ঢকুৱাখনা মহকুমা প্রাথমিক শিক্ষক সন্মিলনীৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি, শিক্ষক ভৱন মুকলি

ঢকুৱাখনা মহকুমা প্রাথমিক শিক্ষক সন্মিলনী প্ৰতিষ্ঠাৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি তথা নৱনিৰ্মিত শিক্ষক ভৱন কালি মুকলি কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি বিধায়ক নৱ কুমাৰ দলে ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ কৰি ঢকুৱাখনা মহকুমা প্রাথমিক শিক্ষক সন্মিলনীলৈ শুভেচ্ছা জনায়। ভাষণত বিধায়কগৰাকীয়ে এই নতুন শিক্ষক ভৱনৰ মুকলিয়ে ন-উদ্যমেৰে সন্মিলনীৰ কাম-কাজ আগুৱাই নিবলৈ সকলোকে অনুপ্রাণিত কৰিব বুলি প্ৰকাশ কৰে। অনুষ্ঠানত ঢকুৱাখনা মহকুমাৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি পৰমা কোঁৱৰ, সাংবাদিক নিতুমণি শ‍ইকীয়াৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।