আঞ্চলিক সংবাদ

September 1, 2024 1:13 PM

নলবাৰীত আকাশবাণী গুৱাহাটীৰ স্বাধীনতা সংগীত সন্মিলন শীৰ্ষক শাস্ত্রীয় আৰু লোকসংগীতৰ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰই দেশৰ স্বাধীনতা সংগ্ৰামৰ ঐতিহ্য সুঁৱৰি আয়োজন কৰা স্বাধীনতা সংগীত সন্মিলন শীৰ্ষক শাস্ত্রীয় আৰু লোকসংগীতৰ অনুষ্ঠান নলবাৰী জিলা পুথিভঁৰালত কালি অনুষ্ঠিত হৈ যায়। আকাশবাণী আৰু দূৰদৰ্শনৰ উত্তৰ-পূৰ্বাঞ্চলৰ অতিৰিক্ত সঞ্চালক প্রধান আশিষ কুমাৰ ভাটনাগৰে বন্তি প্ৰজ্বলেনেৰে অনুষ্ঠানৰ...

September 1, 2024 12:37 PM

ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাই জলমগ্ন

পুৱাৰে পৰা হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাই জলমগ্ন হৈ পৰিছে। চানমাৰি, জু-ৰোড, হাতীগাঁও, কক্মিণীগাঁও আদি এলেকা কৃত্রিম বানত বুৰ যোৱাৰ লগতে জনসাধাৰণৰ জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে। উল্লেখযোগ্য যে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেশৰ কেইবাখনো ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত অহ...

September 1, 2024 12:32 PM

খানাপাৰাত কাইলৈ ২৩,৯৫৬ গৰাকী উচ্চ আৰু নিম্ন প্রাথমিক বিদ্যালয়ৰ ঠিকাভিত্তিক শিক্ষকক স্থায়ী নিযুক্তি পত্র প্রদান কাৰ্যসূচী

খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কাইলৈ ২৩,৯৫৬ গৰাকী উচ্চ আৰু নিম্ন প্রাথমিক বিদ্যালয়ৰ ঠিকাভিত্তিক শিক্ষকক স্থায়ী নিযুক্তি পত্র প্রদান কৰা হ'ব। নিযুক্তি পত্র প্রদান অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ এক লাখ নিযুক্তি লক্...

September 1, 2024 12:27 PM

কাছাৰ কাগজকলৰ চৌহদত ২,৪০০ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উদ্যোগ স্থাপনৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰস্তাৱ লাভ

কাছাৰ কাগজকলৰ চৌহদত ২,৪০০ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উদ্যোগ স্থাপনৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তাৱ লাভ কৰিছে। অসম ঔদ্যোগিক উন্নয়ন নিগম চমুকৈ এ আই ডি চিয়ে ইতিমধ্যে বন্ধ হৈ যোৱা কাগজকলটোৰ ২,৯১৬ বিঘা মাটি অধিগ্রহণ কৰি নিজৰ দখললৈ নিছে। সদ্যহতে এ আই ডি চিয়ে এই বৃহৎ ভূমিত ঔদ্যোগিক পাম স্থাপন কৰি বিভি...

September 1, 2024 12:23 PM

ৰাজ্যৰ চিকিৎসক আৰু স্বাস্থ্যকর্মীসকলৰ নিৰাপত্তা তথা সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে দিছপুৰত আৰক্ষী সঞ্চালকপ্ৰধানৰ উপস্থিতিত মুখ্য সচিবৰ পর্যালোচনা বৈঠক

ৰাজ্যৰ চিকিৎসক আৰু স্বাস্থ্যকর্মীসকলৰ নিৰাপত্তা তথা সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে কালি দিছপুৰত ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ উপস্থিতিত মুখ্য সচিবে এখন বিশেষ পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। মুখ্য সচিব ৰবি কোটা, আৰক্ষী সঞ্চালকপ্রধান জ্ঞানেন্দ্ৰ প্রতাপ সিং, বিশেষ আৰক্ষী সঞ্চালকপ্রধান হৰমিত সিঙৰ লগতে আন ক...

August 31, 2024 8:30 PM

মৰিগাঁৱৰ চাৰণ বিলত পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা অনুষ্ঠিত

মৰিগাঁও জিলাৰ চাৰণ বিলত আজি ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে ৰাষ্ট্ৰীয় ক্রীড়া দিৱসৰ লগত সংগতি ৰাখি আজি পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা অনুষ্ঠিত কৰে। চাৰণ বিল কেন'য়িং আৰু কায়াকিং জলক্রীড়া ক্ষেত্ৰত অনুষ্ঠিত প্রতিযোগিতাখন মন্ত্রী নন্দিতা গালোচাই উদ্বোধন কৰে। অনুষ্ঠানত ক্রীড়া বিভাগৰ উচ্চ পদ...

August 31, 2024 8:26 PM

নগাঁৱৰ জিলা পুথিভঁড়াল প্রেক্ষাগৃহত ৩ দিনীয়া কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মধ্যকালিন অধিবেশন

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মধ্যকালিন অধিবেশন কালিৰে পৰা নগাঁৱৰ জিলা পুথিভঁড়াল প্রেক্ষাগৃহত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কালি পুৱা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইয়ে পতাকা উত্তোলন আৰু সাধাৰণ সম্পাদক ৰাতুল বৰগোহাইয়ে শহিদ তৰ্পন কাৰ্যসূচীৰে অনুষ্ঠানৰ শুভাৰম...

August 31, 2024 8:24 PM

ভাৰতীয় তেল নিগমৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে বঙাইগাঁও শোধনাগাৰৰ চিকিৎসালয়ত ৰক্তদান শিবিৰ

ভাৰতীয় তেল নিগমৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে চিৰাঙৰ ঢালিগাঁৱত থকা বঙাইগাঁও শোধনাগাৰৰ চিকিৎসালয়ত আজি ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। বঙাইগাঁও শোধনাগাৰৰ চিকিৎ‍সালয়ৰ উদ্যোগত আৰু বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ সহযোগত অনুষ্ঠিত এই শিবিৰত শোধনাগাৰৰ বিষয়া- কৰ্মচাৰী, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ বি...

August 31, 2024 8:21 PM

চৰাইদেউ জিলাৰ সোণাৰি পৌৰসভা এলেকাত অসমীয়াত নামফলক ব্যৱহাৰ কৰিবলৈ সোণাৰি পৌৰসভাৰ নিৰ্দেশনা

চৰাইদেউ জিলাৰ সোণাৰি পৌৰসভা এলেকাত অৱস্থিত সকলো দোকান, ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়াত নামফলক ব্যৱহাৰ কৰিবলৈ সোণাৰি পৌৰসভাই নিৰ্দেশনা জাৰি কৰিছে। চৰাইদেউ জিলা ঐক্যমঞ্চই দিয়া স্মাৰক পত্ৰৰ প্ৰতি সন্মান জনাই সোণাৰি পৌৰসভাৰ কাৰ্যবাহী বিষয়াই অসমীয়াত নামফলক ব্যৱহাৰ কৰাতো বাধ্যতামূলক কৰিছে। জাৰি কৰা নির...

August 31, 2024 8:17 PM

যোৰহাট আৰক্ষী ছাউনীত জিলাখনত আইন শৃংখলা পৰিস্থিতি আৰু অপৰাধ তদন্ত বিষয়ক পর্যালোচনা বৈঠক অনুষ্ঠিত

যোৰহাট জিলাত আইন শৃংখলা পৰিস্থিতি আৰু অপৰাধ তদন্ত বিষয়ক এখন পর্যালোচনা বৈঠক আজি যোৰহাট আৰক্ষী ছাউনীত অনুষ্ঠিত হয়। যোৰহাট আৰক্ষী অধীক্ষকৰ পৌৰহিত্যত অনুষ্ঠিত এই বৈঠকত আৰক্ষীসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়েও আলোচনা কৰা হয়। যোৱা মাহত পাৰদৰ্শিতা দেখুওৱা আৰক্ষীক এই বৈঠকত পুৰস্কাৰ আৰু মানপত্ৰ প...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।