আঞ্চলিক সংবাদ

August 29, 2024 9:00 PM

ওদালগুৰিৰ ভেৰগাঁও মহকুমাধিপতি কাৰ্যালয়ত ভূমি আৰু ৰাজহ সন্দৰ্ভত পর্যালোচনা বৈঠক

ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমা প্রশাসনৰ উদ্যোগত ভেৰগাঁও মহকুমাধিপতি কাৰ্যালয়ত আজি ভূমি আৰু ৰাজহ সন্দৰ্ভত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বিটিচিৰ কাৰ্যবাহী সদস্য দাওবিচা বড়োৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত মহকুমাটোৰ হৰিশিঙা, খৈৰাবাৰী আৰু কলাইগাঁও ৰাজহ চক্ৰৰ লাটমণ্ডলসকলৰ লগতে ভূমি আৰু ৰাজহ বিভাগৰ বিষয়া-...

August 29, 2024 8:59 PM

মাজুলীৰ মিছামৰা প্ৰাথমিক বিদ্যালয়ত বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ

মাজুলী জিলা স্বাস্থ্য বিভাগৰ অধীনৰ কমলাবাৰী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত আজি মিছামৰা প্ৰাথমিক বিদ্যালয়ত বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত চকু ৰোগ, দাঁতৰ ৰোগ, সাধাৰণ স্বাস্থ্য, স্ত্ৰী ৰোগ আদিৰ চিকিৎসা কৰা হয়। কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসক উপস্থিত থকা এই শিবিৰৰ আৰম্ভণিত...

August 29, 2024 8:57 PM

ৰাজ্য চৰকাৰক ডিব্ৰুগড়ৰ প্ৰগতিশীল কৃষক জয়দীপ মালিমিহিৰৰ ২০০ কুইণ্টল ধান বিক্ৰী

ডিব্ৰুগড় জিলাৰ মৰাণ কৃষি চক্ৰৰ পথালি গাঁও পঞ্চায়তৰ ১ নম্বৰ হলৌগুৰি গাঁৱৰ প্ৰগতিশীল কৃষক জয়দীপ মালিমিহিৰে চৰকাৰক প্ৰায় ২০০ কুইণ্টল ধান বিক্ৰী কৰিবলৈ সমৰ্থ হৈছে। প্ৰায় ৫০ বিঘা ভূমিত জিলা কৃষি বিভাগৰ পৰা বিতৰণ কৰা ধানৰ বীজেৰে খেতি কৰি কৃষকগৰাকীয়ে এই সফলতা লাভ কৰে ৷ ধানখেতিৰ উপৰি তেওঁ প্ৰায় ৫ বিঘ...

August 29, 2024 1:35 PM

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ইলা কটকী বৰুৱা সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ উদ্যোগত কালি ইলা কটকী বৰুৱা সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। পোন প্ৰথমবাৰৰ বাবে প্ৰদান কৰা এই বঁটা চলিত বৰ্ষত ভাগ্যশ্রী তামুলীলৈ আগবঢ়োৱা হয়। এই বঁটাত নগদ ১০ হাজাৰ টকাৰ লগতে মানপত্ৰ আৰু স্মাৰক প্ৰদান কৰা হয়। বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ স্নাতক...

August 29, 2024 1:26 PM

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ আক্ৰমণত পহৰাৰত বনৰক্ষী নিহত

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত কালি বাঘৰ আক্ৰমণত এজন পহৰাৰত বনৰক্ষীয়ে প্ৰাণ হেৰুৱায়। ৰাষ্ট্ৰীয় উদ্যানখনৰ বিলপাৰ এলেকাত নিয়মীয়া তহলৰ সময়ত ধনমণি ডেকা নামৰ কৰ্তব্যৰত গৃহৰক্ষী জোৱানজনক অকস্মাৎ অৰণ্যৰ পৰা ওলাই অহা ঢেকীয়াপতিয়া বাঘ এটাই জংঘলৰ মাজলৈ টানি লৈ যায়। বিয়লি প্ৰায় চাৰে ৫ বজাত সংঘটিত এই আকস্মিক...

August 28, 2024 10:10 AM

ৰাজ্যত খিলঞ্জীয়া লোকসকল সুৰক্ষিত হ’লেই অসম সুৰক্ষিত হ’ব- মুখ্যমন্ত্ৰী

● ৰাজ্যত খিলঞ্জীয়া লোকসকল সুৰক্ষিত হ'লেই অসম সুৰক্ষিত হ'ব বুলি কালি বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই মন্তব্য কৰে। ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত বিৰোধী বিধায়কৰ সমালোচনাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই হত্যা, ধর্ষণ আদিক ...

August 27, 2024 7:47 PM

অহা ৮ আৰু ৯ ছেপ্তেম্বৰত ভূপেন হাজৰিকা ৯৮ সংখ্যক জন্মদিনটো সমন্বয় দিৱস উদযাপন

ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত বৰেণ্য শিল্পীগৰাকীৰ ৯৮ সংখ্যক জন্মদিনটোত অহা ৮ আৰু ৯ ছেপ্তেম্বৰত সমন্বয় দিৱস হিচাপে উদযাপন কৰিব। আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদ মেলত ন্যাসে এই বিষয়ে প্ৰকাশ কৰে। দিৱসৰ সৈতে সংগতি ৰাখি ১ ছেপ্তেম্বৰত কলাক্ষেত্ৰৰ ডº বাণীকান্...

August 27, 2024 7:45 PM

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত বৰপেটা মহাবিদ্যালয়ত গ্ৰন্থমেলা অনুষ্ঠিত

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত বৰপেটা মহাবিদ্যালয়ত আজিৰ পৰা গ্ৰন্থমেলা অনুষ্ঠিত হয়। বৰপেটা মহাবিদ্যালয়ৰ প্ৰকাশ সাহিত্য গোটৰ সহযোগত তিনিদিনীয়াকৈ আয়োজিত গ্রন্থমেলাখন শিক্ষাবিদ তথা বৰপেটা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি বাৰিন্দ্ৰ ভূঞাই উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমো...

August 27, 2024 7:10 PM

তিনিচুকীয়া বয়োজ্যেষ্ঠ নাগৰিক কল্যাণ সংস্থাৰ পঞ্চদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত

তিনিচুকীয়া বয়োজ্যেষ্ঠ নাগৰিক কল্যাণ সংস্থাৰ পঞ্চদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি সমাজৰ প্রতি জ্যেষ্ঠ নাগৰিকৰ কৰ্তব্য শীর্ষক এখন আলোচনা সভা অনুষ্ঠিত হয়। তিনিচুকীয়াৰ বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজৰ সভাকক্ষত অনুষ্ঠিত এই আলোচনা সভাত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, চিন্তাবিদ...

August 27, 2024 7:09 PM

যোৰহাট জিলাত কেইবাগৰাকীও অতিৰিক্ত জিলা দণ্ডাধীশক লৈ টাস্ক ফোৰ্চ গঠন

যোৰহাট জিলাত আইন শৃংখলা বৰ্তাই ৰখাৰ লগতে জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে জিলা আয়ুক্তই নিৰ্দেশ জাৰি কৰিছে। এই নিৰ্দেশ অনুসৰি কেইবাগৰাকীও অতিৰিক্ত জিলা দণ্ডাধীশক লৈ টাস্ক ফোৰ্চ গঠন কৰা হৈছে। জনসাধাৰণে নিৰাপত্তাজনিত সমস্যাৰ সন্মুখীন হ'লে সংশ্লিষ্ট এলেকাৰ দায়িত্বত থকা অতিৰিক্ত জিলা দণ্ডাধী...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।