আঞ্চলিক সংবাদ

May 7, 2024 8:10 PM

অসমৰ ৪ টা সমষ্টিত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৭৪.৮৬ শতাংশ অধিক ভোটদান

ৰাজ্যৰ ৪ টা সমষ্টিত আজি ৫ বজাৰ লগে লগে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ সম্পন্ন হৈছে। অৱশ্যে ৫ বজাৰ আগেয়ে ভোটকেন্দ্ৰসমূহত উপস্থিত হোৱা ভোটদাতাসকলক ভোটদানৰ সুবিধা প্রদান কৰি থকা হৈছে। বিয়লি ৫ বজালৈকে লাভ কৰা তথ্য অনুসৰি ৰাজ্যখনত ৭৪.৮৬ শতাংশ অধিক ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিছে। ...

May 7, 2024 7:53 PM

১১ মে’ত ৰাজ্যজুৰি জিলা আইন সেৱা প্ৰাধিকৰণৰ ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত অহা ১১ মে'ত ৰাজ্যজুৰি ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে যান বাহন আইন উলংঘা গোচৰ, দেৱানী গোচৰ, পাৰিবাৰিক গোচৰ, মটৰ দুৰ্ঘটনা দাবী, ন্যায়াধীকৰণৰ গোচৰ, চেক বাউন্স গোচৰ, ৰাজহ সংক্রান্তীয় গোচৰ ...

May 7, 2024 2:39 PM

ৰাজ্যত ৯,৫০০ টা ভোটগ্রহণ কেন্দ্ৰত ৮১ লাখৰো অধিক ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত আজি অসমৰ গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিত ভোটগ্রহণ কৰা হৈছে। প্ৰতিকুল বতৰৰ মাজতে পুৱা ৭ বজাত চাৰিওটা সমষ্টিৰ ভোটকেন্দ্ৰসমূহত ভোটগ্ৰহণ আৰম্ভ হয়। এই পর্যায়ত ৰাজ্যখনৰ ৪ খন আসনৰ বাবে ছগৰাকী মহিলাকে ধৰি মুঠ ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ৰাজ্য...

May 7, 2024 1:00 PM

শোণিতপুৰ জিলাৰ চাহ বাগিছা এলেকাত পানীৰ পৰা উদ্ভৱ হোৱা কলেৰা, ডায়েৰীয়া, জণ্ডিজ আদি ৰোগ প্ৰতিৰোধ কৰাৰ বাবে বৈঠক

♦ শোণিতপুৰ জিলাৰ চাহ বাগিছা এলেকাত পানীৰ পৰা উদ্ভৱ হোৱা কলেৰা, ডায়েৰীয়া, জণ্ডিজ আদি ৰোগ প্ৰতিৰোধ কৰাৰ বাবে কালি এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনৰ চাহ বাগিছাসমূহত এই ৰোগসমূহ প্ৰতিৰোধ কৰিবলৈ শ্ৰমিকসকলক বিশুদ্ধ খোৱাপানী ব্যৱহাৰৰ বাবে সজাগ কৰিবলৈ প্ৰচাৰ চলোৱাৰ সিদ্ধান্ত লোৱা হয়। জিলাখনৰ ৩৬ খন চ...

May 7, 2024 12:54 PM

হাইলাকান্দিত স্বোৱাইন ফ্লুত আক্ৰান্ত হৈ এটি শিশুৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ এই ৰোগক লৈ সতর্কতা

হাইলাকান্দি জিলাত স্বোৱাইন ফ্লুত আক্ৰান্ত হৈ অলপতে এটি শিশুৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে এই ৰোগক লৈ সতর্কতা জাৰি কৰিছে। ইফালে কাছাৰ জিলাতো ৩ জন ব্যক্তিৰ দেহত এইচ ওৱান এন ওৱান ভাইৰাছৰ সংক্ৰমন নিশ্চিত হোৱাৰ পাছত শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। হাইলাকান্দি স্বাস্থ্য বিভাগে...

May 7, 2024 12:49 PM

পুলিবৰ আৰক্ষীৰ গুলীচালনাত বিভিন্ন ডকাইতি কাণ্ডৰ সৈতে জড়িত কুশ কুটুম নামৰ এজন ব্যক্তি আহত

যোৰহাট জিলাৰ পুলিবৰ আৰক্ষীৰ গুলীচালনাত বিভিন্ন ডকাইতি কাণ্ডৰ সৈতে জড়িত কুশ কুটুম নামৰ এজন ব্যক্তি আহত হয়। আৰক্ষীয়ে লোকজনক আজি পুৱতি নিশা ৰান্ধনীজান অঞ্চলৰ পৰা আটক কৰাৰ সময়তে তেওঁ পলায়ন কৰিবলৈ চেষ্টা কৰাত গুলীচালনা কৰিবলৈ বাধ্য হয়। পাছত তেওঁক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভর্তি কৰোৱা হয়।

May 6, 2024 8:48 PM

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ উপলক্ষে আকাশবাণীৰ বাতৰি বিভাগৰ বিশেষ অনুষ্ঠান প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ উপলক্ষে কাইলৈ দিনৰ ১ বাজি ২০ মিনিট আৰু সন্ধিয়া ৭ বাজি ২০ মিনিটত বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব । অনুষ্ঠানটি আমাৰ ইউটিউব চেনেল Air News Guwahati আৰু News on AIR এপতো শুনিবলৈ পোৱা যাব। আনহাতে, নির্বাচনী প্ৰচাৰৰ পৰিপ...

May 6, 2024 8:04 PM

ৰাজ্যৰ ৪টা সমষ্টিত হ’বলগীয়া লোকসভা নির্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্রশাসনৰ যাৱতীয় প্রস্তুতি সম্পূর্ণ

তৃতীয় পর্যায়ত কাইলৈ ৰাজ্যৰ ৪টা সমষ্টিত হ'বলগীয়া লোকসভা নির্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্রশাসনসমূহে যাৱতীয় প্রস্তুতি সম্পূর্ণ কৰি তুলিছে। কাইলৈ পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিৰ বাবে ভোটগ্রহণ কৰা হ'ব। সমষ্টিকেইটাৰ অন্তৰ্গত জিলাসমূহৰ প্রশাসন তথা নির্বাচন বিভাগস...

May 6, 2024 8:18 PM

তৃতীয় পর্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই ৪ টা সমষ্টিৰ বাবে কাইলৈ লোকসভা নির্বাচন

ৰাজ্যখনত তৃতীয় পর্যায়ত কাইলৈ গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই ৪ টা সমষ্টিৰ বাবে লোকসভা নির্বাচন অনুষ্ঠিত হ'ব। গুৱাহাটী সমষ্টিত বিজেপি মিত্রজোটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে প্রতিদ্বন্দিতা আগবঢ়াব। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত গুৱাহাটী সমষ্টিটোত গো...

May 6, 2024 8:19 PM

ৰাজ্যত তৃতীয় পর্যায়ত কাইলৈ ৪টা সমষ্টিত ৬ গৰাকী মহিলা প্রার্থীকে ধৰি ৪৭ গৰাকী প্রার্থীৰ প্রতিদ্বন্দ্বীতা

ৰাজ্যখনত কাইলৈ লোকসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পর্যায়ৰ ভোটগ্রহণত ৯ হাজাৰ ৫১৬ টা ভোট কেন্দ্ৰত ভোটগ্রহণৰ বাবে প্রস্তুতি সম্পূর্ণ হৈছে। এই পর্যায়ত ৪টা সমষ্টিত ৬ গৰাকী মহিলা প্রার্থীকে ধৰি ৪৭ গৰাকী প্রার্থী প্রতিদ্বন্দ্বীতাত অৱতীর্ণ হ'ব। আজি ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে জনতা ভৱনত এখন সংব...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।