অসম গোর্খা সন্মিলনীয়ে তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাত গোর্খা জনগোষ্ঠীৰ লগতে অন্যান্য জনজাতীয় লোকৰ সুবিধা হোৱাকৈ কাৰ্য সম্পন্ন কৰা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণাৰ শলাগ লৈছে। গোর্খা সন্মিলনীৰ সভাপতি কৃষ্ণ ভূজেলে, গোর্খা আৰু চাহ জনগোষ্ঠীৰ লোকসকলে তৃতীয় প্ৰজন্মৰ প্ৰমাণপত্ৰ অবিহনে অতি সহজ আৰু সৰল প্ৰক্ৰিয়াৰে মাটিৰ পট্টা লাভ কৰিব পৰাকৈ ৰাজ্য চৰকাৰে কৰা ব্যৱস্থাৰ বাবে ধন্যবাদ জনায়। উল্লেখযোগ্য যে, তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ সুবিধা লাভৰ বাবে নির্দিষ্ট ভূমিত সংশ্লিষ্ট লোকজন তিনিটা প্রজন্ম ধৰি বসবাস কৰা হ’ব লাগিব। অৱশ্যে এই ক্ষেত্ৰত গোর্খা আৰু চাহ জনগোষ্ঠীক তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰৰ পৰা ৰেহাই দিয়া হৈছে। ৰাজ্যত অহা অক্টোবৰ মাহত তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ কামকাজ আৰম্ভ হ’ব। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাত থাকি যোৱা আবেদনকাৰীসকলৰ আবেদন তৃতীয় পৰ্যায়ত পৰীক্ষণ কৰা হ’ব। তদুপৰি তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাত সামাজিক সংস্থা, শিক্ষানুষ্ঠান, দেৱোত্তৰ ব’ৰ্ডৰ ভূমি ম্যাদী পট্টাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰা হ’ব। এই পৰ্যায়ত ভূমি সম্পৰ্কীয় সকলো কাম ৰাজ্য চৰকাৰে গুৱাহাটীৰ পৰাই তদাৰক কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত কালি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এস্কেলেচন মেট্রিক্স, ই-চিথা, ভূমি মূল্যায়ন প্রমাণপত্ৰ আৰু জনসাধাৰণৰ সঁহাৰি দিয়াৰ বাবে অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এটা প’ৰ্টেল মুকলি কৰে। এস্কেলেচন মেট্রিক্সৰ সহায়ত অসম লোকসেৱা অধিকাৰ আইনৰ অধীনৰ বিষয়সমূহ নিৰ্ধাৰিত সময়ত নিষ্পত্তি কৰাত সহায় হ’ব। আনহাতে, ই-চিথা সেৱা সেঁতু প’ৰ্টেলৰ মাধ্যমত ভূমি ক্রেতাসকলক যিকোনো ভূমিৰ স্বত্বাধিকাৰী সম্পর্কে জনাত সহায় কৰিব ।
Site Admin | September 9, 2024 11:29 AM | cm himanta biswa sarma gorkha and tea tribe thanks
গোর্খা আৰু চাহ জনগোষ্ঠীৰ লোকসকলে তৃতীয় প্ৰজন্মৰ প্ৰমাণপত্ৰ অবিহনে মাটিৰ পট্টা লাভৰ ব্যৱস্থাৰ বাবে চৰকাৰক ধন্যবাদ গোৰ্খা সন্মিলনীৰ