আঞ্চলিক সংবাদ

September 24, 2024 12:36 PM

শিৱসাগৰ-চৰাইদেউৰ স্বচ্ছ ভাৰত মিছন গ্রামীণ আৰু জলজীৱন মিছনৰ কাৰ্যকৰীকৰণ তথা পৰিকল্পনা সন্দৰ্ভত বৈঠক

দক্ষতা, নিয়োগ আৰু উদ্যমিতা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ স্বচ্ছ ভাৰত মিছন গ্রামীন আৰু জলজীৱন মিছনৰ কাৰ্যকৰীকৰণ তথা পৰিকল্পনা সন্দৰ্ভত চাহ বাগিছাৰ পৰিচালক, কৰ্তৃপক্ষ আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে কালি এখন বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত চাহ বাগিছা এলেকাসমূহত দুয়োখন আঁচনিৰে এশ শতাংশ ...

September 24, 2024 12:27 PM

টাটা গ্ৰুপৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতি সন্দৰ্ভত মন্ত্ৰী বিমল বৰাৰ বৈঠক

উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি জাগীৰোডত স্থাপন হ'বলগীয়া টাটা গ্ৰুপৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতি সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত প্ৰকল্পটোৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে সম্ভাৱ্য সমস্যাসমূহৰ বিষয়েও আলোকপাত কৰা হয়। বৈঠক...

September 24, 2024 12:19 PM

দুদিনীয়া ভ্ৰমণসূচীৰে চৰাইদেউ জিলাত উপস্থিত হ’ব ৰাজ্য মন্ত্রী বি এল বার্মা

কেন্দ্ৰীয় চৰকাৰৰ গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ ৰাজ্য মন্ত্রী বি এল বার্মা দুদিনীয়া ভ্ৰমণসূচীৰে আজি চৰাইদেউ জিলাত উপস্থিত হ'ব। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হ'ব।

September 23, 2024 8:11 PM

আয়ুস্মান ভাৰত-প্রধানমন্ত্ৰীৰ জন আৰোগ্য যোজনাৰ ৬বছৰ সম্পূৰ্ণ

আয়ুস্মান ভাৰত-প্রধানমন্ত্ৰীৰ জন আৰোগ্য যোজনা আৰম্ভ আজি ৬বছৰ সম্পূৰ্ণ হ'ল। আজিৰ দিনটোতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৮ চনত ঝাৰখণ্ডৰ ৰাঁচীৰ পৰা এই আঁচনিৰ শুভাৰম্ভ কৰিছিল। এই আঁচনিৰ জৰিয়তে প্ৰতিবছৰে প্ৰতিটো পৰিয়ালক ৫ লাখ টকাৰ স্বাস্থ্য সেৱা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। অসমতো বিগত ছটা বছৰত ...

September 23, 2024 8:07 PM

উৎকট গৰমৰ বাবে কামৰূপ মহানগৰ জিলাৰ সকলো বিদ্যালয় কাইলৈৰ পৰা ২৭ ছেপ্টেম্বৰলৈ বন্ধ ঘোষণা

বিগত কেইবাদিনো ধৰি অব্যাহত থকা উৎকট গৰমৰ বাবে কামৰূপ মহানগৰ জিলাৰ সকলো চৰকাৰী আৰু বে-চৰকাৰী বিদ্যালয় কাইলৈৰ পৰা ২৭ ছেপ্টেম্বৰলৈ বন্ধ ঘোষণা কৰা হৈছে। প্ৰচণ্ড গৰমৰ বাবে মহানগৰীৰ কেইবাখনো বিদ্যালয়ৰ মুৰব্বীয়ে ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বিষয়ে অৱগত কৰাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ আয়ুক্তৰ অনুমোদন স...

September 23, 2024 8:02 PM

বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰত হিতাধিকাৰীৰে মত-বিনিময় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ বাবে বাছনি হোৱা হিতাধিকাৰীসকলক ৰাজ্যৰ বিভিন্ন অঞ্চলত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। সেই অনুসৰি বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত আজি অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰত খাদ্য, ৰাজহুৱা বিতৰণ তথা গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকি হিতাধিকাৰীসকলৰ সৈতে মত ব...

September 23, 2024 7:53 PM

গুৱাহাটীত কেন্দ্ৰীয় গধুৰ উদ্যোগ আৰু তীখা মন্ত্ৰী এইচ ডি কুমাৰাস্বামীৰ সংবাদমেল সম্বোধন

সমগ্ৰ দেশতে ৭০ হাজাৰতকৈও অধিক বাহন চার্জিং ষ্টেচন স্থাপনৰ বাবে কেন্দ্ৰই দুহেজাৰ কোটিতকৈও অধিক টকা বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। গুৱাহাটীত কেন্দ্ৰীয় গধুৰ উদ্যোগ আৰু তীখা মন্ত্ৰী এইচ ডি কুমাৰাস্বামীয়ে এখন সংবাদমেল সম্বোধন কৰি এই বিষয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে অসমৰ কা...

September 23, 2024 7:34 PM

পাঁচ দিনীয়া আবাসীক অনুষদ বিকাশ কাৰ্যসূচী মুকলি কেন্দ্রীয় মন্ত্রী এছ পি সিং বাঘেলৰ

কেন্দ্রীয় মন্ত্রী এছ পি সিং বাঘেলে আজি গুৱাহাটীৰ খানাপাৰাৰ প্ৰশাসনিক মহাবিদ্যালয়ত পঞ্চায়তীৰাজ মন্ত্ৰ্যালয়ৰ উদ্যোগত আয়োজিত পাঁচ দিনীয়া আবাসীক অনুষদ বিকাশ কাৰ্যসূচী মুকলি কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত পঞ্চায়ততহে প্রকৃত গণতন্ত্র পোৱা যায় বুলি প্ৰকাশ কৰে। তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে...

September 23, 2024 3:04 PM

গুৱাহাটী মহানগৰীৰ সৰু মটৰীয়াত সন্দেহজনকভাৱে চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ড সংঘটিত

গুৱাহাটী মহানগৰীৰ সৰু মটৰীয়াত আজি সন্দেহজনকভাৱে চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ঘটনাত কেইবাখনো দোকান ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে।

September 23, 2024 2:47 PM

বিশিষ্ট শিশু সাহিত্যিক নূপূৰ মোমাইদেউ ছদ্মনামেৰে শিশু সাহিত্য ৰচনা কৰি অহা ত্রৈলোক্য ভট্টাচার্যক ৰজত বৰুৱা স্মৃতি শিশু সাহিত্য বঁটা প্ৰদান

বিশিষ্ট শিশু সাহিত্যিক নূপূৰ মোমাইদেউ ছদ্মনামেৰে শিশু সাহিত্য ৰচনা কৰি অহা ত্রৈলোক্য ভট্টাচার্যক শিশু আলোচনী চোতালৰ পখিলাৰ তৰফৰ পৰা চলিত বৰ্ষৰ চোতালৰ পখিলা ৰজত বৰুৱা স্মৃতি শিশু সাহিত্য বঁটা প্ৰদান কৰা হৈছে। গুৱাহাটীৰ বিষ্ণু নিৰ্মলা শিশু পুঁথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত কালি এই বঁটা প্ৰদান ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।