আঞ্চলিক সংবাদ

September 24, 2024 7:37 PM

ডিব্ৰুগড়ৰ জেৰাইত ১৪ অক্টোবৰত অসম গণ পৰিষদৰ ৪০সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আয়োজন

অসম গণ পৰিষদৰ দলৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস অহা ১৪ অক্টোবৰত ডিব্ৰুগড় জিলাৰ জেৰাইত কেন্দ্রীয়ভাৱে উদযাপন কৰা হ'ব। ইয়াৰ লগতে প্ৰতিটো বিধানসভা সমষ্টিটেই এই দিৱস উদযাপন কৰা হ'ব। এই দিৱসৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি গুৱাহাটীৰ আমবাৰীত দলৰ মুখ্য কাৰ্যালয়ত অসম গণ পৰিষদৰ কেন্দ্রীয় কার্যনির্বাহক সভা অনুষ্ঠিত...

September 24, 2024 7:36 PM

চৰাইদেউৰ চাহ বাগিচাৰ শ্ৰমিকক দুর্গা পূজাৰ বোনাচ প্ৰদান সন্দৰ্ভত আলোচনাৰ উদ্দেশ্যে জিলা আয়ুক্ত কাৰ্যালয়ত বৈঠক

চৰাইদেউ জিলাৰ চাহ বাগিচাসমূহৰ শ্ৰমিকসকলক সমাগত দুর্গা পূজাৰ বোনাচ সুচাৰুৰূপে প্ৰদান কৰা সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত উপস্থিত থকা জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে বোনাচ প্ৰদান প্ৰক্ৰিয়া চলিত মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ আহ্বান...

September 24, 2024 7:34 PM

কেন্দ্ৰীয় মন্ত্ৰী বি এল বাৰ্মা দুদিনীয়া চৰকাৰী কাৰ্যসূচীৰে চৰাইদেউত উপস্থিত

কেন্দ্রীয় সামাজিক ন্যায় আৰু সৱলীকৰণ তথা গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিভাগৰ ৰাজ্য মন্ত্ৰী বি এল বাৰ্মা দুদিনীয়া চৰকাৰী কাৰ্যসূচীৰে আজি চৰাইদেউত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে আজি জিলাখনৰ বানফেৰা আদৰ্শ অংগনবাড়ী কেন্দ্ৰত উপস্থিত হৈ ৰাষ্ট্ৰীয় পোষণ মাহৰ অন্তৰ্গত পুষ্টিকৰ শাক-পাচলি, খাদ্যসম্ভাৰ ...

September 24, 2024 7:33 PM

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৬ নৱেম্বৰৰ পৰা তিনি দিনীয়াকৈ আন্তঃৰাষ্ট্ৰীয় পর্যটন বজাৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অহা ২৬ নৱেম্বৰৰ পৰা তিনি দিনীয়াকৈ আন্তঃৰাষ্ট্ৰীয় পর্যটন বজাৰ অনুষ্ঠিত হ'ব। পর্যটন মন্ত্রী জয়ন্ত মল্লবৰুৱাই কাজিৰঙাত আজি এই কথা প্ৰকাশ কৰি কয় যে, কাজিৰঙা পৰ্যটন ক্ষেত্ৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আয়োজন কৰা এই পর্যটন বজাৰত বিশ্বৰ বিভিন্ন দেশৰ পৰ্যটনৰ লগত জড়িত অনুষ্ঠান-প্...

September 24, 2024 7:32 PM

গোলাঘাট বাণিজ্য মহাবিদ্যালয়ক বিশ্ববিদ্যালয় অনুদান আয়োগৰ স্বতন্ত্র মহাবিদ্যালয় মর্যাদা প্রদান

বিশ্ববিদ্যালয় অনুদান আয়োগে গোলাঘাট বাণিজ্য মহাবিদ্যালয়ক স্বতন্ত্র মহাবিদ্যালয় মর্যাদা প্রদান কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই এই বিষয়ত সন্তোষ প্রকাশ কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষৰ লগতে প্ৰতিগৰাকী ব্যক্তি তথা শিক্ষাৰ্থীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। ভৱিষ্যতে মহাবিদ্যালয়খনৰ সুনামৰ পৰিধি ...

September 24, 2024 7:30 PM

ৰাজ্যত প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ অধীনত এতিয়ালৈকে ১,১০০টা ঘৰৰ ছাদত সৌৰ বিদ্যুৎ উৎপাদনৰ প্ৰণালী স্থাপন

ৰাজ্যত প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ অধীনত এতিয়ালৈকে এহেজাৰ ১০০ টা ঘৰৰ ছাদত সৌৰ বিদ্যুৎ উৎপাদনৰ প্ৰণালী স্থাপন কৰা হৈছে আৰু ইয়াৰ জৰিয়তে ৩ হাজাৰ ৭২৩ কিলোৱাট উৎপাদন ক্ষমতাৰ সংযোজন ঘটিছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰি অসম শক্তি বিতৰণ কোম্পানী লিমিটেড আৰু এই আঁচ...

September 24, 2024 7:28 PM

তামুলপুৰত চতুৰ্থ ৰাষ্ট্ৰীয় মুখ্য সচিব সন্মিলনৰ প্ৰস্তুতি সন্দৰ্ভত জিলা অতিৰিক্ত আয়ুক্তৰ অধ্যক্ষতাত বৈঠক

তামুলপুৰ জিলাত সমাগত চতুৰ্থ ৰাষ্ট্ৰীয় মুখ্য সচিব সন্মিলনৰ প্ৰস্তুতি সন্দৰ্ভত আজি জিলাৰ অতিৰিক্ত আয়ুক্তৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত থকা এই বৈঠকত বিভাগসমূহৰ অধীনত চলি থকা কাম-কাজৰ প্ৰত্যাহ্বান আৰু তাৰ সমাধান সম্পৰ্কে অতিৰিক্ত আয়ুক্তই সংশ্...

September 24, 2024 7:27 PM

গুৱাহাটীৰ নৰ্দমাসমূহৰ উন্নয়নৰ বাবে পৰিকল্পনা-বিস্তৃত প্রকল্প প্রতিবেদন যুগুতৰ বাবে নেডাৰলেণ্ডছৰ প্ৰতিষ্ঠানক দায়িত্ব

গুৱাহাটী মহানগৰীৰ ভৌগোলিক তথ্য ব্যৱস্থা আধাৰিত নৰ্দমাসমূহৰ উন্নয়নৰ বাবে পৰিকল্পনা আৰু বিস্তৃত প্রকল্প প্রতিবেদন যুগুত কৰাৰ বাবে নেডাৰলেণ্ডছৰ এটা প্ৰতিষ্ঠানক গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে দায়িত্ব অর্পণ কৰিছে। মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যাক লৈ দাখিল হোৱা এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্...

September 24, 2024 7:25 PM

কৰিমগঞ্জত সংবাদকর্মীৰ সৈতে জিলাখনৰ নৱনিযুক্ত আয়ুক্তৰ সৌজন্যমূলক সভা

কৰিমগঞ্জ জিলাৰ নৱনিযুক্ত আয়ুক্তই আজি জিলাখনৰ সকলো সংবাদকর্মীৰ সৈতে সৌজন্যমূলক সভা অনুষ্ঠিত কৰে। সভাত ভাষণ দি আয়ুক্তগৰাকীয়ে শান্তি শৃংখলাৰ দিশত জিলাখনত সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি কোৱাৰ লগতে চৰকাৰী সকলো কামকাজ নিৰ্দিষ্ট গতিৰে চলিব বুলিও তেওঁ জানিবলৈ দিয়ে। ইয়াৰ উপৰি ৰাজ্য চৰকাৰৰ বিভিন্ন ...

September 24, 2024 12:55 PM

মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰী প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণকাৰীৰে মত বিনিময় মন্ত্ৰী অতুল বৰাৰ

পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী অতুল বৰাই কালি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰী প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰে। বোকাখাতৰ পশু চিকিৎসা বিজ্ঞান আৰু পশুপালন মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।