আঞ্চলিক সংবাদ

September 12, 2024 7:44 PM

জনসাধাৰণক ভুৱা অনলাইন ষ্টক মার্কেট ব্যৱসায়ত বিনিয়োগ নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

অসমত শেহতীয়াকৈঅবৈধ ট্রেডিং সম্পৰ্কীয় অপৰাধৰ অভিযোগ উত্থাপিত হোৱাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণক এনেধৰণৰ ভুৱা অনলাইন ষ্টক মার্কেট ব্যৱসায়ত বিনিয়োগ নকৰিবলৈ আহ্বান জনাইছে। বিনিয়োগ কৰা ধন অতি কম সময়ৰ ভিতৰতে দুগুণ হ'ব বুলি কোনো লোকে কৰা দাবী স্পষ্টতঃ ভুৱা বুলি তেওঁ উল্লেখ...

September 12, 2024 1:33 PM

হাটশিঙিমাৰী মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ বাটৰ নাট প্ৰদৰ্শনেৰে নিচামুক্ত ভাৰত অভিযান সন্দৰ্ভত সজাগতা অনাৰ প্ৰয়াস

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত হাটশিঙিমাৰী মহাবিদ্যালয়ৰ এন এছ এছ গোটে আজি জিলাৰ সদৰ হাটশিঙিমাৰীত এখন বাটৰ নাট প্ৰদৰ্শন কৰি নিচামুক্ত ভাৰত অভিযান সন্দৰ্ভত সজাগতা অনাৰ প্ৰয়াস কৰে। জিলা সমাজ কল্যাণ বিষয়া ইন্দ্ৰজিৎ দাস আৰু এন এছ এছ গোটৰ বিভিন্ন সদস্যৰ উপস্থিতিত নাটখনৰ জৰিয়তে...

September 12, 2024 1:28 PM

জুৰীয়াৰ দগাঁও আৰক্ষীৰ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযানত ৪ টা সৰবৰাহকাৰীক আটক

জুৰীয়াৰ দগাঁও আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই চাৰিটাকৈ সৰবৰাহকাৰীক আটক কৰিবলৈ সমৰ্থ হৈছে। আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি জুৰীয়াৰ কাঙ্গুলীমাৰী কটকী গাঁও আৰু পশ্চিম মুকুন্দআটি গাঁৱত অভিযান চলাই এই সৰবৰাহকাৰীকেইটাক গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰীকেইটা ছাদ্দাম হুছেইন, আনারুল ইছলাম, আবুল হু...

September 12, 2024 1:22 PM

অললাইন ট্রেডিং গোচৰৰ অভিযুক্ত চুমি বৰাৰ যোৱানিশা ডিব্ৰুগড় আৰক্ষীৰ সন্মুখত আত্ম-সমৰ্পন

অললাইন ট্রেডিং গোচৰৰ অভিযুক্ত চুমি বৰাই যোৱানিশা ডিব্ৰুগড় আৰক্ষীৰ সন্মুখত আত্ম-সমৰ্পন কৰে। ভুৱা ট্রেডিঙৰ নামত কোটি কোটি টকা লুণ্ঠন কৰাৰ অভিযোগত বিশাল ফুকনক গ্ৰেপ্তাৰৰ পাছৰেপৰা চুমি বৰা পলাতক অৱস্থাত আছিল। আত্মসমৰ্পনৰ পাছতে এছ টি এফে চুমিক জিম্মাত লয়।

September 12, 2024 1:07 PM

কালিৰে পৰা তিনিদিনীয়াকৈ যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত জীৱিকা অৰ্জনত বনৰ ভূমিকা শীৰ্ষক এটা প্ৰশিক্ষণ কাৰ্যসূচী

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰত চৰকাৰৰ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অর্থসাহায্যত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত জীৱিকা অৰ্জনত বনৰ ভূমিকা শীৰ্ষক এটা প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰা হয়। এই কাৰ্যসূচীত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন বিভাগৰ মুঠ ২০ গৰাক...

September 12, 2024 1:04 PM

আজিৰে পৰা ১৫ ছেপ্তেম্বৰলৈ গুৱাহাটীৰ সমাহাৰ নাট্যগোষ্ঠীৰ উদ্যোগত পঞ্চদশ বাৰ্ষিক ব্রজনাথ শৰ্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰোহ অনুষ্ঠিত

গুৱাহাটীৰ সমাহাৰ নাট্যগোষ্ঠীৰ উদ্যোগত পঞ্চদশ বাৰ্ষিক ব্রজনাথ শৰ্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰোহখন গুৱাহাটী জিলা পুথিভঁৰালত আজিৰে পৰা ১৫ ছেপ্তেম্বৰলৈ অনুষ্ঠিত হ'ব। আজি সন্ধিয়া ৬.৩০ বজাত গুৱাহাটীৰ দ্রষ্টা নাট্যগোষ্ঠীয়ে ড০ সীতানাথ লহকৰ ৰচিত আৰু ইন্দ্ৰজিৎ কাকতিৰ পৰিচালিত পি আই এল-৯৯ নামৰ নাটখন মঞ্চ...

September 12, 2024 12:55 PM

মৰিগাঁও জিলা প্ৰশাসনৰ নতুন ৰূপত ৰাজহ আদালতৰ ব্যৱস্থা

মৰিগাঁও জিলা প্ৰশাসনে ভূমি আৰু ৰাজহ ব্যৱস্থাক অধিক গতিশীল কৰাৰ লক্ষ্যৰে জিলাখনৰ অন্তৱৰ্তী এলেকাসমূহত ভূমি প্ৰশাসনৰ প্ৰসাৰতাৰ উদ্দেশ্যে এক নতুন ৰূপত ৰাজহ আদালতৰ ব্যৱস্থা কৰিছে। জিলাখনৰ অধীনৰ ৰাজহ চক্ৰ বিষয়াসহ চক্ৰ বিষয়াৰ কৰ্মচাৰীসকলে নিয়মীয়াকৈ দূৰৱৰ্তী এলেকাসমূহত অস্থায়ী কার্যালয় সদৃশ ৰাজহ আদাল...

September 12, 2024 1:35 PM

তামুলপুৰৰ দৰঙামেলাত আৰক্ষীৰ অভিযানত ৮টা গ্রেনেড, দুটা হস্তনির্মিত বন্দুকৰ লগতে ধনু আৰু কাঁড় উদ্ধাৰ

তামুলপুৰ জিলাৰ দৰঙামেলাত কালি আৰক্ষী আৰু এছ এছ বিয়ে চলোৱা যুটীয়া অভিযানত মাটিত পুতি থোৱা অৱস্থাত ৮টা গ্রেনেড, দুটা হস্তনির্মিত বন্দুকৰ লগতে ধনু আৰু কাঁড় উদ্ধাৰ কৰে। কালি পুৱাৰে পৰা ভাৰত-ভূটান সীমান্ত এলেকাত টহল দিয়াৰ সময়তে লাভ কৰা তথ্যৰ ভিত্তিত দৰঙামেলাৰ পাগলাবাবা মন্দিৰৰ পাহাৰৰ ওপৰত অসমৰ সীমাৰ...

September 12, 2024 12:29 PM

১৫ ছেপ্তেম্বৰত তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ৩ হাজাৰৰো অধিক পদৰ বাবে ১১ লাখৰো অধিক প্ৰাৰ্থী অৱতীৰ্ণ হ’ব

ৰাজ্যত ১৫ ছেপ্তেম্বৰত হ'বলগীয়া উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ৩ হাজাৰৰো অধিক পদৰ বাবে ১১ লাখৰো অধিক প্ৰাৰ্থী অৱতীৰ্ণ হ'ব। ৰাজ্যিক নিযুক্তি আয়োগৰ অধ্যক্ষ অজয় তিৱাৰীয়ে কালি গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত এখন সংবাদ মেলত এই তথ্য প্ৰকাশ কৰে। পৰীক্ষাৰ সবিশেষ তথ্য দি অধ্যক্ষগৰাকী...

September 12, 2024 10:14 AM

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অহা ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অহা ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। জীপ ছাফাৰীৰে আৰম্ভ হ'বলগীয়া চলিত পর্যটন বৰ্ষত প্ৰথমবাৰৰ বাবে পৰ্যটকসকলে বুঢ়াপাহাৰ বনাঞ্চলখন উপভোগ কৰিবলৈ পূৰ্বতকৈ অধিক সময় লাভ কৰিব। পর্যটকসকলে ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা, বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলৰ কিছু অংশ উপভোগ কৰিব পা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।