আঞ্চলিক সংবাদ

August 4, 2024 8:04 PM

ৰাজহুৱা প্ৰশাসনৰ ক্ষেত্ৰত উৎকৃষ্ট সেৱাৰ বাবে ছগৰাকী প্রশাসনীয় বিষয়ালৈ মুখ্যমন্ত্রীৰ কর্মশ্ৰী বঁটা

ৰাজহুৱা প্ৰশাসনৰ ক্ষেত্ৰত উৎকৃষ্ট সেৱাৰ বাবে মুখ্যমন্ত্রীৰ কর্মশ্ৰী বঁটা এইবাৰ ছগৰাকী প্রশাসনীয় বিষয়ালৈ আগবঢ়োৱা হৈছে। এইবাৰ এই বঁটাৰ বাবে ৫২খন আবেদন লাভ কৰা হৈছিল যদিও ইয়াৰ ভিতৰত ছটা বিভাগৰ সেৱাকহে বঁটাৰ বাবে বাছনি কৰা হয়। চৰকাৰী বিভিন্ন বিভাগসমূহৰ কার্যকলাপ, উদ্ভাৱনী প্রয়াস, বহন ক্ষমতা, প্রশা...

August 4, 2024 7:21 PM

ন্যায়িক অনুশাসন বজাই ৰাখিবলৈ দৃষ্টান্তমূলক ৰায়সমূহ অতি গুৰুত্বপূৰ্ণ বুলি  উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাৰ মত প্ৰকাশ

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাই আজি ভাৰতীয় আইন প্ৰতিষ্ঠানৰ অসম ৰাজ্যিক শাখাৰ উদ্যোগত গুৱাহাটীৰ অসম কৃষি বিশ্ব বিদ্যালয়ৰ আন্তৰাষ্ট্ৰীয় অতিথিশালাৰ প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰে। ন্যায়াধীশগৰাকীয়ে ভাষণ প্ৰসংগত উচ্চতম ন্যায়ালয়ে বিভিন্ন সময়ত প্ৰদান কৰা ৰায়সমূহে...

August 4, 2024 7:17 PM

বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসাৰ মাচুল বৃদ্ধি

বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে প্ৰতিষ্ঠানখনত শেহতীয়াকৈ চিকিৎসাৰ মাচুল বৃদ্ধি হোৱা বুলি সদৰি কৰিছে। তেওঁ কয় যে, বিগত ২০০২ চনত শেষবাৰৰ বাবে মাচুল বৃদ্ধি কৰাৰ পাছত এইবেলি চিকিৎসাৰ সৈতে জড়িত সকলো ধৰণৰ ব্যয় সামান্য পৰিমাণে বৃদ্ধি কৰা হৈছে। ব্যক্ত...

August 4, 2024 7:05 PM

ৰাজ্যত কাইলৈৰ পৰা ১১ আগষ্টলৈ পালন কৰা হ’ব শিক্ষা সপ্তাহ

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰ চতুৰ্থ বর্ষপুর্তিৰ সৈতে সংগতি ৰাখি ৰাজ্যত কাইলৈৰ পৰা ১১ আগষ্টলৈ শিক্ষা সপ্তাহ পালন কৰা হ'ব। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকে প্ৰতিদিনে একোটা বিশেষ বিষয়বস্তুৰ আধাৰত এই কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে বিদ্যালয়সমূহলৈ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি কাইলৈৰ দিনটো শিক্ষণ- শিকন সাম...

August 4, 2024 7:00 PM

গুৱাহাটীত অসম প্ৰদেশ বিজেপিৰ বর্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত

অসম প্ৰদেশ বিজেপিৰ এখন বর্ধিত কাৰ্যনিৰ্বাহক সভা আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত অনুষ্ঠিত হয়। তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত হোৱা নৰেন্দ্ৰ মোদীক ধন্যবাদসূচক প্ৰস্তাৱৰ লগতে অভিনন্দন জ্ঞাপন কৰা সভাখনত বিগত লোকসভা নিৰ্বাচনৰ ফলাফলৰ মূল্যায়ন কৰা হয়। ইয়া...

August 4, 2024 6:52 PM

মৰিগাঁৱত সশস্ত্র সীমাবলৰ স্বেচ্ছামূলক ৰক্তদান শিবিৰ

মৰিগাঁও সশস্ত্র সীমাবলৰ ছাউনীত ১ নম্বৰ বেটেলিয়নৰ উদ্যোগত এটা স্বেচ্ছামূলক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। সশস্ত্ৰ সীমাবলৰ মৰিগাঁৱত থকা বি কোম্পানী, মৰিগাঁও অসামৰিক চিকিৎসালয় আৰু মৰিগাঁও আৰক্ষীৰ লগতে স্থানীয় জনসাধাৰণৰ প্ৰচেষ্টাত এই ৰক্তদান শিবিৰটো অনুষ্ঠিত হয়। শিবিৰত প্ৰায় ৩০জন লোকে স্বেচ্ছামূলকভ...

August 4, 2024 6:49 PM

১৮ আগষ্টত মৰিগাঁৱত মায়ং ইন্দ্ৰজাল যাদু মহোৎসৱ

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অহা ১৮ আগষ্টত মায়ং মহাবিদ্যালয় খেলপথাৰত পোনপ্ৰথম বাৰৰ বাবে মায়ং ইন্দ্ৰজাল যাদু মহোৎসৱ অনুষ্ঠিত হ'ব। এই সন্দৰ্ভত আজি খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এখন সংবাদ মেলত মৰিগাঁও জিলাৰ আয়ুক্ত তথা মহোৎসৱ উদযাপনৰ মুখ্য পৃষ্ঠপ...

August 4, 2024 11:48 AM

ৰাজ্যৰ বিভিন্ন স্থানত বিশ্ব স্তনপান সপ্তাহ পালন

ৰাজ্যৰ বিভিন্ন স্থানত কালি বিশ্ব স্তনপান সপ্তাহ পালন কৰা হয়। এই উপলক্ষে মাজুলীৰ পীতাম্বৰ দেৱগোস্বামী অসামৰিক চিকিৎসালয়ত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। মাজুলী জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে আঁতধৰা অনুষ্ঠানটোত মাতৃদুগ্ধৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা হয়। স্তনপানৰ প্ৰণালী তথা গুৰুত্ব সম্পৰ্ক...

August 4, 2024 11:43 AM

আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অসম প্রদেশ বিজেপিৰ বর্ধিত কাৰ্যনিৰ্বাহক সভা

অসম প্রদেশ বিজেপিৰ এখন বর্ধিত কাৰ্যনিৰ্বাহক সভা আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। এই সভাত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, ৰাজ্যিক বিজেপিৰ নৱনিযুক্ত প্ৰভাৰী হৰিশ দ্বিবেদী, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, কেন্দ্ৰীয় ৰাজ্যমন্ত্...

August 4, 2024 11:40 AM

ৰাজ্য চৰকাৰে টিউটৰ শিক্ষকসকলৰ সমস্যা সমাধানৰ বাবে বিবেচনাৰে আগবাঢ়িব বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰকাশ

ৰাজ্য চৰকাৰে টিউটৰ শিক্ষকসকলৰ সমস্যা সমাধানৰ বাবে বিবেচনাৰে আগবাঢ়িব বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। সদৌ অসম ডি এল এড টিউটৰ সংস্থাৰ প্ৰতিনিদি দল এটাৰ সৈতে কালি জনতাভৱনত শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনাত মিলিত হয়। এই আলোচনাৰ অন্তত শিক্ষামন্ত্ৰীগৰাকীয়ে ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।