আঞ্চলিক সংবাদ

September 19, 2024 12:56 PM

ৰাজ্যত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় আৰু অতিৰিক্ত ৰেচন কাৰ্ড প্ৰদানৰ ব্যৱস্থাৰ শুভাৰম্ভ

ৰাজ্যত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় আৰু অতিৰিক্ত ৰেচন কাৰ্ড প্ৰদানৰ ব্যৱস্থাৰ আজি শুভাৰম্ভ কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ লোকসেৱা আয়োগ ভৱন সভাকক্ষৰ পৰা ভার্চুৱেল ব্যৱস্থাৰে দিনৰ ১১ বজাত তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ শুভাৰম্ভণি কৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাতো আজি ...

September 18, 2024 7:59 PM

অভিভাৱক মন্ত্ৰী লাভৰ পাছত প্ৰথমবাৰৰ বাবে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু মাজুলীত উপস্থিত

মাজুলী জিলাৰ অভিভাৱক মন্ত্ৰী লাভৰ পাছত প্ৰথমবাৰৰ বাবে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু জিলাখনত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে বিজেপিৰ মাজুলী জিলা কাৰ্যালয়ত উপস্থিত হৈ দলৰ সদস্যতা অভিযান আৰু অৰুণোদয় তৃতীয় পৰ্যায়ৰ আঁচনি ৰূপায়ণৰ সন্দৰ্ভতো মত বিনিময় কৰে ।

September 18, 2024 7:52 PM

সোণাপুৰৰ অবৈধ দখল উচ্ছেদ কৰা কাৰ্যক প্ৰশংসা বি টি আৰৰ জনজাতীয় সংগঠনৰ

বি টি আৰৰ জনজাতীয় সংগঠনসমূহৰ সমন্বয় সমিতিয়ে ৰাজ্য চৰকাৰে সোণাপুৰৰ জনজাতীয় খণ্ড আৰু বেষ্টনীত অবৈধ দখল উচ্ছেদ কৰা কাৰ্যক প্ৰশংসা কৰিছে। সমিতিয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক এই পদক্ষেপ গ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। আজি কোকৰাঝাৰত এখন সংবাদমেল সম্বোধন কৰি সমিতিৰ সভাপতি নিৰঞ্জন ব্ৰহ্ম আৰু সাধাৰ...

September 18, 2024 7:48 PM

বিদ্যুৎ বিকাশ গগৈক অতিৰিক্ত লোক অধিবক্তা পদৰ পৰা অপসাৰণ ন্যায় বিভাগৰ

অসম চৰকাৰৰ ন্যায় বিভাগে বিদ্যুৎ বিকাশ গগৈ নামৰ এজন অতিৰিক্ত লোক অধিবক্তা পদৰ পৰা অপসাৰণ কৰিছে। ইয়াৰ সমান্তৰালভাৱে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লোক অধিবক্তা কাৰ্যালয়ৰ কৰ্মচাৰী কমল নাথ, ব্ৰজেন কুমাৰ দাস আৰু অৰূপ কুমাৰ ডেকাক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। ট্রেডিঙৰ নামত চলোৱা প্ৰৱঞ্চনাৰ গোচৰত কালি জিংকি ম...

September 18, 2024 7:37 PM

ৰাজ্যত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় আৰু অতিৰিক্ত ৰেচন কাৰ্ড প্ৰদানৰ ব্যৱস্থা কাইলৈ শুভাৰম্ভ

ৰাজ্যত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় আৰু অতিৰিক্ত ৰেচন কাৰ্ড প্ৰদানৰ ব্যৱস্থা কাইলৈ শুভাৰম্ভ কৰা হ'ব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কাইলৈ দিনৰ ১১ বজাত মাজুলীত এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব। সমগ্র ৰাজ্যৰ লগতে গোলাঘাট জিলাতো কাইলৈ অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় আৰম্ভ হ'ব। গোলাঘাট নগৰৰ...

September 18, 2024 7:07 PM

বাঘৰ উপদ্ৰৱ ৰোধৰ বাবে অত্যাধুনিক পাৱাৰ ফেন্সিং দিয়া হ’ব : মন্ত্ৰী কেশৱ মহন্ত

নগাঁও জিলাৰ কলিয়াবৰৰ সোণাৰি কামাখ্যা অঞ্চলত বাঘৰ উপদ্ৰৱ ৰোধ কৰাৰ বাবে অত্যাধুনিক পাৱাৰ ফেন্সিং দিয়া হ'ব বুলি মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে। কামাখ্যা গাঁও হৰিমন্দিৰ প্ৰাংগনত বাঘৰ উপদ্ৰৱ সন্দৰ্ভত স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে বাঘৰ উপদ্ৰৱৰ পৰ...

September 18, 2024 7:02 PM

মানস ৰাষ্ট্ৰীয় উদ্যানৰ মূল প্ৰৱেশদ্বাৰ ১ অক্টোবৰত পৰ্যটকৰ বাবে পুনৰ মুকলি

মানস ৰাষ্ট্ৰীয় উদ্যানৰ মূল প্ৰৱেশদ্বাৰ অহা ১ অক্টোবৰত পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ব। মানস ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক ড° চি ৰমেশে এখন জাননীযোগে এই কথা সদৰি কৰে। কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয় তথা ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকাৰী বিধি অনুসৰি মানস ৰাষ্ট্ৰীয...

September 18, 2024 6:56 PM

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দলৰ তৎপৰতা বৃদ্ধি

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ নির্বাচনৰ পৰিপ্ৰেক্ষিত চিৰাং জিলাত ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে। ছিদলী বিধানসভা সমষ্টিত উপ নির্বাচনৰ বাবে আজি জিলাখনৰ ঢালিগাঁৱত থকা শোধনাগাৰৰ প্ৰেক্ষাগৃহত বিজেপি, ইউ পি পি এল আৰু অগৰ মিত্ৰজোঁটৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, কে...

September 18, 2024 6:48 PM

ৰাজ্যৰ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদৰ সমষ্টিৰ পুনৰ গঠন প্ৰক্ৰিয়া আৰম্ভ

সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাতো গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সমষ্টিসমূহৰ পুনৰ গঠন প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে। সেই অনুসৰি নিৰ্ধাৰিত নীতি-নিয়মৰ ভিত্তিত জিলা প্রশাসনে যুগুতোৱা নতুন সমষ্টিৰ খচৰা তালিকাখন জিলা আয়ুক্তগৰাকীয়ে সংবাদমেলযোগে প...

September 18, 2024 12:31 PM

ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সীমা পুনঃনিৰ্ধাৰণৰ খচৰা প্ৰকাশ

অসমত চলিত বৰ্ষত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যজুৰি গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ এলেকা পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰা হয়। এই অনুসৰি আজিৰে পৰা অহা ২০ ছেপ্তেম্বৰলৈকে জিলা আয়ুক্তৰ কাৰ্যালয়ত ব্যক্তিগত তথা ৰাজহুৱা দল সংগঠনৰ খচৰা সম্পৰ্কীয় আবেদন গ্ৰহণ কৰা হ'ব। কাইলৈ ৰাজনৈতিক...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।