আঞ্চলিক সংবাদ

May 17, 2024 6:39 PM

অসম বিজ্ঞান সমিতিৰ সহযোগত মৰিগাঁৱৰ জিলা শৈক্ষিক প্রশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত বিদ্যালয় পৰ্যায়ৰ প্ৰদৰ্শনী অনুষ্ঠিত

মৰিগাঁও জিলা শিক্ষণ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত তথা অসম বিজ্ঞান সমিতিৰ সহযোগত মৰিগাঁৱৰ জিলা শৈক্ষিক প্রশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত বিদ্যালয় পৰ্যায়ৰ এখন প্ৰদৰ্শনী অনুষ্ঠিত হয়। মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে প্ৰদৰ্শনীখন আনুষ্ঠানিকভাৱে মুকলি কৰি উদ্যোক্তাসকলক এই পদক্ষেপৰ বাবে প্...

May 17, 2024 6:37 PM

বৰপেটা জিলাত মধ্যাহ্ন ভোজনৰ খাদ্য, অংগনৱাড়ী কেন্দ্ৰৰ খাদ্যৰ লগতে মিঠাইৰ দোকানৰ খাদ্যসমূহ পৰীক্ষাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ

বৰপেটা জিলাত মধ্যাহ্ন ভোজনৰ খাদ্য, অংগনৱাড়ী কেন্দ্ৰৰ খাদ্যৰ লগতে মিঠাইৰ দোকানৰ খাদ্যসমূহ পৰীক্ষাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জিলাখনত খাদ্যৰ মান উন্নত কৰাৰ উদ্দেশ্যে বিশেষ পদক্ষেপ লোৱা হৈছে। খাদ্যৰ মান পৰীক্ষা প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ উদ্দেশ্যে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত খাদ্যৰ গুণাগু...

May 17, 2024 5:26 PM

প্রাক্তন শিক্ষা মন্ত্ৰী থানেশ্বৰ বড়োৰ চিকিৎ‍সাধীন অৱস্থাত দেহাৱসান

সম গণ পৰিষদৰ প্ৰাক্তন সভাপতি, বর্ষীয়ান ৰাজনীতিবিদ, প্রাক্তন শিক্ষা মন্ত্ৰী, ৰঙিয়াৰ তিনিবাৰৰ বিধায়ক থানেশ্বৰ বড়োৰ আজি পুৱা চিকিৎ‍সাধীন অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ। যোৱা ১৩ মে'ত সংকটজনক অৱস্থাত ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ ...

May 17, 2024 5:24 PM

নগৰ সমিতি নিৰ্বাচনত অংশগ্ৰহণৰ পৰা বিৰত থকা সিদ্ধান্তক পুনৰ বিবেচনা কৰিবলৈ নাগালেণ্ড পিপলছ অর্গেনাইজেশ্যনক নগালেণ্ড কেবিনেটৰ আবেদন

নগালেণ্ডৰ কেবিনেটে পূব নাগালেণ্ড পিপলছ অর্গেনাইজেশ্যনক অহা ২৬ জুনত অনুষ্ঠিত হ'বলগীয়া স্থানীয় নগৰ সমিতি নিৰ্বাচনত অংশগ্ৰহণৰ পৰা বিৰত থকাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আবেদন জনাইছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী তথা ৰাজ্যৰ মুখপাত্র কে জি কেনিয়ে কৈছে যে ৰাজ্যখনৰ কেবিনেটে পুনৰবাৰ ENPO আৰু ইয়াৰ অন্তৰ্গত ...

May 17, 2024 12:22 PM

উত্তৰ-পূবৰ হজযাত্ৰীৰ এইবাৰৰ প্ৰথমটো দল চৌদি আৰৱৰ জেদ্দা অভিমুখে ৰাওনা

গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা কালি ৩২২ গৰাকী হজযাত্রী লৈ এখন বিশেষ বিমান সন্ধিয়া ৬ বজাত চৌদি আৰৱৰ জেদ্দা অভিমুখে ৰাওনা হয়। অসম তথা উত্তৰ-পূবৰ হজযাত্ৰীৰ এইবাৰৰ এই প্ৰথমটো দল লৈ বিমানখনে যাত্ৰা কৰে।

May 17, 2024 12:20 PM

অসমৰ বিভিন্ন জিলাত বিগত দুদিন ধৰি গ্ৰীষ্ম প্রবাহ অব্যাহত

অসমৰ বিভিন্ন জিলাত বিগত দুদিন ধৰি গ্ৰীষ্ম প্রবাহ অব্যাহত আছে। কালিৰ দিনটোত ৰাজ্যখনৰ তাপমাত্রা আছিল ৩৬ ডিগ্রী ছেলচিয়াছ। যদিও ঠায়ে ঠায়ে তাপমাত্র ৪২ ডিগ্রী পর্যন্ত অনুভৱ হৈছিল। আজিৰ দিনটোত ৩৫ ডিগ্রী পর্যন্ত তাপমাত্র অনুভৱ হব বুলি বতৰ বিজ্ঞান বিভাগে আগজাননী দিছে। বিভাগে অহা সোমবাৰ পৰ্যন্ত ছিকিম, অৰুণ...

May 17, 2024 12:18 PM

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ চোৰাং চিকাৰ বিৰোধী টাস্ক ফ’ৰ্চৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত কালি গঁড়ৰ চোৰাং চিকাৰ বিৰোধী টাস্ক ফ’ৰ্চৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিঙৰ লগতে আৰক্ষীৰ কেইবাগৰাকী শীৰ্ষ বিষয়া, ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক, মাণ্ডলিক বন বিষয়া আৰু অন্যান্য সংশ্লিষ্ট...

May 16, 2024 8:36 PM

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত গঁড়ৰ চোৰাং চিকাৰবিৰোধী টাস্ক ফ’ৰ্চৰ দ্বিতীয়খন বৈঠক সম্পন্ন

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত আজি গঁড়ৰ চোৰাং চিকাৰবিৰোধী টাস্ক ফ'ৰ্চৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰাজ্যৰ বিশেষ সঞ্চালকপ্ৰধান হৰমিত সিঙৰ লগতে আৰক্ষীৰ কেইবাগৰাকী শীৰ্ষ বিষয়া, ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক, মাণ্ডলিক বন বিষয়া আৰু অন্যান্য সংশ্লিষ্ট বিষয়াসক...

May 16, 2024 8:35 PM

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ ঘোষণা

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ ঘোষণা কৰিছে। ৰাষ্ট্ৰীয় উদ্যানখনত জীপ ছাফাৰী আৰু হাতী ছাফাৰী বন্ধ থাকিব বুলি মঙলদৈ বন্যপ্রাণী সংমণ্ডলে জনাইছে। উল্লেখযোগ্য যে, প্রতি বছৰৰ দৰে এইবাৰো বাৰিষা আগতীয়াকৈ অহাৰ বাবে উদ্যানৰ ভিতৰৰ পথ বেয়া হোৱাৰ পৰিপ্ৰেক্ষিতত যান-বাহনৰ চলাচল ব্যাহত হৈ পৰিছ...

May 16, 2024 8:49 PM

আজি ৰাষ্ট্ৰীয় ডেংগি দিৱস, ৰাজ্যত ভিন্ন স্থানত কাৰ্যসূচীৰ আয়োজন

আজি ৰাষ্ট্ৰীয় ডেংগি দিৱস৷ ডেংগি সন্দৰ্ভত জনসাধাৰণৰ মাজত সচেতনতা আৰু সতৰ্কতা বৃদ্ধি কৰাৰ লগতে প্ৰতি বছৰে আজিৰ দিনটোত বিভিন্ন সজাগতা সভা, বাটৰ নাট আদি অনুষ্ঠিত কৰি হয়। এই বছৰৰ ডেংগি দিৱসৰ বিষয় বস্তু- সম্প্ৰদায়ৰ সৈতে সংযোগ স্থাপন, ডেংগি নিয়ন্ত্রণ। দেশৰ আন আন প্ৰান্তৰ লগতে ৰাজ্যতো ৰাষ্ট্ৰীয় ডেংগি ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।