আঞ্চলিক সংবাদ

May 28, 2024 5:28 PM

ৰাজ্যত ধুমুহা-বৰষুণৰ ফলত দুজন লোকে প্ৰাণ হেৰুৱাৰ লগতে ১২ গৰাকী শিক্ষার্থীসহ ১৭ জন লোক আহত

ৰাজ্যত আজি  প্ৰবল ধুমুহা-বৰষুণৰ ফলত দুজন লোকে প্ৰাণ হেৰুৱাইছে আৰু ১২ গৰাকী শিক্ষার্থীসহ ১৭ জন লোক আহত হৈছে। মৰিগাঁও জিলাৰ ধূপগুৰিত এগৰাকী ছাত্ৰৰ গাত গছ বাগৰি পৰাৰ ফলত মৃত্যুমুখত পৰে। আনফালে, গেৰুকামুখত এন এইচ পি চি প্ৰকল্পৰ কৰ্মী এগৰাকীৰ ভূমি স্খলনৰ ফলত মৃত্যু ঘটে। বংগোপ সাগৰত সৃষ্টি হোৱা ৰেমল ঘূৰ্ণ...

May 28, 2024 4:46 PM

ধুমুহা-বৰষুণ আৰু ভূমিস্খলনত দুজন লোকৰ প্ৰাণনাশৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ

সম্প্ৰতি নিৰ্বাচনৰ প্ৰচাৰ উদ্দেশ্যে ওড়িশাত থকা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ধুমুহা-বৰষুণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ মূল্যায়নৰ অৰ্থে মুখ্য সচিবৰ সৈতে কথা পাতে আৰু সাহায্য, পুনৰবাসন তথা সতৰ্কতামূলক ব্যৱস্থাসমূহ সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে। ড° শৰ্মাই লগতে ধুমুহা-বৰষুণ আৰু...

May 28, 2024 1:17 PM

জুনত সমগ্ৰ দেশতে স্বাভাৱিক পৰিমাণৰ বৰষুণ হোৱাৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

বতৰ বিজ্ঞান বিভাগে অহা ৩০ মে' পর্যন্ত পাঞ্জাৱ, হাৰিয়ানা আৰু চণ্ডিগড়ত উৎকট গৰম তথা গ্ৰীষ্ম প্ৰবাহৰ সতর্কবাণী জাৰি কৰিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি দক্ষিণ আৰু পশ্চিম পাঞ্জাৱ তথা হাৰিয়ানাৰ কোনো কোনো অংশত তাপমাত্রা ২ৰ পৰা ৩ ডিগ্রী চেলছিয়াছ পর্যন্ত বৃদ্ধি হৈ ৪৫ৰ পৰা ৪৭ ডিগ্রী চেলছিয়াছ পৰ্যন্ত হ...

May 27, 2024 7:21 PM

জালনোটসহ দুজন লোকক গ্ৰেপ্তাৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ

ৰে'লৱে সুৰক্ষা বাহিনী চমুকৈ আৰ পি এফে ৰে'লযোগে জালনোট সৰবৰাহৰ আন এটা প্ৰচেষ্টা আজি প্ৰতিহত কৰিবলৈ সমৰ্থ হয়। আৰ পি এফৰ এটা দলে কামাখ্যা ৰে'লৱে ষ্টেচনত ৪ নম্বৰ প্লেটফৰ্মত অভিযান চলাই আজি জালনোটসহ দুজন লোকক গ্ৰেপ্তাৰ কৰে। উত্তৰ প্ৰদেশ নিবাসী ধৃত সৰবৰাহকাৰীকেইজনৰ পৰা আৰ পি এফে ৫ লাখ ৭১ হাজাৰ ৫০০ টকাৰ জ...

May 27, 2024 7:18 PM

ৰেমল ঘূৰ্ণী বতাহৰ প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা বাতিল

ৰেমল ঘূৰ্ণী বতাহৰ প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা আজি বন্ধ ৰখা হৈছে। অভ্যন্তৰীণ জল পৰিবহণ বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি কাইলৈও এই সেৱা বন্ধ থাকিব। সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰহ্মপুত্ৰত ব্যক্তিগত নাৱৰ চলাচলো বন্ধ কৰা হৈছে। একেদৰে শিৱসাগৰ জিলা দুৰ্যোগ ব্যৱ...

May 27, 2024 7:05 PM

লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে অসমত জিলা প্রশাসনসমূহৰ প্রস্তুতি আৰম্ভ

অহা ৪ জুনত দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমৰ ১৪টা সমষ্টিৰ বাবে হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্রশাসনসমূহে প্রস্তুতি আৰম্ভ কৰিছে। বিভিন্ন জিলাত ভোটগণনা কাৰ্যৰ বাবে প্ৰশাসনে প্রস্তুতিৰ বুজ ল'বলৈ বৈঠকত মিলিত হৈছে। ডিব্ৰুগড় নিৰ্বাচনী জিলাৰ ভোটগণনা প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে জিল...

May 27, 2024 6:34 PM

পুণেত প্ৰতিবেদন সালসলনি কৰাৰ অভিযোগত ছেছুন চিকিৎসালয়ৰ দুগৰাকী ডাক্তৰ গ্ৰেপ্তাৰ

পুণে আৰক্ষীয়ে মহানগৰখনৰ কল্যাণী নগৰত অলপতে সংঘটিত এটা পথ দুৰ্ঘটনাৰ গোচৰ সন্দৰ্ভত ছেছুন চিকিৎসালয়ৰ দুগৰাকী ডাক্তৰক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক ফৰেণছিক বিভাগৰ মুৰববী ডাঃ অজয় টাৱাৰে আৰু ডাঃ শ্ৰীহৰি হাৰলোৰ বুলি জানিবলৈ দিছে। পঞ্জীয়ন নথকা এখন গাড়ীৰে এটা কিশোৰে সুৰামত্ত অৱস্থাত পথ দুৰ্ঘটনা সংঘটিত কৰাৰ ...

May 27, 2024 6:27 PM

নিৰ্বাচনৰ সময়ত জম্মু কাশ্মীৰত সুৰাজাতীয় সামগ্ৰীকে ধৰি ৯৫ কোটিৰ অধিক নগদ টকা জব্দ

নির্বাচনী অধিসূচনা জাৰি হোৱাৰ পাছতে জম্মু কাশ্মীৰত নিৰ্বাচনী কৰ্তৃপক্ষই সুৰাজাতীয় সামগ্ৰীকে ধৰি এতিয়ালৈকে ৯৫ কোটি টকাৰো অধিক নগদ টকা জব্দ কৰিছে। জম্মু-কাশ্মীৰত যোৱা শনিবাৰে অনন্তনাগ ৰাজৌৰী লোকসভা সমষ্টিৰ ভোটগ্রহণ সম্পন্ন হোৱাৰ পাছতে নির্বাচন প্রক্রিয়া অন্ত পৰে। নিৰ্বাচনী বিভাগে প্ৰকাশ কৰা তথ্য অন...

May 27, 2024 12:20 PM

আজি আৰু কাইলৈ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত প্ৰবল বৃষ্টিপাতৰ আগলি বতৰা

ৰেমল ঘূৰ্ণীবতাহৰ প্ৰভাৱ অসমৰ কিছু অংশত পৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে কেতবোৰ সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দলসমূহ সম্পূৰ্ণৰূপে সাজু হৈ থকাৰ লগতে নিয়ন্ত্রণ কক্ষসমূহো কাৰ্যক্ষম কৰি তোলা হৈছে। ভাৰতীয় বতৰ...

May 27, 2024 12:15 PM

পঞ্জাৱৰ ফৰিদকোট লোকসভা সমষ্টিত মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা

মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাই কালি পঞ্জাৱৰ ফৰিদকোট লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তথা জনপ্রিয় কণ্ঠশিল্পী হংসৰাজ হংসৰ হৈ এখন নিৰ্বাচনী সভাত অংশ লয় । সভাত দিয়া ভাষণত ডº শৰ্মাই পঞ্জাৱৰ শাসনাধিস্থিত ভগৱত মান চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে, বৰ্তমানৰ পঞ্জাৱ চৰকাৰে মুঠ জিডিপিৰ ৪৭ শতাংশই ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।