আঞ্চলিক সংবাদ

July 29, 2024 8:13 PM

লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত আজিৰে পৰা দুদিনীয়াকৈ জিলা আয়ুক্ত সন্মিলন

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গুৱাহাটীৰ লোকসেৱা ভৱনত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে জিলা আয়ুক্ত সন্মিলন চলি আছে। এই সন্মিলনতে মুখ্যমন্ত্ৰীয়ে ২ অক্টোবৰত উপ জিলাৰ কাম-কাজসমূহ আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব বুলি প্ৰকাশ কৰিছে। সেই অনুসৰি কামৰূপ জিলাত দুখন উপ জিলা হ'ব। প্ৰথমে অস্থায়ী কাৰ্যালয়...

July 29, 2024 1:20 PM

আজিৰে পৰা উচ্চতম ন্যায়ালয়ৰ বিশেষ লোক আদালত সপ্তাহ

উচ্চতম ন্যায়ালয়ে ইয়াৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজিৰে পৰা বিশেষ লোক আদালত সপ্তাহৰ আয়োজন কৰিছে। আকাশবাণীৰ সৈতে হোৱা কথা-বতৰাত ন্যায়াধীশ কে ভি বিশ্বনাথনে কয় যে, উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকা গোচৰসমূহ মীমাংসা কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ আৱেদনকাৰীসকলক লোক আদালত...

July 29, 2024 1:13 PM

ৰাজ্যত ১ আগষ্টৰ পৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়, ৰাজ্যবাসীক সাজু হ’বলৈ মুখ্যমন্ত্ৰীৰ আহ্বান

ৰাজ্যত অহা ১ আগষ্টৰ পৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায় অনুষ্ঠিত কৰা হ'ব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গছপুলি ৰোপণৰ এই বিশাল পদক্ষেপৰ বাবে সাজু হ'বলৈ ৰাজ্যবাসীক আহ্বান জনাইছে। অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়ত ৩ কোটি গছ পুলি ৰোপণ কৰা হ'ব। ১৫ দিন ধৰি এই আন্দোলন অব্যাহত থাকিব। ইতিমধ্যে ইয...

July 29, 2024 1:11 PM

চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত হোৱাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৌৰৱ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত কালি অসমৰ ঐতিহাসিক চৰাইদেউ মৈদাম ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত হোৱাত গৌৰৱ প্ৰকাশ কৰে। এই মৈদামসমূহৰ গুৰুত্ব সন্দৰ্ভত বাখ্যা কৰি শ্ৰীমোদীয়ে কয় যে, আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী চৰাইদেউত আহোম ৰাজবংশৰ গণ্য মান্য ...

July 29, 2024 1:07 PM

শিক্ষা বিভাগৰ আঁচনিৰ বুজ ল’বলৈ অসমলৈ আহিছে হিমাচল প্ৰদেশৰ শিক্ষামন্ত্ৰী ৰোহিত ঠাকুৰৰ নেতৃত্বত ১৩জনীয়া এটা দল

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ৰূপায়ণ কৰি থকা বিভিন্ন আঁচনি আৰু পদক্ষেপসমূহৰ বিষয়ে বুজ লোৱাৰ উদ্দেশ্যে হিমাচল প্ৰদেশৰ শিক্ষামন্ত্ৰী ৰোহিত ঠাকুৰৰ নেতৃত্বত ১৩ জনীয়া এটা দল কালি অসমত উপস্থিত হৈছে। হিমাচল প্ৰদেশৰ শিক্ষামন্ত্ৰী ৰোহিত ঠাকুৰ আৰু মুখ্য সংসদীয় সচিব আশিস বুটাইলৰ নেতৃত্বত ভ্ৰমণলৈ অহা প্রতিনিধি...

July 29, 2024 1:05 PM

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী ‘সম্পূর্ণতা অভিযান’ৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য-কৃষি বিভাগৰ সজাগতামূলক কার্যসূচী গ্ৰহণ

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী ‘সম্পূর্ণতা অভিযান’ৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কার্যসূচী গ্ৰহণ কৰিছে। সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দ...

July 29, 2024 1:03 PM

ড০ ননীগোপাল মহন্তক গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচার্য হিচাপে নিযুক্তি

গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি ৰাজ্যৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ নতুন উপাচার্য নিযুক্তি দিয়া হৈছে। ড০ ননীগোপাল মহন্তক গুৱাহাটী বিশ্ববিদ্যালয়ৰ, ধনপতি ডেকাক ভট্টদেৱ বিশ্ববিদ্যালয়ৰ আৰু মানবেন্দ্ৰ দত্ত চৌধুৰীক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ নতুন উপাচার্য হিচাপে নিযুক্তি দিয়া হৈছে। ২০ আগষ্টত গুৱাহাটী...

July 29, 2024 1:01 PM

আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস। বাঘৰ প্ৰাকৃতিক বাসস্থান সুৰক্ষিত কৰাৰ বাবে এটা গোলকীয় প্ৰণালী গঢ়ি তোলা তথা বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি আৰু সমৰ্থন আগবঢ়োৱাৰ বিষয়টোৰ প্ৰচাৰৰ লক্ষ্যৰে প্ৰতি বছৰে আজিৰ দিনটো আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস হিচাপে পালন কৰা হয়। বিশ্ব বন্যপ্রাণী নিধিৰ তথ্য অনুসৰি...

July 29, 2024 12:59 PM

কাছাৰত ৯ কোটি টকাৰ মেথামফেটামাইন টেবলেটসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

অসম আৰক্ষীয়ে শনিবাৰৰ নিশা কাছাৰ জিলাৰ পৰা এটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে প্রায় ৯ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ কৰে। আৰক্ষীয়ে এটা গোপন সূত্ৰৰ ভিত্তিত জিলাখনৰ কটাখাল এলেকাত শনিবাৰৰ নিশা অভিযান চলাই আব্দুল আলিম নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক আটক কৰাৰ লগতে য়াবা টেবলেট হিচাপে পৰিচিত মাদক...

July 28, 2024 8:25 PM

ছিকিমৰ ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচাৰ্যক অসমৰ আৰু প্ৰাক্তন লোকসভা সাংসদ ৰমেন ডেকাক ছত্তিশগড়ৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি

ছিকিমৰ ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচাৰ্যক অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। শ্ৰী আচাৰ্যক মণিপুৰৰ ৰাজ্যপাল হিচাপেও অতিৰিক্ত দায়িত্ব দিয়া হৈছে। উল্লেখযোগ্য যে লক্ষ্মণপ্রসাদ আচাৰ্যই ২০১৫ চনৰ পৰা ২০২৩ চনলৈ উত্তৰপ্ৰদেশ বিধানসভাৰ জনপ্রতিনিধি হিচাপে সেৱা আগবঢ়াইছিল। ইফালে ৰাজ্যৰ বৰ্তমানৰ ৰাজ্যপা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।