আঞ্চলিক সংবাদ

September 13, 2024 9:07 PM

উচ্চ মাধ্যমিকৰ ৪,৬০০ৰো অধিক ঠিকাভিত্তিক শিক্ষক-শিক্ষয়িত্ৰীৰ চাকৰি প্ৰায় নিয়মীয়াকৰণৰ সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক মন্ত্রীসভাৰ

ৰাজ্যিক মন্ত্রীসভাই উচ্চ মাধ্যমিকৰ ৪,৬০০ৰো অধিক ঠিকাভিত্তিক শিক্ষক-শিক্ষয়িত্ৰীৰ চাকৰি প্ৰায় নিয়মীয়াকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই নিয়ম বাধ্যতামূলক নহয় আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে ইচ্ছা কৰিলে পূৰ্বৰ দৰে ঠিকাভিত্তিক শিক্ষক হিচাপে কাম কৰাৰ বিকল্প গ্ৰহণ কৰিব পাৰিব। মন্ত্রীসভাই লগতে ১৯ ছেপ্তেম্বৰত ...

September 13, 2024 8:56 PM

মঙলদৈ মহাবিদ্যালয়ৰ আৰৱী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা প্রাক্তন সাংবাদিক ড° জামালুদ্দিন আহমেদৰ মৃত্যু

মঙলদৈ মহাবিদ্যালয়ৰ আৰৱী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা প্রাক্তন সাংবাদিক মঙলদৈৰ ২ নম্বৰ ৱাৰ্ড নিৱাসী ড° জামালুদ্দিন আহমেদৰ আজি এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৯ বছৰ। ড° আহমেদৰ মৃত্যুত সাংবাদিক সংগঠন মঙলদৈ মিডিয়া চাৰ্কোলৰ লগতে স্থানীয় বিভিন্ন অনুষ্ঠান-প...

September 13, 2024 8:55 PM

মৰিগাঁৱৰ ঘনকান্ত বৰুৱা মহাবিদ্যালয়ত অত্যাধুনিক পুথিভঁড়ালৰ আধাৰশিলা স্থাপন

মৰিগাঁৱৰ ঘনকান্ত বৰুৱা মহাবিদ্যালয়ত আজি এটা অত্যাধুনিক পুথিভঁড়ালৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্য চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ তথা মৰিগাওঁৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে আধাৰশিলা স্থাপন কৰে। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে পুথিভঁড়ালটোৰ নিৰ্মাণৰ বাবে ডেৰ কোটি টকা আৱণ্টন দিছে। এই উপলক্ষে আয়োজিত অন...

September 13, 2024 8:50 PM

কাইলৈ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত প্রধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ উপ প্ৰৱন্ধক বৈশালী তালুকদাৰ আৰু সহকাৰী প্ৰৱন্ধক বিনয় নাথ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটোৰ আঁত ধৰ...

September 13, 2024 8:43 PM

নৱপ্ৰজন্মৰ মাজত কিতাপ অধ্যয়নৰ অভ্যাস শক্তিশালী কৰাৰ উদ্দেশ্যে বড়োলেণ্ড পঠন সপ্তাহৰ আয়োজন

নৱপ্ৰজন্মৰ মাজত কিতাপ অধ্যয়নৰ অভ্যাস শক্তিশালী কৰাৰ উদ্দেশ্যে বিটিআৰ প্ৰশাসনৰ পুথিভঁড়াল সেৱা বিভাগৰ উদ্যোগত বড়োলেণ্ড পঠন সপ্তাহৰ আয়োজন কৰা হৈছে। বিটিআৰৰ ৰাজহুৱা পুথিভঁড়াল আৰু শিক্ষানুষ্ঠানসমূহত যোৱা ১০ চেপ্তেম্বৰৰ পৰা অহা ১৭ চেপ্তেম্বৰলৈ এই পঠন সপ্তাহ পালন কৰা হৈছে। এই কাৰ্যসূচীৰ অংশস্বৰূপে আজি...

September 13, 2024 8:40 PM

নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত সৃজনীশীল সাহিত্য বিষয়ক আলোচনাচক্র অনুষ্ঠিত

নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত আজি সৃজনীশীল সাহিত্য বিষয়ক এখন আলোচনাচক্র অনুষ্ঠিত হয়। উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ সাহিত্য চৰ্চা আৰু বৌদ্ধিক অনুশীলনক অধিক গতিশীল কৰাৰ লক্ষ্যৰে অসম প্ৰকাশন পৰিষদে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ত গ্ৰহণ কৰা কাৰ্যসূচীৰ অংশস্বৰূপে এই আলোচনাচক্র অনুষ্ঠ...

September 13, 2024 8:36 PM

বিশুদ্ধ পানী খোৱা, পানীৰ অপচয় ৰোধ তথা পানী সংৰক্ষণৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ জৰিয়তে ৰাইজক সজাগতা সৃষ্টিৰে বৰপেটা জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যসূচী

বৰপেটা জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগে বিশুদ্ধ পানী খোৱা, পানীৰ অপচয় ৰোধ তথা পানী সংৰক্ষণ কৰাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ অংশস্বৰূপে আজি চেঙা দক্ষিণপাৰত এখন কর্মশালা অনুষ্ঠিত হয়। বৃহত্তৰ চেঙাৰ কেইবাখনো শিক্ষানুষ্ঠানত অষ্টমৰ পৰা দ্বাদশ শ...

September 13, 2024 8:16 PM

নির্বাচন সম্পৰ্কীয় বিভিন্ন বিষয়ৰ প্ৰচাৰৰ সহায়ক হোৱাকৈ মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ত দুটা শুভঙ্কৰ আৰু এটা ল’গ মুকলি

নির্বাচন সম্পৰ্কীয় বিভিন্ন বিষয়ৰ প্ৰচাৰৰ সহায়ক হোৱাকৈ তথা ভোটাৰক আকৰ্ষিত কৰিব পৰাকৈ আজি অসমৰ মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ত দুটা শুভঙ্কৰ আৰু এটা ল'গ মুকলি কৰা হয়। অসমৰ কৃষ্টি- সংস্কৃতিৰ সৈতে সংগতি ৰাখি প্ৰস্তুত কৰি উলিওৱা লাডু আৰু পিঠা প্রতীকিৰ এই শুভংকৰ দুটা অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰ...

September 13, 2024 8:13 PM

বৰ্তমানৰ শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশত গুৰুত্ব আৰোপৰ লগতে আধুনিক শিক্ষা পদ্ধতি গ্রহণ কৰি বিভিন্ন ক্ষেত্ৰৰ দক্ষতা বৃদ্ধি কৰিব লাগিবঃ মুখ্যমন্ত্রী

বৰ্তমানৰ শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশত গুৰুত্ব আৰোপ কৰাৰ লগতে তেওঁলোকৰ সৱলীকৰণৰ উদ্দেশ্যে আধুনিক শিক্ষা পদ্ধতি সমূহ গ্রহণ কৰি বিভিন্ন ক্ষেত্ৰৰ দক্ষতা বৃদ্ধি কৰিব লাগিব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। বি বৰুৱা মহাবিদ্যালয়ৰ ৮২ সংখ্যক প্ৰতিষ্ঠা দিৱসত ভাষণ দি মুখ...

September 13, 2024 8:09 PM

মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত কাইলৈ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ’ব

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশ মতে অন্যান্য জিলাসমূহৰ লগতে মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত কাইলৈ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। এই লোক আদালতত বিভিন্ন আপোচযোগ্য ফৌজদাৰী গোচৰ, বিবাহজনিত গোচৰ, চেক বাউন্সৰ গোচৰ, যান-বাহন আইন ১৯৮৮ অধীনৰ গোচৰসমূহ নিষ্পত্তিৰ দিহা কৰা হৈছে। তদুপৰি বিভিন্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।