আঞ্চলিক সংবাদ

August 22, 2024 11:37 AM

ৰাজ্যৰ সকলো বিদ্যালয়ত ১ৰ পৰা ১৫ ছেপ্টেম্বৰলৈ স্বচ্ছতা পষেক উদযাপনৰ নিৰ্দেশ

কেন্দ্ৰীয় চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ নিৰ্দেশত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰ্যালয়ৰ সহযোগত বিগত বৰ্ষৰ দৰে এইবাৰো অহা ১ ছেপ্তেম্বৰৰ পৰা ১৫ ছেপ্টেম্বৰলৈ পৰিষ্কাৰ, অনাময় আৰু স্বচ্ছতাক লৈ স্বচ্ছতা পষেক উদযাপন কৰা হ'ব। সেই অনুসৰি সমগ্ৰ শিক্ষা, অসমৰ কাৰ্যবাহী সঞ্চালকে ৰাজ্যৰ সকলো জিলাৰ জিলা মিছন সমন্বয়ক...

August 22, 2024 11:34 AM

শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে ২৩ আগষ্টৰ পৰিৱৰ্তে ২৪ আগষ্ট বন্ধৰ দিন ঘোষণা

শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে বন্ধৰ দিন কাইলৈ অৰ্থাৎ ২৩ আগষ্টৰ পৰিৱৰ্তে ২৪ আগষ্ট ধার্য কৰা হৈছে। নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্য চৰকাৰে প্ৰকাশ কৰা চৰকাৰী বন্ধৰ তালিকাত কাইলৈ অৰ্থাৎ ২৩ আগষ্টৰ দিনটো শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি হিচাপে উল্লেখ কৰা হৈছিল যদিও কালি এই বন্ধ ২৪ আগষ্ট, শনিবাৰে হ'ব বুলি ৰা...

August 22, 2024 11:32 AM

বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে ৰাজ্যত ১ ছেপ্টেম্বৰৰ পৰা সদস্যতা অভিযান

বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে অহা ১ ছেপ্তেম্বৰৰ পৰা দেশৰ অন্যান্য স্থানৰ লগতে অসমতো সদস্যতা অভিযান আৰম্ভ হ'ব। কালি এই সন্দৰ্ভত অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন কর্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক প্ৰভাৰী হৰি...

August 22, 2024 11:31 AM

প্ৰসিদ্ধ নৃত্যশিল্পী ড° সোণাল মানসিঙলৈ ২০২৩ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা

ৰাজ্য চৰকাৰে ২০২৩ বৰ্ষৰ বাবে শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰসিদ্ধ নৃত্যশিল্পী ড° সোণাল মানসিঙলৈ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ভাৰতীয় শাস্ত্রীয় নৃত্যশিল্পী ড° মানসিং ভাৰত নাট্যম আৰু ওডিচি নৃত্য শিল্পীৰ গুৰু। মুম্বাইত ১৯৪৪ চনত জন্মগ্ৰহণ কৰা মা...

August 22, 2024 11:28 AM

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষাৰ সূচী সলনি

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষা অৰ্থাৎ অ’ডিচনৰ বাবে নিৰ্দিষ্ট কৰা দিনৰ সালসলনি ঘটোৱা হৈছে। নাট শাখাৰ পৰা জনোৱা মতে অনিবায্য কাৰণবশতঃ পূর্ব ঘোষিত কণ্ঠস্বৰ পৰীক্ষাৰ সূচী নতুনকৈ ঘোষণা কৰা হৈছে। নতুন তাৰিখ অনুসৰি অহা ৩ ছেপ্টেম্বৰৰ পৰা ২০ ছেপ্টেম্বৰলৈকে এই অ’ডিচন সম্পন্ন হ'ব। নতুনকৈ...

August 22, 2024 11:25 AM

শিৱসাগৰত শিক্ষাবিদ তথা সাহিত্যিক সোণাৰাম বৰুৱাক শিৱসাগৰ ৰত্ন উপাধি প্ৰদান

শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত কালি সন্ধিয়া শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত অনুষ্ঠিত এটা অনুষ্ঠানত শিক্ষাবিদ তথা সাহিত্যিক সোণাৰাম বৰুৱাক শিৱসাগৰ ৰত্ন উপাধি প্ৰদান কৰা হয়। অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড০ সূর্যকান্ত হাজৰিকা, সাহিত্যাচাৰ্য ড০ নাহেন্দ্র পাদুন, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু শিৱসাগৰ ...

August 21, 2024 9:03 PM

অসম, মেঘালয় আৰু ত্ৰিপুৰাত পৰৱৰ্তী দুদিনলৈ ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয় আৰু ত্ৰিপুৰাত পৰৱৰ্তী দুদিনলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে লগতে পৰৱৰ্তী ২৪ ঘণ্টাত কেৰালা আৰু লাক্ষাদ্বীপৰ ঠাই বিশেষে প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। উত্তৰাখণ্ড, জম্মু-কাশ্মীৰ, লাডাখ, হিমাচল প্রদেশ, উত্তৰ প্ৰদেশ, পূৱ ...

August 21, 2024 8:59 PM

কাইলৈৰ পৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ'ব। ৩০ আগষ্টলৈ চলিবলগীয়া এই অধিৱেশনৰ কাইলৈ প্ৰথম দিনা শৰৎকালীন অধিৱেশনৰ কাৰ্যসূচী স্থিৰ কৰা হ'ব। এই অধিৱেশনত ৰাজহ বিভাগৰ দুখন বিধেয়ক উত্থাপনৰ সম্ভাৱনা আছে। তদুপৰি, ২০২৪-২৫ বৰ্ষৰ মঞ্জুৰিৰ বাবে পৰিপূৰক দাবী উত্থাপন তথা চৰকাৰী বিধেয়ক উত্থাপ...

August 21, 2024 8:53 PM

ৰাজ্যত অহা ১ এপ্ৰিলৰ পৰা বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত এটকাকৈ হ্ৰাস পাবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যত প্ৰতি ইউনিট বিদ্যুতৰ মাচুল অহা ১ এপ্ৰিলৰ পৰা এটকাকৈ হ্ৰাস পাব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা কৰিছে। স্মার্ট মিটাৰৰ বিসংগতি সন্দৰ্ভত উত্থাপিত অভিযোগ সম্পৰ্কত প্রতিক্রিয়া প্ৰকাশ কৰি তেওঁ কয় যে, প্রয়োজন হ'লে পৰীক্ষামূলকভাৱে মেনুৱেল মিটাৰ সংস্থাপন কৰা হ'ব। মেনুৱেল মিটাৰ আৰু স্মার্...

August 21, 2024 8:51 PM

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ উত্তৰ-পূব মণ্ডলৰ সঞ্চালকপ্রধান কে সতীশ নাম্বুদিৰিপাদৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম পৰিদৰ্শন

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ উত্তৰ-পূব মণ্ডলৰ সঞ্চালকপ্রধান কে সতীশ নাম্বুদিৰিপাদে আজি বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম পৰিদৰ্শন কৰে। মৈদামক্ষেত্ৰত উপস্থিত হৈ তেওঁ কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ অধীনত থকা মৈদামসমূহৰ লগতে ৰাজ্যিক প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ অধীনত থকা মৈদামসমূহ পৰিদৰ্শন কৰি স্থানীয় ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।