আঞ্চলিক সংবাদ

September 1, 2024 9:16 PM

কৃত্ৰিম বানৰ ফলত মহানগৰীৰ  জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত

গুৱাহাটী মহানগৰী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত কালি সন্ধিয়াৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানে জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰিছে। মহানগৰীখনৰ জু-ৰোড, ৰুক্মিণীগাঁও, পাঞ্জাবাৰী, কাহিলীপাৰা, নুনমাটি, হাতীগাঁও, বেলতলা পথ, যোৰাবাটকে ধৰি কেইবাটাও মূল পথত পানী জমা হোৱাৰ ফলত জনসাধাৰণ...

September 1, 2024 9:13 PM

২৩,৯৫৬ গৰাকী উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ঠিকাভিত্তিক শিক্ষকক নিয়মীয়া শিক্ষক হিচাপে কাইলৈ নিযুক্তি পত্ৰ প্ৰদান কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ২৩,৯৫৬ গৰাকী উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ঠিকাভিত্তিক শিক্ষকক নিয়মীয়া শিক্ষক হিচাপে নিযুক্তি পত্ৰ প্ৰদান কৰিব। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে বিশেষ নিযুক্তি প্রক্রিয়াৰে এই শিক্ষকসকলক বাছনি কৰিছে। এই সন্দৰ্ভত য...

September 1, 2024 9:04 PM

গ্রীচত অনুষ্ঠিত গ্ৰেণ্ড মাষ্টাৰ নৰ্ম টুর্ণামেণ্টত অসমৰ মাষ্টাৰ মায়ংক চক্ৰৱৰ্ত্তীৰ দ্বিতীয়টো গ্রেণ্ড মাষ্টাৰ নৰ্ম লাভ

গ্রীচত অনুষ্ঠিত গ্ৰেণ্ড মাষ্টাৰ নৰ্ম টুর্ণামেণ্টত অসমৰ ১৫-বছৰীয়া ডবাৰ আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ মায়ংক চক্ৰৱৰ্ত্তীয়ে দ্বিতীয়টো গ্রেণ্ড মাষ্টাৰ নৰ্ম লাভ কৰে। মায়ংকক এতিয়া অসম তথা উত্তৰ পূবৰ প্ৰথমগৰাকী গ্ৰেণ্ড মাষ্টাৰ ৰূপে পৰিগণিত হ'বলৈ ফীডে ৰেটিং পইণ্টৰ  ২৫০০ স্পৰ্শ কৰিব পৰাকৈ অন্তিমটো নৰ্মৰ প্ৰয়োজন। মায়...

September 1, 2024 8:55 PM

মহিলা আৰু শিশু বিভাগৰ উদ্যোগত ৰাজ্যিক পোষণ মাহ আৰম্ভ

দেশৰ বিভিন্ন অংশৰ লগতে অসমতো মহিলা আৰু শিশু বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পোষণ মাহৰ লগত সংগতি ৰাখি আজিৰে পৰা ৰাজ্যিক পোষণ মাহ আৰম্ভ কৰা হৈছে। শিশু, কিশোৰ, কিশোৰী, মাতৃ তথা গৰ্ভৱতী মহিলাৰ পুষ্টিহীনতা ৰোধৰ উদ্দেশ্যেৰে এই মাহ পালনৰ ব্যৱস্থা কৰা হৈছে। এই উপলক্ষে ঠায়ে ঠায়ে এক পেৰ মা কে নাম শীৰ্ষক কাৰ্যসূচী...

September 1, 2024 8:14 PM

ইটানগৰত উত্তৰ-পূব অঞ্চলত কৃষকৰ আয় বৃদ্ধিৰ বাবে সংহত মেথোন পালন শীর্ষক দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ শুভাৰম্ভ

অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল প্রাক্তন লেফটেনেণ্ট জেনেৰেল কে টি পাৰনায়কে আজি মেথোন দিৱস উপলক্ষে ইটানগৰত ভাৰতৰ উত্তৰ-পূব অঞ্চলত কৃষকৰ আয় বৃদ্ধিৰ বাবে সংহত মেথোন পালন শীর্ষক দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ শুভাৰম্ভ কৰে। তেওঁ মেথোন সম্পৰ্কীয় পুস্তিকা, ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ ল...

September 1, 2024 7:52 PM

নগাঁও জিলাৰ বিভিন্ন অঞ্চলত মীন বিভাগৰ বিভিন্ন মীন পালন প্রকল্প পৰিদৰ্শন

নগাঁও জিলাৰ বিভিন্ন অঞ্চলত আজি মীন বিভাগে অভিযান চলাই বিভিন্ন মীন পালন প্রকল্প পৰিদৰ্শন কৰে। জিলা মীন বিভাগে জুৰীয়া, দ' গাঁও, গদাইমাৰী, মেলেকা ধিং আদি অঞ্চলৰ পুখুৰীসমূহৰ পানীৰ নমুনা সংগ্ৰহ কৰে। মীন বিষয়াসকলে প্ৰকাশ কৰা মতে অঞ্চলটোৰ মাছৰ পুখুৰীসমূহৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত ...

September 1, 2024 7:47 PM

তিনিচুকীয়া আৰক্ষী থানাৰ উদ্যোগত নাৰী সুৰক্ষা সন্দৰ্ভত সজাগতামূলক সভা

তিনিচুকীয়া আৰক্ষী থানাৰ উদ্যোগত তিনিচুকীয়া কমাৰ্চ কলেজত আজি নাৰী সুৰক্ষা সন্দৰ্ভত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। এই সভাত সাম্প্ৰতিক পৰিস্থিতিত নাৰীৰ নিৰাপত্তা তথা সুৰক্ষাৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰি দিহা পৰামৰ্শ আগবঢ়োৱা হয়। অনুষ্ঠানত চাহ জনজাতি কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণ, তি...

September 1, 2024 7:37 PM

শিৱসাগৰত ৩০ টা দল সংগঠনৰ উমৈহতীয়া সংবাদমেল

শিৱসাগৰত আজি ৩০ টা দল সংগঠনে উমৈহতীয়াভাৱে এখন সংবাদমেলৰ আয়োজন কৰি অসমত খিলঞ্জীয়াৰ অস্বিত্ব ৰক্ষাৰ উদ্দেশ্যে অক্টোবৰ মাহৰ শেষৰ ফালে বিশাল গণসমাবেশৰ আয়োজন কৰা হব বুলি প্ৰকাশ কৰিছে। তেওঁলোকে সমগ্ৰ অসমৰ খিলঞ্জীয়া ৰাইজৰ অধিকাৰ সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত গণ আন্দোলনৰ পৰিকল্পনা কৰিছে বুলি জানিবলৈ দিয়ে...

September 1, 2024 7:32 PM

অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষৰ যোৰহাটৰ শিশু পর্যবেক্ষণ গৃহ পৰিদৰ্শন

অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ ডাঃ শ্যামল প্ৰসাদ শ‍ইকীয়াই আজি যোৰহাটৰ শিশু পর্যবেক্ষণ গৃহ পৰিদৰ্শন কৰাৰ লগতে শিশু কয়দীসকলৰ থকা-খোৱা ব্যৱস্থাৰ বুজ লয়। এই পর্যবেক্ষণ বিভাগ ১৪টি শিশু কয়দী এইছ আই ভি পজিটিভ হোৱা বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে শিশুকেইটিৰ চিকিৎসা আৰু স্বাস্থ্যৰ যতনত গু...

September 1, 2024 7:20 PM

যোৰহাট জিলাত ফটোযুক্ত ভোটদাতাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী সন্দৰ্ভত প্রশিক্ষণ কাৰ্যসূচী

যোৰহাট জিলাত ফটোযুক্ত ভোটদাতাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী সন্দৰ্ভত বুথ পৰ্যায়ৰ বিষয়া আৰু পর্যবেক্ষকসকলৰ বাবে আজি তিতাবৰৰ দেৱ কুমাৰ বৰা প্ৰেক্ষাগৃহত প্রশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। তিতাবৰ আৰু মৰিয়নী বিধান সভা সমষ্টিৰ বিষয়াসকলৰ বাবে এই কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত দিয়া ভাষণত মুখ্য প্ৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।