আঞ্চলিক সংবাদ

September 8, 2024 7:32 PM

পাঠশালাত ভাৰতীয় জনতা পাৰ্টীৰ সদস্য ভর্তি অভিযান আৰম্ভ

বজালী জিলাৰ পাঠশালাত আজি ভাৰতীয় জনতা পাৰ্টীৰ সদস্য ভর্তি অভিযান অনুষ্ঠিত হয়। এই কার্যসূচীত অসম প্রদেশ বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাস আৰু মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকে। এই অনুষ্ঠানত সহস্রাধিক লোকে আনুষ্ঠানিকভাৱে দলটোত যোগ দিয়ে। অনুষ্ঠানত মন্ত্ৰী দাসে কয় যে দলৰ এই অভিযানত পুৰণি সকলো...

September 8, 2024 7:23 PM

ৰাজ্যত তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ কাম-কাজ অক্টোবৰ মাহৰ পৰা আৰম্ভ হ’ব

ৰাজ্যত তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ কাম-কাজ অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত ৰাজহ বিভাগৰ এখন কৰ্মশালাত এই কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাত থাকি যোৱা আবেদনকাৰীসকলৰ আ...

September 8, 2024 7:20 PM

চৰাইদেউ জিলাৰ মথুৰাপুৰত অসম প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কার্যনির্বাহক সভা অনুষ্ঠিত

চৰাইদেউ জিলাৰ মথুৰাপুৰ গ্ৰাম্য ক্রীড়া প্ৰকল্প খেলপথাৰত আজি অসম প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কার্যনির্বাহক সভা অনুষ্ঠিত হয়। অসম প্ৰদেশ কংগ্ৰেছৰ মুঠ ৩৮০ জন বিষয়ববীয়া উপস্থিত থকা এই সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙকে ধৰি সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন আৰু সভাপতি ...

September 8, 2024 9:03 PM

অসমৰ বিভিন্ন প্ৰান্তত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জয়ন্তী পালন

বিশ্ব বৰেণ্য শিল্পী ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ আজি ৯৯ সংখ্যক জন্মদিন। মানৱতাৰ জয়গান গোৱা তেজস্বী কণ্ঠৰ অধিকাৰী শিল্পীগৰাকীৰ সংগীতে অসমৰ লগতে দেশে-বিদেশৰ অগণন জনতাক আজিও মুগ্ধ কৰি ৰাখিছে। কিংবদন্তী শিল্পীগৰাকীয়ে গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক হিচাপে অসমীয়াৰ উপৰি বঙালী, হিন্দী, ইংৰাজী আৰু...

September 8, 2024 7:05 PM

ৰাজ্য চৰকাৰৰ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ গঠন

ৰাজ্য চৰকাৰে অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ একত্রিত কৰি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ গঠন কৰিছে। এই পৰিষদৰ অধ্যক্ষ হিচাপে ভাৰতীয় প্ৰশাসনীয় সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া আৰ চি জৈনক মনোনীত কৰা হৈছে। আনহাতে, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বৰ্তমানৰ অধ্যক্ষ ৰুক্ম গোহাঁই...

September 8, 2024 12:12 PM

নৱম সংখ্যক মাজুলী জিলা দিৱস উপলক্ষে বিভিন্ন কার্যসূচী ৰূপায়ন

নৱম সংখ্যক মাজুলী জিলা দিৱস উপলক্ষে আজি পুৱাৰ ভাগতে কমলাবাৰীত ঘড়ী টাৱাৰৰ আধাৰশিলা স্থাপনৰ পাছত সমূহিয়া ছাফাই অভিযান কার্যসূচী ৰূপায়ন কৰা হয়। ইয়াৰ পাছতে গড়মূৰ জিলা কাৰাগাৰত যোগাসনৰ এক কাৰ্যসূচী ৰূপায়ন কৰা হয়। দুপৰীয়াৰ ভাগত গড়মূৰৰ বংশীগোপাল নাট্য মন্দিৰত কলা প্ৰতিযোগিতা আৰু জনসভা অনুষ্ঠিত হ'...

September 8, 2024 12:09 PM

প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰষ্কাৰ, ২০২৫ৰ বাবে ১৫ ছেপ্তেম্বৰ মনোনয়ন দাখিলৰ অন্তিম দিন

প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰষ্কাৰ, ২০২৫ৰ বাবে ১৫ ছেপ্তেম্বৰ মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্রতি বছৰে জানুৱাৰীত এই বঁটাসমূহ প্ৰদান কৰে। এই বছৰৰ বঁটা প্ৰাপকসকলৰ নাম ২৬ ডিচেম্বৰত সাহসী শিশু দিৱসৰ দিনা ঘোষণা কৰা হ'ব। শিশুসকলৰ সামৰ্থ, দৃঢ়তা, উৎসাহ- উদ্দী...

September 8, 2024 12:06 PM

বিধায়ক ৰূপেশ গোৱালাৰ তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিত বিভিন্ন উন্নয়নমূলক প্রকল্পৰ আধাৰশিলা স্থাপন

বিধায়ক ৰূপেশ গোৱালাই তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিত ৬২ লাখ ৬৩ হাজাৰ টকা ব্যয় বে নির্মাণ কৰিবলগীয়া ৮টা বিভিন্ন উন্নয়নমূলক প্রকল্পৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন অনুষ্ঠানত পৌৰসভাৰ পৌৰপতি কান্তা ভট্টাচার্যী, পৌৰসভাৰ কার্যবাহী বিষয়া বিদ্যুৎ বিকাশ চাংমা, উপ-পৌৰপতি মনি দত্ত লগতে আন...

September 8, 2024 12:02 PM

ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যক্ৰমৰ অধীনত ধুবুৰী জিলাত বিশেষ স্বাস্থ্য শিবিৰ আয়োজন

ধুবুৰী জিলাৰ ধৰ্মশালা খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ আলমগঞ্জ গেৰামাৰী একত্ৰীকৰণ উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যক্ৰমৰ অধীনত কালি এটা বিশেষ স্বাস্থ্য শিবিৰ আয়োজন কৰা হয়। জিলাখনত প্ৰতিদিনে প্ৰতিখন খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ বিদ্যালয় আৰু অঙ্গনৱাদী কেন্...

September 8, 2024 11:57 AM

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র প্রকল্প ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র প্রকল্প ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ'ব। বন বিভাগে এটা বিবৃতিযোগে এইকথা সদৰি কৰিছে। অৱশ্যে মুকলি কৰি দিয়া বিষয়টো বতৰৰ ওপৰত নিৰ্ভৰ কৰিব বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে। কঁহৰা, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চল কেৱল জীপ ছাফাৰীৰ বাবে মুকলি কৰি দিয়া হ'...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।