আঞ্চলিক সংবাদ

September 17, 2024 7:50 PM

অবৈধ অনলাইন ট্রেডিং গোচৰত গ্ৰেপ্তাৰ হোৱা চুমি বৰাক ন্যায়িক জিম্মালৈ প্ৰেৰণ

অবৈধ অনলাইন ট্রেডিং গোচৰত গ্ৰেপ্তাৰ হোৱা চুমি বৰাৰ পাঁচদিনীয়া আৰক্ষী জিন্মাৰ ম্যাদ আজি অন্ত পৰাৰ পাছত ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতে আজি আন এজন অভিযুক্ত অম্লানৰ সৈতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। অভিযুক্ত কেইগৰাকীয়ে প্ৰথমে আৰক্ষীৰ তদন্তত সহযোগ কৰা নাছিল যদিও পাছলৈ সহযোগ কৰা বুলি আৰক্ষীয়ে প্ৰ...

September 17, 2024 7:46 PM

বিশ্ব প্ৰসিদ্ধ যুদ্ধ বিমান নির্মাণ আৰু পৰিচালনা কোম্পানী ডাছ’ৰ সৈতে অসম চৰকাৰৰ  চুক্তি স্বাক্ষৰৰ প্ৰস্তুতি

অসম চৰকাৰে বিশ্বৰ অন্যতম বৃহৎ বিমান নির্মাণ কোম্পানী এয়াৰ বাছ আৰু ৰাফেল আদিৰ দৰে বিশ্ব প্ৰসিদ্ধ যুদ্ধ বিমান নির্মাণ আৰু পৰিচালনা কোম্পানী ডাছ’ৰ সৈতে ঐতিহাসিক চুক্তি স্বাক্ষৰ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই এই বিষয়ে প্ৰকাশ কৰিছে। এই চুক্তিৰ ফলত দেশৰ বিমান পৰিবহণ খণ্ডত অসমৰ ৫ হাজাৰৰো অধিক যুৱ...

September 17, 2024 7:17 PM

ৰাজ্যৰ বিভিন্ন কল-কাৰখানা, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজাৰ আয়োজন

আজি কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা, বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি এই পূজাৰ বাবে ব্যাপক আয়োজন পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন কল-কাৰখানা, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠা, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত সমূহীয়াভাৱে পূজাৰ আয়োজন কৰাৰ লগতে ব্যক্তিগত ভাবে...

September 17, 2024 7:11 PM

নতুন দিল্লীত বহনক্ষম বস্ত্ৰ সন্মিলনৰ তৃতীয় সংস্কৰণ কেন্দ্ৰীয় বস্ত্ৰ দপ্তৰৰ ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ দ্বাৰা উদ্বোধন

কেন্দ্ৰীয় বস্ত্ৰ দপ্তৰৰ ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই আজি নতুন দিল্লীত বহনক্ষম বস্ত্র সন্মিলনৰ তৃতীয় সংস্কৰণ উদ্বোধন কৰে। বস্তুক্ষেত্ৰত প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ লগতে ইয়াৰ বহনক্ষমতা বৃদ্ধিৰ সুবিধা প্ৰদানৰ বাবে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰী মাৰ্ঘেৰিটাই কৰ্মসংস্থাপ...

September 17, 2024 7:05 PM

পঞ্চায়ত নিৰ্বাচনৰ বাবে অসমৰ কেইবাখনো জিলাৰ পুনৰ নিৰ্ধাৰিত সমষ্টিৰ খচৰা প্ৰকাশ

অসমত চলিত বৰ্ষত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি কেইবাখনো জিলাৰ পুনৰ নিৰ্ধাৰিত সমষ্টিৰ খচৰা প্ৰকাশ কৰা হয়। সমষ্টিৰ সীমা নির্ধাৰণৰ ক্ষেত্ৰত চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনা মৰ্মে প্ৰস্তুত কৰা সচৰা অনুসৰি শোণিতপুৰ জিলাৰ উন্নয়নখণ্ডৰ সংখ্যা পূৰ্বৰ ৭খনৰ ঠাইত ৮খন, গাঁও পঞ্চায়তৰ সংখ্যা ৮২ খনৰ ঠাই ৮৮ ...

September 17, 2024 6:25 PM

ধুবুৰীৰ হামিদাবাদ মহাবিদ্যালয়ৰ অধ্যক্ষ চাহাদৎ আলীৰ অগ্রিম জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নাকচ

গুৱাহাটী উচ্চ ন্যায়ালয়ে মুখ্যমন্ত্ৰী তদাৰকী কোষৰ গোচৰত ধুবুৰীৰ হামিদাবাদ মহাবিদ্যালয়ৰ অধ্যক্ষ চাহাদৎ আলীৰ অগ্রিম জামিন নাকচ কৰিছে। মহাবিদ্যালয়খনত ধনৰ অনিয়ম সম্পৰ্কত অভিযোগ উত্থাপন হোৱাৰ পাছতেই তদাৰকী কোষে গোচৰ ৰুজু কৰিছিল। এই গোচৰত গ্ৰেপ্তাৰৰ আশংকাত অধ্যক্ষজনে অগ্রিম জামিন বিচাৰি উচ্চ ন্যায়ালয...

September 17, 2024 6:21 PM

পঞ্চায়ত নিৰ্বাচনৰ বাবে  বৰপেটা জিলাৰ পুনৰ নিৰ্ধাৰিত পাঁচটা সমষ্টিৰ খচৰা প্ৰকাশ

অসমত চলিত বৰ্ষত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি বৰপেটা জিলাৰ পুনৰ নিৰ্ধাৰিত পাঁচটা সমষ্টিৰ খচৰা প্ৰকাশ কৰা হয়। বৰপেটা জিলা পৰিষদৰ কাৰ্যালয়ত মুখ্য কাৰ্যবাহী বিষয়া অৰূপ কুমাৰ পাঠকে আজি জিলাখনৰ পঞ্চায়তৰ পুনৰ নিৰ্ধাৰিত সমষ্টিৰ খচৰা প্ৰকাশ কৰে। এই অনুসৰি জিলাখনৰ বৰপেটা, মন্দিয়া, চেঙা, সৰভোগ, ভ...

September 17, 2024 12:34 PM

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগত অংশকালীন সংবাদদাতাৰ প্ৰয়োজন

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে অংশকালীন সংবাদদাতা হিচাপে বজালী, বিশ্বনাথ, ডিব্ৰুগড়, হোজাই, কামৰূপ, পশ্চিম কাৰ্বি আংলং, ধেমাজি আৰু কাছাৰ জিলাৰ বাবে আগ্রহী প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। আগ্রহী প্রার্থীসকলে আকাশবাণীৰ ৱেৱছাইট www.newsonair.gov.in ত লগ ইন কৰি সবিশেষ তথ্য লাভ কৰাৰ লগ...

September 17, 2024 12:09 PM

প্রধানমন্ত্রী আবাস যোজনা গ্রামীণ আঁচনিৰ অধীনত দ্বিতীয় পৰ্যায়ত অসমলৈ অতিৰিক্ত ১ লাখ ৭১ হাজাৰ ৫৯৩টা গৃহ আৱণ্টন

প্রধানমন্ত্রী আবাস যোজনা গ্রামীণ আঁচনিৰ অধীনত দ্বিতীয় পৰ্যায়ত অসমলৈ অতিৰিক্ত ১ লাখ ৭১ হাজাৰ ৫৯৩টা গৃহ আৱণ্টন দিয়া হৈছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত এই আঁচনিৰ জৰিয়তে ৰাজ্যত উন্নয়ন আৰু সমৃদ্ধিৰ দিশত আগুৱাই নিয়াৰ বাবে চলোৱা প্ৰ...

September 17, 2024 12:06 PM

শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৰ কোকৰাঝাৰত চিৰাং জিলাৰ বিদ্যালয়ৰ অধ্যক্ষ আৰু প্ৰধান শিক্ষকসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৱে কালি কোকৰাঝাৰত উপস্থিত হৈ চিৰাং জিলাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আৰু হাইস্কুলৰ প্ৰধান শিক্ষকসকলৰ সৈতে বিটিচি বিধান পৰিষদৰ ভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত জিলাখনৰ ড্ৰ'প আউট ছাত্ৰ-ছাত্ৰীৰ হাৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে ড্রপআউটৰ সংখ্যা কমোৱাৰ ওপৰতো গ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।