খেল

July 6, 2024 5:35 PM

আজি বিয়লি আহমেদাবাদত গুজৰাট ৰাজ্যিক কংগ্ৰেছৰ কর্মীসভাত ৰাহুল গান্ধীয়ে অংশগ্ৰহণ কৰিব

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে আজি বিয়লি আহমেদাবাদত গুজৰাট ৰাজ্যিক কংগ্ৰেছৰ এখন কর্মীসভাত অংশগ্ৰহণ কৰিব। এদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যখনলৈ যোৱা শ্ৰী গান্ধীয়ে গুজৰাটৰ ৰাজকোট ক্রীড়া মণ্ডলৰ অগ্নিকাণ্ডৰ ঘটনাৰ লগতে অন্যান্য কেইবাটাও ঘটনাৰ ভুক্তভোগীসকলক সাক্ষাৎ কৰিব। কংগ্ৰেছ নেতাগৰাকীয়ে বৰ্তমান আৰ...

July 6, 2024 12:29 PM

মহিলা ক্রিকেটৰ তিনিখনীয়া টি-২০ শৃংখলাৰ প্ৰথমখনত দক্ষিণ আফ্ৰিকাৰ হাতত ভাৰত পৰাস্ত

চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত মহিলা ক্রিকেটৰ তিনিখনীয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত কালি নিশা দক্ষিণ আফ্ৰিকাই ভাৰতক ১২ ৰানত পৰাস্ত কৰে৷ জয়ৰ বাবে ১৯০ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতীয় মহিলাৰ দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত ৪ উইকেট হেৰুৱাই ১৭৭ ৰানহে কৰিবলৈ সমৰ্থ হয়। টছত ...

July 6, 2024 12:24 PM

ইউৰো কাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত স্পেইন বনাম ফ্ৰান্স

ইউৰো কাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত স্পেইন ফ্ৰান্সৰ মুখামুখি হ'ব। জাৰ্মানীৰ ষ্টুটগার্টত অনুষ্ঠিত প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত স্পেইনে জার্মানীক ২-১ গলত পৰাস্ত কৰে। স্পেইনৰ ডানী অল্‌মো আৰু মাইকেল মৰিনোৱে এটাকৈ গল দিয়ে। আনহাতে জাৰ্মানীৰ হৈ ফ্লৰিয়ন বিটজে একমাত্র গলটো দিয়ে। দ্বিতীয়খন কোৱাৰ্টাৰ ফাই...

July 5, 2024 6:59 PM

ক’পা আমেৰিকা,২০২৪ ফুটবল প্রতিযোগিতাত আৰ্জেণ্টিনা ছেমি ফাইনেলত প্ৰবেশ

ক'পা আমেৰিকা-২০২৪ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনাই ইকুৱেডৰক পেনাল্টি শ্বুট আউটৰ সহায়ত ৪-২ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। এইবাৰ একেৰাহে পঞ্চমবাৰৰ বাবে আৰ্জেণ্টিনাই ছেমিফাইনেলত প্ৰবেশ কৰিছে। কানাডা আৰু ভেনিজুৱেলাৰ মাজত আজি অনুষ্ঠিত খেলখনত বিজয়ী দলটোৰ সৈতে এতিয়া আর্জেণ্টিনা ছেমিফাইনেলত অ...

July 5, 2024 12:55 PM

পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোৰ সৈতে প্রধানমন্ত্ৰীৰ মত বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰে। সামাজিক মাধ্যমত লিখা এটা পোষ্টত শ্ৰী মোদীয়ে কয় যে, খেলুৱৈসকলে প্ৰতিযোগিতাত নিজৰ সৰ্বোচ্চ উজাৰি দিব আৰু দেশলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি তেওঁ বিশ্বাসী। খেলুৱৈসকলৰ জীৱন কাহিনী আৰু সাফল্য...

July 5, 2024 12:51 PM

যুকি ভান্ত্ৰী আৰু আলবানো অলিভেট্টি উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ

ভাৰতৰ যুকি ভান্ত্ৰী আৰু তেওঁৰ ফৰাচী সহযোগী আলবানো অলিভেট্টি লণ্ডনত চলি থকা উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ভান্ত্ৰী আৰু অলিভেট্টিয়ে কালি বিয়লি অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ খেলত কাজাখস্তানৰ আলেকজেণ্ডাৰ বুবলিক আৰু আলেকজেণ্ডৰ ছেভছেন কোক ৬-৪, ৬-৪ ছেটত পৰ...

July 5, 2024 12:47 PM

ইউৰো কাপ ফুটবল প্রতিযোগিতাত আজি জার্মানী স্পেইনৰ মুখামুখি আৰু ফ্ৰান্স পৰ্টুগালৰ মুখামুখি

চলিত ইউৰো কাপ ফুটবল প্রতিযোগিতাত আজি দুখনকৈ কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব। নিশা চাৰে ৯ বজাত হ'বলগা প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত দুই প্রাক্তন বিশ্ব চেম্পিয়ন জার্মানী আৰু স্পেইন মুখামুখি হোৱাৰ বিপৰীতে নিশা চাৰে ১২ বজাত হ'বলগা আন এখন কোৱাৰ্টাৰ ফাইনেলত প্ৰাক্তন বিশ্ব চেম্পিয়ন ফ্ৰান্সে ইউৰো কাপৰ চেম্প...

July 4, 2024 1:23 PM

বিশ্বকাপ বিজয়ী ভাৰতীয় ক্রিকেট দলটো দিল্লীত উপস্থিত

টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ খিতাপ বিজয়ী ভাৰতীয় দলটো দিল্লীত উপস্থিত হৈছে। ভাৰতীয় দলটোক আদৰণী জনোৱাৰ বাবে ক্রিকেট অনুৰাগীসকলে দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ভিৰ কৰা পৰিলক্ষিত হয়। ভাৰতীয় দলটো বেৰিল ঘূৰ্ণী বতাহৰ বাবে টি-টুৱেন্টি বিশ্বকাপৰ ফাইনেল খেল অনুষ্ঠিত বাৰবাডোছত আৱদ্ধ হৈ আ...

July 4, 2024 1:22 PM

উম্বলডনত জয়েৰে অভিযান আৰম্ভ ৰোহন বোপন্না আৰু মেথিউ এবডেনৰ যুটীটোৰ

ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটোৱে উম্বলডন অপেন টেনিছ প্রতিযোগিতাত জয়েৰে অভিযান আৰম্ভ কৰিছে। বোপন্না আৰু এবডেনৰ যুটীটোৱে যোৱানিশা পুৰুষৰ ডাবলছৰ এখন খেলত নেডাৰলেণ্ডছৰ ছেণ্ডাৰ অৰেণ্ডছ আৰু ৰবীন হাছেৰ যুটীটোক পৰাস্ত কৰে। অৱশ্যে ভাৰতৰ সুমিত নাগল আৰু চাৰ্বিয়াৰ দুছান লাজোভিছৰ যুটী...

July 4, 2024 1:02 PM

প্রিয়াংশু ৰাজাৱট কানাডা অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ প্রিয়াংশু ৰাজাৱটে কানাডা অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অষ্টম বাছনিপ্ৰাপ্ত ৰাজাৱটে কালি প্ৰথম ৰাউণ্ডৰ এখন খেলত ডেনমাৰ্কৰ ৰাছমুছ গেমকেক ১৭-২১, ২১-১৬, ২১-১৪ গেমত পৰাস্ত কৰে।  

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।