আঞ্চলিক সংবাদ

May 12, 2024 12:00 PM

চিৰাং জিলাৰ কাজলগাঁৱত অনুষ্ঠিত ৰাষ্ট্ৰীয় লোক আদালতত ৭৬৮টা গোচৰ নিষ্পত্তি

চিৰাং জিলাৰ কাজলগাঁৱত অৱস্থিত জিলা ন্যায়িক আদালত চৌহদ আৰু বিজনী ন্যায়িক আদালত চৌহদত কালি ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণ তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশত আৰু চিৰাং জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত সম্পন্ন হোৱা এই লোক আদালতত- ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, ...

May 12, 2024 11:56 AM

ঢকুৱাখনাৰ ম’হঘূলি চাপৰিত তিনিদিনীয়াকৈ অনুষ্ঠিত ফাট বিহুৰ আজি অন্তিম দিন

ঢকুৱাখনাৰ চাৰিকড়িয়া নৈ পাৰত অৱস্থিত ম’হঘূলি চাপৰিত তিনিদিনীয়াকৈ অনুষ্ঠিত ফাট বিহুৰ আজি তৃতীয় তথা অন্তিম দিন। এই উপলক্ষে আজি পুৱাৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে। দুপৰীয়াৰ ভাগত ফাট বিহুৰ মূল বৈশিষ্ট্য মুকলি বিহু প্রতিযোগিতা অনুষ্ঠিত হ'ব। বিয়লিলৈ অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত শিক্ষা...

May 12, 2024 11:34 AM

ফাৰ্মাচী বিষয়ৰ স্নাতক ডিগ্রী বা ডিপ্লমা পাঠ্যক্ৰমৰ বাবে চলিত বৰ্ষৰ পৰা প্ৰৱেশ পৰীক্ষা

ৰাজ্যৰ চৰকাৰী বা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত ফাৰ্মাচী বিষয়ক স্নাতক ডিগ্রী বা ফাৰ্মাচীৰ ডিপ্লমা পাঠ্যক্ৰমত শিক্ষা গ্ৰহণ কৰিবলৈ চলিত বৰ্ষৰ পৰা প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। ৰাজ্যৰ স্বাস্থ্য বিজ্ঞান সংক্রান্তীয় শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ডাঃ কৰবী বৰুৱাই এখন জাননীযোগে এই ...

May 11, 2024 8:01 PM

ইণ্ডিয়ান অইল ক’ৰ্পোৰেচন লিমিটেডৰ গুৱাহাটী ইণ্ডেন মণ্ডল কাৰ্যালয়ৰ উদ্যোগত নগাঁৱত সজাগতামূলক কার্যসূচী

ভাৰত চৰকাৰৰ অন্যতম ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত ইণ্ডিয়ান অইল ক'ৰ্পোৰেচন লিমিটেডৰ গুৱাহাটী ইণ্ডেন মণ্ডল কাৰ্যালয়ৰ উদ্যোগত আজি নগাঁৱত এটা সজাগতামূলক কার্যসূচী গ্ৰহণ কৰা হয়। নগাঁও নাট্যমন্দিৰত অনুষ্ঠিত এই কাৰ্যসূচীত জিলাখনৰ ৰন্ধন গেছৰ বিভিন্ন বিতৰকৰ যোগান ধৰোতা আৰু মেকানিক সকলৰ সৈতে মত বিনিময় অনুষ্ঠান...

May 11, 2024 7:59 PM

ঢকুৱাখনাৰ ম’হঘূলি চাপৰিত কালিৰে পৰা ৩দিনীয়াকৈ ফাট বিহুৰ অনুষ্ঠিত

ঢকুৱাখনাৰ চাৰিকড়িয়া নৈ পাৰত অৱস্থিত ম’হঘূলি চাপৰিত কালিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত ফাট বিহুৰ আজি দ্বিতীয় দিনাও বিহুতলিত উখল মাখল পৰিবেশে বিৰাজ কৰে। ঢোল, পেঁপা, গগনাৰ মাতেৰে ফাট বিহুতলি মুখৰ হৈ উঠিছে। সমন্বয়ৰ বাৰ্তা কঢ়িয়াই অনা এই বিহুৰ আজি দ্বিতীয় দিনা বর্ণিল কার্যসূচী ৰূপায়ণ কৰা হয়। কপৌ ফ...

May 11, 2024 7:58 PM

ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। ধুবুৰীৰ বিলাসীপাৰাৰ বৰবৰুৱাঝাৰ গাঁও আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই তিনিটা মাদক দ্ৰব্যৰ সৰবৰাহকাৰীক আটক কৰে। উল্লেখযোগ্য যে কিছুদিন আগেয়ে অঞ্চলটোত আৰক্ষীয়ে কেইবাজনো মাদক দ্রব্য সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল। ইপিনে নগাঁৱৰ...

May 11, 2024 7:56 PM

আজি বিশ্ব পৰিভ্ৰমী পক্ষী দিৱস

আজি বিশ্ব পৰিভ্ৰমী পক্ষী দিৱস। পৰিভ্ৰমী পক্ষীসমূহৰ সংৰক্ষণ, সজাগতাৰ বাবে সমগ্ৰ বিশ্বতে আজিৰ দিনটো পৰিভ্ৰমী পক্ষী দিৱস হিচাপে পালন কৰা হয়। এই উপলক্ষে মাজুলীত আর্যভট্ট বিজ্ঞান কেন্দ্র, উজনী মাজুলী আৰু মাজুলী বন বিভাগৰ সহযোগত ৰতনপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাকৰিত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। চৰ...

May 11, 2024 6:24 PM

বিশিষ্ট সাহিত্যিক ইমৰাণ শ্বাহলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় ডি-লিট উপাধি প্ৰদান

বিশিষ্ট সাহিত্যিক ইমৰাণ শ্বাহক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ডি-লিট উপাধি প্ৰদান কৰিছে। আজি সাহিত্যিক গৰাকীৰ শিৱসাগৰৰ ধাইআলিত থকা বাসগৃহত বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই আয়োজন কৰা এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীক এই সন্মান প্ৰদান কৰা হয়। সন্মানীয় উপাধিটো গ্ৰহ...

May 11, 2024 6:20 PM

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন কৰ্মীৰ গুলীত এটা চোৰাং চিকাৰী নিহত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি পুৱতি নিশা বন কৰ্মীৰ গুলীত এটা চোৰাং চিকাৰী নিহত হয়। বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰখনৰ পূব প্ৰান্তৰ আগৰাতলী পৰিসৰৰ এৰাসুঁতি ৰঙামতীয়া বন শিবিৰৰ এজাৰ কাঠনি এলেকাত চোৰাং চিকাৰীটো বন কৰ্মীৰ গুলীত নিহত হয়। ইফালে, আন দুটা চোৰাং চিকাৰীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সমৰ্থ হয়। বন ...

May 11, 2024 5:56 PM

আজিৰে পৰা দুদিনীয়াকৈ মৰিগাঁৱৰ চাৰন বিল জলক্রীড়া প্রকল্পস্থলিত প্রকৃতি সজাগতা শিবিৰ

কেন্দ্ৰীয় চৰকাৰৰ বন আৰু পৰিৱেশ তথা জলবায়ু পৰিৱৰ্তন বিভাগৰ সহযোগত আৰু অসম বিজ্ঞান সমিতিৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁৱৰ চাৰন বিল জলক্রীড়া প্রকল্পস্থলিত প্রকৃতি সজাগতা শিবিৰ মুকলি কৰা হৈছে। জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ শতাধিক ইকো ক্লাবৰ দুই শতাধিক ছাত্র- ছাত্ৰীয়ে এই শিবিৰত অংশ লৈছে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।