আঞ্চলিক সংবাদ

April 26, 2024 6:52 PM

ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান তীব্ৰতৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ সভাত অংশগ্ৰহণ

ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি পশ্চিম গোৱালপাৰাত গুৱাহাটী সমষ্টিৰ দলীয় প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। ড০ শৰ্মাই দ্বৈত ইঞ্জিনৰ চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনি সন্দ...

April 26, 2024 6:49 PM

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত সাঁচিগছৰ খেতিত কৃত্রিম ভেঁকুৰ সংস্থাপনৰ কৌশল সন্দৰ্ভত প্রশিক্ষণ কর্মশালা

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত সাঁচিগছৰ খেতি কৃত্রিম ভেঁকুৰ সংস্থাপনৰ কৌশল সন্দৰ্ভত আয়োজিত এখন প্রশিক্ষণ কর্মশালাৰ আজি সফল সামৰণি পৰে। তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই কৰ্মশালাত ১৩ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাত সাঁচিগছৰ গুৰুত্ব, পুলি বাগান প্ৰস্তুতকৰণ, সাঁচিগছৰ বাৰী গঢ়ি তো...

April 26, 2024 11:57 AM

মাজুলী জিলা আইনসেৱা প্ৰাধিকৰণৰ উদ্যোগত অহা ১৫ মে’ত লোক আদালতৰ আয়োজন

ৰাষ্ট্ৰীয় আইনসেৱা প্ৰাধিকৰণৰ নিৰ্দেশমৰ্মে মাজুলী জিলা আইনসেৱা প্ৰাধিকৰণৰ উদ্যোগত জিলাখনত অহা ১৫ মে'ত লোক আদালতৰ আয়োজন কৰা হৈছে। তদুপৰি যোৱা ১০ এপ্ৰিলৰ পৰা অহা ১০ মে'লৈকে মাজুলীত প্রাক- ৰাষ্ট্ৰীয় লোক আদালতৰ ব্যৱস্থা কৰা হৈছে। যিসকল লোকে বৰ্তমানলৈকে প্ৰাক-ৰাষ্ট্ৰীয় লোক আদালতত ভাগ লোৱা নাই তেওঁলোকৰ...

April 26, 2024 11:55 AM

ৰাজ্যৰ দুখন মহাবিদ্যালয়ক স্বতন্ত্র মহাবিদ্যালয় হিচাপে ঘোষণা

বিশ্ববিদ্যালয় অনুদান আয়োগে এটা নিৰ্দেশনাযোগে ৰাজ্যৰ দুখন মহাবিদ্যালয়ক স্বতন্ত্র মহাবিদ্যালয় হিচাপে ঘোষণা কৰিছে। এই অনুসৰি শিৱসাগৰ জিলাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান বীৰ লাচিত বৰফুকন মহাবিদ্যালয় আৰু গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয় ৰাজ্যৰ স্বতন্ত্ৰ মহাবিদ্যালয় সমূহৰ তালিকাত নতুনকৈ অন্তৰ্ভুক্ত হৈছে...

April 26, 2024 11:45 AM

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটনসূচী ২০২৩-২৪ পৰ্যটন বৰ্ষৰ বাবে বন্ধৰ ঘোষণা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটনসূচী ২০২৩-২৪ পৰ্যটন বৰ্ষৰ বাবে বন্ধৰ ঘোষণা কৰি হৈছে। সেই অনুসৰি পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ হাতী ছাফাৰী অহা এক মে'ৰ পৰা আৰু জীপ ছাফাৰী ১৬ মে’ৰ পৰা বন্ধ ৰখা হ'ব। প্ৰতিকূল বতৰ আৰু বাট-পথৰ অসূচল অৱস্থাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ৰাষ্ট্ৰীয় উদ্যান কৰ্...

April 26, 2024 11:43 AM

আকাশবাণীত আজি আৰু ৭ মে’ৰ দুপৰীয়া ১ বাজি ২০ মিনিট আৰু সন্ধিয়া ৭ বাজি ২০ মিনিটত বিশেষ অনুষ্ঠান প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে লোকসভা নিৰ্বাচনৰ ভোটগ্রহণৰ দিনকেইটাত আজি আৰু ৭ মে'ৰ দুপৰীয়া ১ বাজি ২০ মিনিট আৰু সন্ধিয়া ৭ বাজি ২০ মিনিটত বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব । অনুষ্ঠানটি আমাৰ ইউটিউব চেনেল Air News Guwahati আৰু News on AIR এপতো শুনিবলৈ পোৱা যাব। আনহাতে, নির্বাচনী প্ৰচাৰৰ পৰিপ...

April 26, 2024 11:39 AM

আজি চতুৰ্থ পৰ্যায়ৰ মনোনয়ন পত্ৰসমূহ পৰীক্ষা

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব। এই পৰ্যায়ৰ বাবে কালি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আছিল। ইচ্ছুক প্রার্থীসকলে ২৯ এপ্ৰিললৈকে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। এই পৰ্যায়ত দেশৰ ৯ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬ টা সংসদীয় সমষ্টিৰ বাবে ১৩ মে'ত...

April 26, 2024 11:37 AM

নিৰ্বাচনী প্ৰচাৰৰ বাবে কাইলৈ অসমলৈ আহিব মল্লিকার্জুন খাৰ্গে

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেই কাইলৈ অসমলৈ আহিব। প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই কথা সদৰি কৰে। ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে গুৱাহাটীত এখন সংবাদ মেলত অংশগ্ৰহণ কৰিব।

April 26, 2024 11:26 AM

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কেইবাখনো ৰে’লগাড়ীৰ চলাচল বাতিল আৰু সময়সূচীৰ সাল-সলনি

লামডিং মণ্ডলৰ অধীনস্থ জাতিংগা-লামপুৰ আৰু নিউ হাৰাংগাজাও ৰে'ল ষ্টেচনৰ মাজত এখন মালবাহী ৰে’লগাড়ীৰ ইঞ্জিন ৰে'ল পথৰ পৰা বাগৰি পৰাৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ কেইখনমান ৰে’লগাড়ীৰ চলাচলৰ ক্ষেত্ৰত সূচীৰ সাল-সলনি ঘটোৱা হৈছে। ইয়াৰে কেইখনমান ৰে'লগাড়ীৰ যাত্ৰা বাতিল আৰু আন কেইখনমানৰ আংশিকভাৱে বা...

April 26, 2024 11:23 AM

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত

ৰাজ্যত হ'বলগীয়া তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বাকী ৪টা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত আছে। বাক্সা জিলাৰ বাৰেংগাবাৰীত কালি কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কোকৰাঝাৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।