আঞ্চলিক সংবাদ

September 7, 2024 12:51 PM

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত আজি উত্তৰ পূৰ্বাঞ্চলত ৰেলৱেৰ আধুনিকীকৰণ সন্দৰ্ভত আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটৰ ফোন ইন দৃষ্টিপাত অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলত ৰেলৱেৰ আধুনিকীকৰণ সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মা সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। আগ্রহী শ্রোতাই...

September 7, 2024 12:49 PM

ঢকুৱাখানা মহাবিদ্যালয়লৈ বিশ্ববিদ্যালয় অনুদান আয়োগৰ অটন’মাছ কলেজৰ স্বীকৃতি প্ৰদান

বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা ঢকুৱাখানা মহাবিদ্যালয়ে শৈক্ষিক ক্ষেত্ৰখনৰ উত্তৰণত নৱ সংযোজন হিচাপে অটন'মাছ কলেজৰ স্বীকৃতি লাভ কৰিছে। ইফালে মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত কালি লখিমপুৰৰ নৰ্থ বেংক কলেজৰ ৬৪ সংখ্যক নৱাগত আদৰণি সভা অনুষ্ঠিত হয়। সভাত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড...

September 7, 2024 12:43 PM

ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কেন্দ্ৰই পূৰ্বৰেপৰা জনজাতীয় মর্যাদা লাভ কৰা জনজাতিসমূহৰ অসুবিধা নোহোৱাকৈ পূৰ্বৰ চৰকাৰে বিধানসভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱত সালসলনি কৰি নতুনকৈ প্ৰস্তাৱ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে। বৰ্তমান ৰাজ্য চৰকাৰে...

September 7, 2024 12:41 PM

ৰাজ্যৰ ১৯ খন জিলাৰ আয়ুক্তৰ সালসলনি

ৰাজ্যৰ ১৯ খন জিলাৰ আয়ুক্তৰ সালসলনি ঘটোৱা হৈছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগৰ প্ৰধান সচিবে জাৰি কৰা এটা নিৰ্দেশনা অনুসৰি কামৰূপৰ আয়ুক্ত কীৰ্তি জলীক পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। শোণিতপুৰৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰক কামৰূপৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। কাছাৰৰ আয়ুক্ত হিচাপে ক...

September 7, 2024 12:38 PM

ধিঙৰ ধৰ্ষণকাণ্ডৰ পলাতক ২ অভিযুক্তৰ আত্মসমৰ্পন

ধিঙৰ ধৰ্ষণকাণ্ডৰ পলাতক ২ অভিযুক্ত গোলাবুদ্দিন আৰু ফৰিদুল ইছলামে কালি নগাওঁ জিলা আৰক্ষী অধীক্ষকৰ ওচৰত আত্মসমৰ্পন কৰে। ঘটনা সংঘটিত হোৱাৰ পাছতে পলায়ন কৰা দুই অভিযুক্তৰ এজনে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰত আৰু আনজনে মৰিগাওঁত আত্মগোপন কৰি আছিল। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কাৰ্যকৰী সভাপতি আবুবক্কৰ ছ...

September 7, 2024 12:29 PM

ত্ৰিপুৰৰা বানপীড়িতৰ বাবে ৫৬৪ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা ড° মাণিক সাহাৰ

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড° মাণিক সাহাই কালি বিধানসভাত ৰাজ্যখনৰ বানাক্ৰান্ত অঞ্চল আৰু বানপীড়িতৰ বাবে ৫৬৪ কোটি টকাৰ এটা বিশেষ পেকেজ ঘোষণা কৰিছে। তেওঁ কয় যে, শেহতীয়া বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতি বিবেচনা কৰি ৰাজ্য চৰকাৰে বিভিন্ন খণ্ডত তাৎক্ষণিক সাহায্য আৰু উদ্ধাৰ কাৰ্যৰ বাবে বিত্তীয় পেকেজ ঘোষণা কৰাৰ...

September 6, 2024 9:11 PM

যোৰহাটত কাইলৈৰ পৰা ল’ৰাৰ চাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতা

যোৰহাটত কাইলৈৰ পৰা অনুষ্ঠিত হ'বলগীয়া ল'ৰাৰ চাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে ভিন ভিন ৰাজ্যৰ পৰা কেইবাটাও দল আহি উপস্থিত হৈছে। যোৰহাট ক্রীড়া সন্থাই সকলো দলকে আদৰণি জনোৱাৰ লগতে প্ৰতিযোগিতাৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাইলৈ প্ৰতি...

September 6, 2024 9:08 PM

বাক্সা জিলাৰ শালবাৰী মহকুমা আৰক্ষীৰ অভিযানত প্ৰায় ১১ হাজাৰ কিলোগ্রাম ভাং জব্দ

বাক্সা জিলাৰ শালবাৰী মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত আৰু শিমলাগুৰি আৰক্ষী চকীৰ সহযোগত কালি নিশা বাক্সাৰ বেলগুৰিত চলোৱা এটা অভিযানত প্ৰায় ১১ হাজাৰ কিলোগ্রাম ভাং জব্দ কৰা হয়। গোবৰ্ধনাৰ গামাৰীগুৰিৰ বাসিন্দা মুকুন্দ নাথ আৰু বেলগুৰিৰ সন্তোষ কুমাৰ বৰ্মন নামৰ দুজন ব্যৱসায়িক আৰক্ষীয়ে আটক কৰে। ধৃত সন্তোষ ...

September 6, 2024 9:07 PM

নগাওঁ মহাবিদ্যালয়ে নিজাববীয়াকৈ যন্ত্ৰৰ জৰিয়তে এড়ি সূতাৰ আহ কটা আৰু প্ৰাকৃতিক ৰং মিশ্ৰনৰ প্ৰশিক্ষণৰ ব্যৱস্থা

নগাওঁ মহাবিদ্যালয়ে নিজাববীয়াকৈ নগাঁও, মৰিগাওঁ আৰু কাৰ্বি আংলঙৰ কৃষকসকলক যন্ত্ৰৰ জৰিয়তে এড়ি সূতাৰ আহ কটা আৰু প্ৰাকৃতিক ৰং মিশ্ৰনৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে। ৰাজ্যৰ বাহিৰত থলুৱা এড়ি মুগাৰ বৃহৎ বজাৰখনৰ প্ৰতি লক্ষ্য ৰাখি থলুৱা উদ্যোগটোক অধিক শক্তিশালী কৰাৰ মানসেৰে দীৰ্ঘদিন ধৰি নগাওঁ মহাবিদ্যালয...

September 6, 2024 9:04 PM

যোৰহাট জিলাৰ অন্তৰ্গত ভেকধগঢ়া মণ্ডলত বিজেপিৰ সদস্যতা অভিযান কার্যসূচী অনুষ্ঠিত

যোৰহাট জিলাৰ অন্তৰ্গত ভেকধগঢ়া মণ্ডলত আজি ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদীৰ উপস্থিতিত বিজেপিৰ সদস্যতা অভিযান কার্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ উপ সভাপতি তপন কুমাৰ গগৈ, সাংসদ কামাখ্যা প্ৰসাদ তাচাই, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহাইকে ধৰি দলীয় সতীৰ্থসকল উপস্থিত থাকে। ইপিনে, কৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।