মৰত চিকিৎসকৰ ধৰ্ষণৰ আৰু বৰ্বৰ হত্যাৰ ঘটনাৰ পাছৰ ৪২ দিনীয়া প্ৰতিবাদৰ অন্ত পেলাই কনিষ্ঠ চিকিৎসকলে পুনৰ কৰ্তব্যত যোগদান কৰিছে। ৰাজ্য চৰকাৰে ৰাজ্যখনৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালসমূহৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে ১০টা নিৰ্দেশনা জাৰি কৰিছে। কনিষ্ঠ চিকিৎসকলে বৰ্তমানলৈকে বহিঃচিকিৎসা সেৱা বিভাগত এতিয়ালৈকে যোগদান কৰা নাই আৰু ন্যায়ৰ বাবে প্ৰতিবাদ অব্যাহত থাকিব বুলি জানিবলৈ দিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।