আঞ্চলিক সংবাদ

May 18, 2024 10:22 PM

মৰমৰ যোৰহাট আঁচনিৰ অধীনত টিয়ক হাইস্কুলৰ প্ৰাঙ্গনত পথ সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত জনসভা

◊ মৰমৰ যোৰহাট আঁচনিৰ অধীনত আজি যোৰহাট জিলা প্রশাসনে টিয়ক হাইস্কুল প্ৰাঙ্গনত পথ সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত এখন জনসভা অনুষ্ঠিত কৰে। জিলা আয়ুক্তৰ সভাপতিত্বত আয়োজন কৰা সভাখনত জিলা আৰক্ষী অধীক্ষককে ধৰি প্ৰশাসনীয় বিষয়াসকল উপস্থিত থাকে। পথ সুৰক্ষা ব্যৱস্থাৰ বিষয়ে আলোচনা কৰি জিলা আয়ুক্তগৰাকীয়ে ৰাইজক ...

May 18, 2024 10:13 PM

একাদশ শ্ৰেণীৰ নামভৰ্তিৰ পৰিপ্ৰেক্ষিতত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ গুৰুত্বপূৰ্ণ জাননী

◊ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে একাদশ শ্ৰেণীৰ নামভৰ্তি প্ৰক্ৰিয়া চলি থকাৰ পৰিপ্ৰেক্ষিতত এখন গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে। এই অনুসাৰে শিক্ষা সংসদে ২০২৪-২৫ শিক্ষাবৰ্ষৰ বাবে একাদশ শ্ৰেণীৰ নামভর্তি প্রক্রিয়া নির্দিষ্ট দৰ্পন পোৰ্টেলৰ যোগেৰে সম্পন্ন কৰিবলৈ শিক্ষাৰ্থী আৰু অভিভাৱকসকলক আহ্বান জনাইছে। উ...

May 18, 2024 10:03 PM

আজি ৬১ সংখ্যক বড়ো মাধ্যম দিৱস

♦ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৬১ সংখ্যক বড়ো মাধ্যম দিৱস উদযাপন কৰা হৈছে। বাক্সা জিলাৰ শালবাৰীত এই উপলক্ষে শালবাৰী জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত এলানি কাৰ্যসূচী পালন কৰা হয়৷ শালবাৰী জিলা বড়ো সাহিত্য সভাৰ সভাপতি ডম্বৰুধৰ বসুমতাৰীয়ে পতাকা উত্তোলন কৰাৰ পাছতেই নিখিল বড়ো ছাত্ৰ সন্থাৰ বাক্সা জিলাৰ সভ...

May 18, 2024 11:20 PM

৪ জুনত লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্রশাসনসমূহৰ প্ৰস্তুতি আৰম্ভ

♦ অহা ৪ জুনত ৰাজ্যখনৰ ১৪টা সমষ্টিৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্রশাসনসমূহে প্ৰস্তুতি আৰম্ভ কৰিছে। বিভিন্ন জিলাত ভোটগণনা কাৰ্যৰ বাবে প্ৰশাসনে প্রস্তুতিৰ বুজ ল'বলৈ বৈঠকত মিলিত হৈছে। মৰিগাঁও জিলা প্ৰশাসনে অলপতে ভোটগণনাৰ প্ৰস্তুতি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত ভোটগণ...

May 18, 2024 10:06 PM

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ উত্তৰ বহী পুনৰীক্ষণৰ বাবে অনলাইনৰ জৰিয়তেহে আবেদন কৰিব লাগিব

♦উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ উত্তৰ বহী পুনৰীক্ষণৰ বাবে পৰীক্ষাৰ্থীসকলে অনলাইনৰ জৰিয়তেহে আবেদন জনাব পাৰিব। এই সন্দৰ্ভত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰা এখন অধিসূচনা অনুসৰি উত্তৰ বহী পুনৰীক্ষণ কৰিবলৈ বিচৰা পৰীক্ষাৰ্থীসকলে অহা ২২ মে'ৰ বিয়লি ৫ বজা পর্যন্ত ahsec.assam.gov.inত অনলাইন আবেদন কৰিব ...

May 18, 2024 10:56 PM

কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণক নিৰ্দিষ্ট সময়ৰ ভিতৰত ন্যায় প্ৰদানৰ লক্ষ্যৰে ঔপনিবেশিক যুগৰ ফৌজদাৰী ন্যায় ব্যৱস্থাৰ ৰূপান্তৰ সাধন কৰিছেঃ অৰ্জুন ৰাম মেঘৱাল

♦ কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণক নিৰ্দিষ্ট সময়ৰ ভিতৰত ন্যায় প্ৰদানৰ লক্ষ্যৰে ঔপনিবেশিক যুগৰ ফৌজদাৰী ন্যায় ব্যৱস্থাৰ ৰূপান্তৰ সাধন কৰিছে বুলি কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে আজি গুৱাহাটীত প্ৰকাশ কৰে। মন্ত্ৰালয়ৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ আই আই টি গুৱাহাটীত আয...

May 17, 2024 8:01 PM

স্থলসেনা বাহিনীৰ ১৩৪ সংখ্যক পদাতিক বেটেলিয়নৰ মহাৰজত জয়ন্তী উপলক্ষে ব্যাপকভাৱে গছপুলি ৰোপণ কাৰ্যসূচীৰ আয়োজন

স্থলসেনা বাহিনীৰ ১৩৪ সংখ্যক পদাতিক বেটেলিয়নে বাহিনীটোৰ মহাৰজত জয়ন্তী উপলক্ষে ব্যাপকভাৱে গছপুলি ৰোপণ কাৰ্যসূচীৰ আয়োজন কৰে। উল্লেখযোগ্য যে ১৯৪৯ চনৰ প্ৰতিষ্ঠা কালৰে পৰা স্থলসেনা বাহিনীয়ে ভাৰতীয় সশস্ত্র বাহিনীৰ অভিযানকালত বিভিন্ন প্ৰকাৰে সাহায্য আগবঢ়াই আহিছে। তদুপৰি বাহিনীটোৱে বিভিন্ন আঞ্চলিক জৰুৰ...

May 17, 2024 7:53 PM

বিশিষ্ট চিন্তাবিদ ড° হীৰেণ গোহাঁইক পৰাগ কুমাৰ দাস সোঁৱৰণি সাংবাদিকতা বঁটা প্ৰদান

গুৱাহাটীত আজি আয়োজিত এটা অনুষ্ঠানত ৰাজ্যৰ বিশিষ্ট চিন্তাবিদ ড° হীৰেণ গোহাঁইক পৰাগ কুমাৰ দাস সোঁৱৰণি সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। পৰাগ কুমাৰ দাসৰ মৃত্যু বার্ষিকী উপলক্ষে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সভাত ড° গোহাঁইক এই বঁটা প্ৰদান কৰা হয়। বঁটা প্ৰদান অনুষ্ঠানত প্রবীণ অভিনেতা কুলদা কুমাৰ ভট্...

May 17, 2024 7:13 PM

হাইলাকান্দিৰ ৰামনাথপুৰত মাদক দ্রব্যসহ সৰবৰাহকাৰীক আটক

হাইলাকান্দিৰ ৰামনাথপুৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি মাদক দ্রব্য জব্দ কৰাৰ লগতে এটা সৰবৰাহকাৰীক আটক কৰে। মাদকদ্রব্য খিনি পাঁচটা প্লাষ্টিকেৰে নিৰ্মিত চাবোনৰ বাকচত কঢ়িয়াই অনা হৈছিল। সৰবৰাহকাৰীটোক ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

May 17, 2024 6:54 PM

দেশৰ বিভিন্ন প্ৰান্তত আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন

দেশৰ বিভিন্ন প্ৰান্তত আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন কৰা হয়। উচ্চ ৰক্তচাপ প্ৰতিৰোধ, নিয়ন্ত্ৰণ তথা এই সন্দৰ্ভত সজাগতা গঢ়ি তোলাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত আজি এই দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই অংশগ্ৰহণ কৰে। চিকিৎসা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।