আঞ্চলিক সংবাদ

September 25, 2024 12:33 PM

মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন পূৰ হোৱা উপলক্ষে যুৱ শক্তিক গতি প্ৰদানৰ লক্ষ্যৰে চৰকাৰৰ বিভিন্ন পদক্ষেপ গ্ৰহণ

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন পূৰ হোৱাৰ সৈতে সংগতি ৰাখি বিকশিত ভাৰতৰ পথত অগ্ৰসৰ হোৱাৰ উপলক্ষে চৰকাৰে যুৱ শক্তিক গতি প্ৰদানৰ লক্ষ্যৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্ৰসংগত কৈছে যে যুৱক-যুৱতীসকলক নতুন চাকৰি লাভ কৰাৰ লগতে অতিৰিক্ত আয়ৰ উৎস সৃষ...

September 25, 2024 12:31 PM

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগত অংশকালীন সংবাদদাতাৰ বাবে আগ্রহী প্রার্থীৰ পৰা আৱেদন আহ্বান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে অংশকালীন সংবাদদাতা হিচাপে বজালী, বিশ্বনাথ, ডিব্ৰুগড়, হোজাই, কামৰূপ, পশ্চিম কাৰ্বি আংলং, ধেমাজি আৰু কাছাৰ জিলাৰ বাবে আগ্রহী প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে। আগ্রহী প্রার্থীসকলে আকাশবাণীৰ ৱেৱছাইট www.newsonair.gov.inত লগ ইন কৰি সবিশেষ তথ্য লাভ কৰাৰ লগত...

September 25, 2024 12:30 PM

লখিমপুৰত জিলা যক্ষ্মা দূৰীকৰণ আঁচনিৰ অধীনত নতুন ঔষধ ব্যৱস্থাবিষয়ক প্ৰশিক্ষণ কার্যসূচী

জিলা যক্ষ্মা দূৰীকৰণ আঁচনিৰ অধীনত নতুন ঔষধ ব্যৱস্থাৰ বিষয়ে লখিমপুৰ জিলা সন্মিলন কেন্দ্ৰত মঙলবাৰে প্ৰশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। এই প্ৰশিক্ষণ কাৰ্যসূচীত ৰাজ্যিক যক্ষ্মা বিষয়া, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শদাতা, লখিমপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, জিলা যক্ষ্মা আৰু এইডছ নিয়ন্ত্ৰণ বিষয...

September 25, 2024 12:28 PM

আই এফ বি বি মিষ্টাৰ ইউনিভাৰ্ছ দেহশ্ৰী প্ৰতিযোগিতাত অসমৰ কিৰণ টায়েঙৰ স্বর্ণপদক অৰ্জন

আই এফ বি বি মিষ্টাৰ ইউনিভাৰ্ছ দেহশ্ৰী প্ৰতিযোগিতাৰ ৯৫ কিলোগ্রাম ওজন শাখাত অসমৰ কিৰণ টায়েঙে স্বর্ণপদক অৰ্জন কৰিছে। ২০ৰ পৰা ২২ ছেপ্টেম্বৰলৈ মুম্বাইত এই বিশ্ব পৰ্যায়ৰ প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল। এই প্ৰতিযোগিতাত অসমৰ মুঠ ৭গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। কিৰণ টায়েং হ’ল এই প্রতিযোগিতাত খিতাপ অৰ্জ...

September 25, 2024 12:26 PM

মাজুলী মহাবিদ্যালয়ত নিচামুক্ত ভাৰত অভিযানৰ অধীনত ড্ৰাগছ আৰু সুৰাৰ কুপ্ৰভাৱৰ বিষয়ত সজাগতা সভা

নিচামুক্ত ভাৰত অভিযানৰ অধীনত মাজুলী মহাবিদ্যালয়ত কালি ড্ৰাগছ আৰু সুৰাৰ কুপ্ৰভাৱসমূহৰ বিষয়ে এখন সজাগতা সভা অনুষ্ঠিত হয়। জিলা আইন সেৱা প্ৰাধিকৰণ আৰু জিলা সমাজ কল্যাণ কাৰ্যালয়ৰ যৌথ উদ্যোগত নগাঁৱৰ এটা বেচৰকাৰী প্ৰতিষ্ঠানৰ সহযোগত মহাবিদ্যালয়খনত মাদক দ্ৰব্যমুক্ত চৌহদ কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব দ...

September 25, 2024 12:22 PM

ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ নৱম শ্ৰেণীত অধ্যয়নৰত ৩.২৩ লাখতকৈও অধিক ছাত্র-ছাত্রীক চাইকেল প্ৰদানৰ সিদ্ধান্ত

অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ নৱম শ্ৰেণীত অধ্যয়নৰত ৩ লাখ ২৩ হাজাৰতকৈও অধিক ছাত্র-ছাত্রীক চাইকেল প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই সিদ্ধান্ত সদৰি কৰিছে। কালি অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে আৰু ইয়াৰ বাবে ৰাজ্য চৰকাৰে প্ৰায় ১৫০ কোটি টক...

September 25, 2024 12:16 PM

প্রধানমন্ত্ৰীয়ে অহা দেওবাৰে আকাশবাণীৰ ‘মন কী বাত’ৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৪সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰলৈ ফোন কৰি প্ৰধানমন্ত...

September 24, 2024 9:22 PM

ধুবুৰী জিলাত বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়িত কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি ধুবুৰী জিলাত জিলাখনৰ বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়িত কাম-কাজৰ পৰ্যালোচনা কৰে। জিলাখনৰ অভিভাৱক মন্ত্ৰী শ্ৰী দাসে খাদ্য, অসামৰিক যোগান, লোকনিৰ্মাণ, জনস্বাস্থ্য কাৰিকৰী, কৃষিকে ধৰি ৩৩টা বিভাগৰ অধীনত ৰূপায়িত বিভিন্ন আঁচনিৰ কাম-কাজ পর্য...

September 24, 2024 9:21 PM

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন, মহিলা নেতৃত্বাধীন বিকাশৰ লক্ষ্য চৰকাৰৰ

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন পূৰ হোৱাৰ সৈতে সংগতি ৰাখি বিকশিত ভাৰতৰ পথত অগ্ৰসৰ হোৱাৰ এশ দিন উপলক্ষে চৰকাৰে মহিলা নেতৃত্বাধীন বিকাশৰ লক্ষ্য লৈছে। ইয়াৰ অধীনত মহিলাৰ দ্বাৰা ক্ৰয় কৰা সম্পত্তিৰ বাবে ষ্টাম্প শুল্ক হ্ৰাস কৰিবলৈ ৰাজ্যসমূহক উৎসাহিত কৰা হৈছে। তদুপৰি হোষ্টেল আৰু ম...

September 24, 2024 9:19 PM

পশ্চিমবংগৰ জলপাইগুৰিৰ মইনাগুৰি ৰে’ল ষ্টেচনৰ সমীপত মালবাহী ৰে’লগাড়ীৰ দবা লাইনচ্যুত

পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ মইনাগুৰি ৰে'ল ষ্টেচনৰ সমীপত আজি পুৱা এখন মালবাহী ৰে’লগাড়ীৰ কেইবাটাও দবা লাইনৰ পৰা বাগৰি পৰে। ৰে'লগাড়ীখনৰ একাংশ দবা ইঞ্জিনৰ পৰা বিচ্ছিন্ন হোৱাৰ বাবেই এই অঘটন ঘটে। দুৰ্ঘটনাত পতিত ৰে’লগাড়ীখন অসমৰ পৰা নিউ জলপাইগুৰি ষ্টেচন অভিমুখে গৈ আছিল বুলি জানিব পৰা গৈছে। আলিপুৰ দুৱাৰৰ ম...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।