খেল

June 14, 2024 7:55 PM

আই চি চি টি-২০ বিশ্বকাপত আজি নিশা ৮ বজাত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আয়াৰলেণ্ডৰ সন্মুখীন হ’ব

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ট্ৰিনিডাদৰ ব্ৰিয়ান লাৰা ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ-চিৰ এখন খেলত আজি পুৱা আফগানিস্তানে পাপুৱা নিউগিনিক ৭ উইকেটত পৰাস্ত কৰে। খেলখনত পাপুৱা নিউগিনিয়ে ১৯.৫ অভাৰত ৯৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে আফগানিস্তানে ১৫.১ অভাৰত ৩টা উইকেট হেৰুৱাই ১০১ ৰান সংগ্ৰহ কৰে। আনহাতে...

June 14, 2024 4:31 PM

আই চি চি টি-২০ বিশ্বকাপত আফগানিস্তানে পাপুৱা নিউগিনিক ৭ উইকেটত পৰাস্ত

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ট্ৰিনিডাদৰ ব্ৰিয়ান লাৰা ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ-চিৰ এখন খেলত আজি পুৱা আফগানিস্তানে পাপুৱা নিউগিনিক ৭ উইকেটত পৰাস্ত কৰে। জয়ৰ বাবে ৯৬ ৰাণৰ লক্ষ্য আগত লৈ আফগানিস্তানে ১৫ অভাৰ এটা বলত তিনিটা উইকেটৰ বিনিময়ত ১০১ ৰাণ কৰি বিজয় সাব্যস্ত কৰে। দলটোৰ হৈ গোলবদি...

June 14, 2024 12:08 PM

বিশ্ব জুনিয়ৰ ডবা প্ৰতিযোগিতাত দিব্যা দেশমুখৰ খিতাপ দখল

ভাৰতৰ দিব্যা দেশমুখে ছোৱালীৰ বিশ্ব জুনিয়ৰ ডবা প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। গুজৰাটৰ গান্ধীনগৰত গিফ্‌ট চিটী ক্লাৱত অনুষ্ঠিত খেলত খেলুৱৈগৰাৰীয়ে বুলগেৰিয়াৰ বেলোস্লেভা ক্ৰাচস্তিভাক পৰাস্ত কৰি এই খিতাপ লাভ কৰে। শীৰ্ষ বাছনিৰ দিব্যাই ক্ৰাচস্তিভাক দশম ৰাউণ্ডত মাত্ৰ ২৬ মিনিটত পৰাস্ত কৰে। এয়া হৈছে দিব্যাৰ...

June 14, 2024 12:06 PM

থ্ৰী ষ্টাৰ গ্ৰাঁ পী অশ্বচালনা প্রতিযোগিতাত খিতাপ অৰ্জনেৰে শ্ৰুতি ৱোৰাৰ ইতিহাস ৰচনা

ভাৰতৰ শ্ৰুতি ৱোৰাই থ্ৰী ষ্টাৰ গ্ৰাঁ পী অশ্বচালনা প্রতিযোগিতাৰ খিতাপ অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে। শ্ৰুতি ৱোৰা এই খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় অশ্বাৰোহী। খেলুৱৈগৰাকীয়ে শ্লোভেনিয়াৰ লিপিকাত অনুষ্ঠিত এফ আই আই ড্রেছেজ বিশ্বকাপত ৬৭.৬–১ পইণ্ট লাভ কৰি প্ৰথম স্থান দখল কৰে। ভাৰতীয় অশ্বাৰোহী সংঘৰ সম্পাদক...

June 13, 2024 7:54 PM

অষ্ট্ৰেলিয়ান অ’পেন বেডমিণ্টনৰ পুৰুষৰ ছিংগলচৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ এইচ এছ প্ৰণয় আৰু সমীৰ বার্মা

ভাৰতৰ বেডমিণ্টন খেলুৱৈ এইচ এছ প্ৰণয় আৰু সমীৰ বার্মা অষ্ট্ৰেলিয়ান অ'পেন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলচৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছিডনীত আজি অনুষ্ঠিত ৰাউণ্ড অব ছিক্সটিনৰ এখন খেলত পঞ্চম বাছনিৰ প্ৰণয়ে কেৱল মাত্র ৪৬ মিনিটত ইজৰাইলৰ মিশা জীবাৰমানক ২১-১৭, ২১–১৫ গেমত পৰাস্ত কৰে। আনখন খেলত সমীৰ বাৰ্মাই ...

June 13, 2024 4:49 PM

আই চি চি টি-২০ বিশ্বকাপত নিশা ৮ বজাত বাংলাদেশ নেডাৰলেণ্ডছৰ সন্মুখীন হ’ব

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ৱেষ্ট ইণ্ডিজৰ কিংষ্টনত হ’বলগীয়া এখন খেলত বাংলাদেশ নেডাৰলেণ্ডছৰ সন্মুখীন হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। আজি পুৱা ত্রিনিদাদৰ ব্ৰিয়ান লাৰা ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত ৱেষ্ট ইণ্ডিজে নিউজিলেণ্ডক ১৩ ৰানত পৰাস্ত কৰে। এই জয...

June 13, 2024 12:02 PM

টি-২০ বিশ্বকাপ ক্রিকেটৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰক ৭ উইকেটত পৰাস্ত ভাৰতৰ, ছুপাৰ ৮ত স্থান নিশ্চিত

ভাৰতে যোৱা নিশা নিউয়ৰ্কৰ নাছাউকাণ্টিত অনুষ্ঠিত আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰক ৭ উইকেটত পৰাস্ত কৰে। ভাৰতে এই জয়ৰ সুবাদত প্ৰতিযোগিতাৰ ছুপাৰ-এইট পর্যায়ত স্থান নিশ্চিত কৰিছে। খেলখনত আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ...

June 13, 2024 11:46 AM

মহাৰাষ্ট্ৰত অনুষ্ঠিত পাঞ্জাত অসমৰ চেতনা শৰ্মাৰ চেম্পিয়ন অৱ চেম্পিয়নৰ খিতাপ অৰ্জন

অসমৰ চেতনা শৰ্মাই মহাৰাষ্ট্ৰত অনুষ্ঠিত মহিলাৰ পাঞ্জাত চেম্পিয়ন অৱ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে। মহাৰাষ্ট্ৰ পাঞ্জা সন্থাৰ উদ্যোগত ৬ জুনৰ পৰা ১০ জুনলৈ নাগপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাখনৰ ছিনিয়ৰ ৬৫ কিলোগ্ৰাম শাখাত শ্ৰীমতী শৰ্মাই স্বর্ণপদক অৰ্জন কৰে। অসমৰ খেলুৱৈগৰাকীয়ে হাৰিয়ানাৰ ৯৫ কিল...

June 12, 2024 5:59 PM

প্রাক্তন ফুটবল খেলুৱৈ, প্ৰশিক্ষক টি কে চাথুন্নীৰ দেহাৱসান

প্রাক্তন ফুটবল খেলুৱৈ তথা প্ৰশিক্ষক টি কে চাথুন্নীৰ আজি পুৱা কেৰালাৰ এৰ্ণাকুলাম জিলাৰ কাৰুকুট্টিৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ। দেশৰ এগৰাকী অতি সফল ফুটবল প্রশিক্ষক হিচাপে পৰিচিত চাথুন্নী কোচিন এফ চি, চাৰ্ছিল ব্ৰাডাৰ্ছ, ডেম্প’ এফ চি, মোহন বাগান, ছালগাওকাৰ...

June 12, 2024 1:47 PM

ফিফা বিশ্বকাপ ২০২৬ এ এফ চি কোৱালিফায়াৰ প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত ভাৰতীয় পুৰুষ দল ১-২ গ’লত পৰাস্ত

ডোহাত অনুষ্ঠিত ফিফা বিশ্বকাপ ২০২৬ এ এফ চি কোৱালিফায়াৰ প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত ভাৰতীয় পুৰুষ দলটোৱে বৰ্তমানৰ এছিয়ান চেম্পিয়ন কাটাৰৰ বিৰুদ্ধে ১-২ গ’লত পৰাস্ত হয়। ভাৰতৰ হৈ ললিয়ানজুয়ালা ছাংটেই ৩৭ মিনিটত প্ৰথমটো গ'ল দি দলক অগ্রগতি প্ৰদান কৰে যদিও কাটাৰৰ যোচেফ আয়মেনে ৭৩ মিনিটত গল দিবলৈ সমৰ্থ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।