আঞ্চলিক সংবাদ

August 15, 2024 8:41 PM

উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যত  ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন

 উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে আজি দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। মিজোৰামত আজি ব্যাপক উৎসাহ-উদ্দীপনাৰে এই দিৱস উদযাপন কৰা হয়। আছাম ৰাইফলছ গ্রাউণ্ড লামুৱালত আয়োজিত ৰাজ্যিক কাৰ্যসূচীত মুখ্যমন্ত্রী লালডুহোমাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত তেওঁৰ নেতৃত্বত চৰকাৰে জনসাধাৰণ...

August 15, 2024 8:36 PM

ৰাজ্যৰ কেইবাখনো নৱজাতকৰ আধাৰ পঞ্জীয়ন কক্ষৰ শুভাৰম্ভ

স্বাধীনতা দিৱসৰ দিনটোত ধেমাজি জিলাৰ আয়ুক্ত অংকুৰ ভৰালীয়ে অসামৰিক চিকিৎসালয়ত ‘নৱজাতকৰ আধাৰ পঞ্জীয়ন' কক্ষৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়কে ধৰি জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অতিৰিক্ত আয়ুক্ত আদি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে, ...

August 15, 2024 7:10 PM

শ্ৰম মন্ত্রী সঞ্জয় কিষাণৰ তিনিচুকীয়াত নৱজাতকৰ প্রমাণ-পত্ৰ তাৎক্ষণিকভাৱে প্ৰদান ব্যৱস্থাৰ শুভাৰম্ভ

তিনিচুকীয়া অসামৰিক চিকিৎসালয় আৰু তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় হাস্পতালত জন্ম হোৱা নৱজাতকৰ প্রমাণ-পত্ৰ তাৎক্ষণিকভাৱে প্ৰদান কৰাৰ ব্যৱস্থা আজি শ্ৰম আৰু শ্রমিক কল্যাণ মন্ত্রী সঞ্জয় কিষাণে শুভাৰম্ভ কৰে। এই অনুসৰি দুয়োখন চিকিৎসালয়ত জন্ম লাভ কৰা নৱজাতকৰ মাতৃক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ সময়তে এ...

August 15, 2024 7:06 PM

ৰাজ্যৰ মন্ত্ৰীসকলৰ লগতে স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যসকলৰ বিভিন্ন ঠাইত ৰাষ্ট্ৰীয় পতাকা উত্তোলন

ৰাজ্যৰ আন আন জিলাতো স্বাধীনতা দিৱস উপলক্ষে ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলৰ লগতে স্বায়ত্তশাসিত পৰিষদসমূহৰ মুখ্য কাৰ্যবাহী সদস্যসকলে বিভিন্ন ঠাইত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বঙাইগাঁৱত, অতুল বৰাই নগাঁৱত, উৰ্খাও গৌড়া ব্ৰহ্মই দৰঙত, চন্দ্ৰমোহন পাটোৱাৰীয়ে কামৰূপত, কেশৱ মহন্তই হোজাইত...

August 15, 2024 8:31 PM

ৰাজ্যৰ  কেইবাটাও স্থানত আৰক্ষীৰ বোমা সদৃশ সামগ্রী উদ্ধাৰ

এটা নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনে আজি গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ কেইবাটাও স্থানত বোমা সংস্থাপন কৰা বুলি দাবী কৰাক লৈ ৰাজ্যখনত আৰক্ষীয়ে তালাচী অভিযান তীব্ৰ কৰি তোলে। ইয়াৰ পাছতে বিভিন্ন স্থানত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হয়। আৰক্ষীয়ে চলোৱা অভিযানত গুৱাহাটীৰ দুটা স্থানৰ লগতে ৰাজ্যৰ অন্য কেই...

August 15, 2024 6:32 PM

দেশৰ ৫ খন দ্রুতগতিত বিকশিত হোৱা ৰাজ্যৰ ভিতৰত অসম অন্যতমঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ব্যাপক উৎসাহ-উদ্দীপনাৰে আজি ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত কেন্দ্রীয় কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত কয় যে দেশৰ ৫ খন দ্রুতগতিত বিকশিত হোৱা ৰা...

August 15, 2024 11:46 AM

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদত ৭৮ সংখ্যক স্বাধীনতা দিৱস পালন

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদতো ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। আকাশবাণী গুৱাহাটীৰ চানমাৰিস্থিত কাৰ্যালয়ত অভিযান্ত্ৰিক শাখাৰ সঞ্চালক ৰবীন চন্দ্ৰ বড়োৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। জালুকবাৰীস্থিত ট্রান্সমিটাৰ কমপ্লেক্সৰ অভিযান্ত্ৰিক শাখাৰ অতিৰিক্ত সঞ্চালক ডি কে গ...

August 15, 2024 11:36 AM

ৰাজ্যৰ বিভিন্ন ঠাইত বিভিন্ন মন্ত্ৰী আৰু স্বায়ত্তশাসিত পৰিষদসমূহৰ মুখ্য কাৰ্যবাহী সদস্যৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন

ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলৰ লগতে স্বায়ত্তশাসিত পৰিষদসমূহৰ মুখ্য কাৰ্যবাহী সদস্যসকলে বিভিন্ন ঠাইত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বঙাইগাঁৱত, অতুল বৰাই নগাঁৱত, উৰ্খাও গৌড়া ব্ৰহ্মই দৰঙত, চন্দ্ৰমোহন পাটোৱাৰীয়ে কামৰূপত, কেশৱ মহন্তই হোজাইত, ডাঃ ৰণোজ পেগুৱে লখিমপুৰত, অশোক সিংহলে শোণ...

August 15, 2024 11:13 AM

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীৰ খানাপাৰাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ব্যাপক উৎসাহ-উদ্দীপনাৰে আজি ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। পতাকা উত্তোলনৰ পাছত ৰাজ্যবাসীক উদ্দেশ্...

August 14, 2024 7:46 PM

আজি দেশজুৰি বিভাজন বিভীষিকা স্মৃতি দিৱস পালন

দেশ বিভাজনৰ দুঃসহ স্মৃতিৰ সোঁৱৰণত আজি দেশজুৰি বিভাজন বিভীষিকা স্মৃতি দিৱস পালন কৰা হৈছে। ১৯৪৭ চনৰ এই দিনটোত ভাৰত বিভাজনৰ সময়ত অমানৱীয় সমস্যাৰ মুখামুখি হোৱা লোকসকলক আজিৰ দিনটোত স্মৰণ কৰা হয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত বিভাজনৰ ভয়াৱহতাত প্ৰভাৱিত আৰু ক্ষতিগ্ৰস্ত হোৱা ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।