আঞ্চলিক সংবাদ

September 10, 2024 12:45 PM

শোণিতপুৰ জিলাত ১ৰ পৰা ৮ ছেপ্তেম্বৰলৈ সাক্ষৰতা সপ্তাহ পালন

দেশৰ ১৫ বছৰ বয়সৰ ওপৰৰ সকলো লোকক সাক্ষৰ কৰি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নৱ ভাৰত সাক্ষৰতা মিছনৰ অংশ স্বৰূপে শোণিতপুৰ জিলাত ১ৰ পৰা ৮ ছেপ্তেম্বৰলৈ সাক্ষৰতা সপ্তাহ পালন কৰা হয়। জিলাখনৰ বিভিন্ন বিদ্যালয়ত ইয়াৰ অধীনত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। ১ ছেপ্তেম্বৰত জিলা সাক্ষৰতা মিছন কাৰ্যালয়ত আৰ...

September 10, 2024 12:43 PM

ডিগবৈ মহাবিদ্যালয়ক স্বতন্ত্ৰ মহাবিদ্যালয়ৰ মৰ্যাদা প্ৰদান

তিনিচুকীয়া জিলাৰ ডিগবৈ মহাবিদ্যালয়ক স্বতন্ত্ৰ মহাবিদ্যালয়ৰ মৰ্যাদা প্ৰদান কৰা হৈছে। বিশ্ববিদ্যালয় অনুদান আয়োগে কালি এখন জাননীযোগে এই কথা প্রকাশ কৰিছে। শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই এই স্বীকৃতি লাভৰ বাবে মহাবিদ্যালয় কর্তৃপক্ষক অভিনন্দন জ্ঞাপন কৰে। উল্লেখযোগ্য যে শ...

September 10, 2024 12:41 PM

অবৈধভাৱে অট্টালিকা নিৰ্মাণ কৰাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে কামৰূপ জিলাৰ অন্তৰ্গত দক্ষিণ কামৰূপ, পলাশবাৰী আদি অঞ্চলত একাংশ প্রতিষ্ঠানে কৃষিভূমি, জলাশয় আদি পুতি অবৈধভাৱে অট্টালিকা নিৰ্মাণ কৰাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। বিশেষকৈ অঞ্চলটোৰ প্ৰাকৃতিক জলধাৰা বন্ধ কৰি এই নিৰ্মাণকাৰ্য চলাই থকাৰ বিৰুদ্ধে ন্যায়ালয়ে বিভাগীয় কৰ্তৃপক্...

September 10, 2024 12:35 PM

জলসম্পদ বিভাগৰ সকলো অভিযন্তাৰ সৈতে পীযূষ হাজৰিকাৰ পর্যালোচনা বৈঠক

জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই কালি জনতা ভৱনৰ নিজৰ কাৰ্যালয়ৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিভাগৰ সকলো অভিযন্তাৰ সৈতে এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাকে ধৰি অন্যান্য অভিযন্তাৰ সৈতে বিভাগীয় কামকাজৰ পৰ্যালোচনা কৰে। শ্ৰী হাজৰিকাই জলাশয় উন্...

September 10, 2024 12:23 PM

যাত্ৰীৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিশেষ গুৰুত্ব প্ৰদান

উত্তৰ-পূব সীমান্ত ৰে'লৱেই যাত্ৰীৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে। বিশেষকৈ মহিলা যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে শেহতীয়াকৈ ‘মেৰী চহেলী’ নামৰ এটা সুকীয়া নিৰাপত্তা বাহিনীৰ গোট গঠন কৰিছে। উত্তৰ-পূব সীমান্ত ৰে'লৱে কৰ্তৃপক্ষ‍ই অলপতে এই কথা প্ৰকাশ কৰে। তেওঁলোকে জনোৱা মতে মহিলা ৰে'ল স...

September 10, 2024 12:21 PM

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰিবলৈ জিলা প্রসাশনৰ যাৱতীয় প্রস্তুতি

ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিবলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰিবলৈ জিলা প্রসাশনসমূহে যাৱতীয় প্রস্তুতি চলাইছে। যোৰহাট জিলাৰ আয়ুক্তগৰাকীয়ে কালি পৰীক্ষা কেন্দ্ৰসমূহৰ নিয়মীয়া পৰিদৰ্শন কৰি সামগ্ৰিক প্ৰস্তুতিৰ বুজ লয়। পৰীক্ষা কেন্দ্ৰ থকা বিদ্যালয়সমূহৰ কৰ্তৃপক্ষৰ সৈতে মত বিনিম...

September 10, 2024 12:19 PM

ৰাজ্যৰ ৪,৮৫৪ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ নিয়মীয়াকৰণ প্ৰক্ৰিয়া আৰম্ভ

ৰাজ্যৰ ৪ হাজাৰ ৮৫৪ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ নিয়মীয়াকৰণ প্ৰক্ৰিয়া আজি আৰম্ভ হৈছে। বিভাগীয় ৱেবছাইটৰ পৰা শিক্ষকসকলে তেওঁলোকৰ নিযুক্তি পত্র ডাউনলোড কৰিব পাৰিব। প্ৰাথমিক শিক্ষা সঞ্চালকে এই সম্পৰ্কত কালি এটা বিশেষ নিৰ্দেশনা জাৰি কৰে। উল্লেখযোগ্য যে অলপতে ৰাজ্য চৰকাৰে ঠিকাভিত্তিত কৰ্মৰত প্ৰায় ২৪ হাজা...

September 9, 2024 8:11 PM

বিজেপিৰ দেশজুৰি ৰূপায়ণ কৰা সদস্য ভৰ্তি অভিযানৰ অংশ হিচাপে দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত বৈঠক অনুষ্ঠিত

ভাৰতীয় জনতা পাৰ্টীয়ে দেশজুৰি ৰূপায়ণ কৰা সদস্য ভৰ্তি অভিযানৰ অংশ হিচাপে আজি বশিষ্ঠত থকা দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশ লয়। মুখ্যমন্ত্ৰীয়ে এই বৈঠকত ৱাৰ্ড পাৰিষদসকলৰ সৈতেও মত বিনিময় কৰে। অনুষ্ঠানত...

September 9, 2024 8:07 PM

অৱসৰ ল’ব লগা শিক্ষক-কৰ্মচাৰীৰ তথ্য দাখিল কৰিবলৈ সকলো জিলাৰ শিক্ষা বিষয়ালৈ নিৰ্দেশনা প্ৰেৰণ ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ

ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে চলিত বৰ্ষৰ ১ জুলাইৰ পৰা অহা বৰ্ষৰ ৩১ ডিচেম্বৰ পৰ্যন্ত অৱসৰ ল'ব লগা শিক্ষক-কৰ্মচাৰীৰ তথ্য দাখিল কৰিবলৈ সকলো জিলাৰ শিক্ষা বিষয়ালৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে। নিৰ্দেশনা অনুসৰি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত অৱসৰ গ্ৰহণ কৰিবলগীয়া নিম্ন প্ৰাথমিক, উচ্চ প্রাথমিক শিক্ষক, তৃতীয় আ...

September 9, 2024 8:04 PM

অহা ১৫ ছেপ্তেম্বৰত হ’বলগীয়া প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ কেতবোৰ নিষেধাজ্ঞা জাৰি

অহা ১৫ ছেপ্তেম্বৰত হ'বলগীয়া প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰ, অসম আৰক্ষী আৰু জিলা প্ৰশাসনসমূহে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ বাবে প্ৰতিখন জিলাতে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। আনহাতে, অসম আৰক্ষীয়ে আজি এই পৰীক্ষাক লৈ ভুৱা তথ্য প্ৰচাৰ কৰাৰ অভিযোগত এজন লোকক...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।