আঞ্চলিক সংবাদ

June 19, 2024 12:25 PM

ৰাজ্যজুৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ প্রস্তুতি অব্যাহত

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে ৰাজ্যজুৰি ব্যাপক প্রস্তুতি অব্যাহত আছে। জিলা প্ৰশাসনসমূহে যোগ দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। এইবাৰৰ যোগ দিৱসৰ বিষয় হৈছে– নিজৰ লগতে সমাজৰ বাবে যোগ। ব্যক্তিৰ, শাৰীৰিক, মানসিক সুস্থতা আৰু আধ্যাত্মিক বিকাশৰ লক্ষ্যৰে উদযাপন কৰা যোগ দিৱসৰ...

June 19, 2024 12:11 PM

লোকশিল্পী ধৰ্মেশ্বৰ নাথ আৰু চিত্ৰশিল্পী দুর্লভ ভট্টাচাৰ্যলৈ ২০২৪ বৰ্ষৰ বিষ্ণুৰাভা বঁটা

ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত কাইলৈ দৰং মহাবিদ্যালয় প্ৰেক্ষাগৃহত কেন্দ্ৰীয়ভাৱে বিষ্ণুৰাভা দিৱস উদযাপন কৰা হ'ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানত অংশ লৈ বিশিষ্ট লোকশিল্পী ধৰ্মেশ্বৰ নাথ আৰু চিত্ৰশিল্পী দুর্লভ ভট্টাচাৰ্যক ২০২৪ বৰ্ষৰ ব...

June 19, 2024 12:12 PM

অসমৰ ১৭,৪৯,০০০ হাজাৰ কৃষক হিতাধিকাৰীক পি এম কিষাণ আঁচনিৰ ৩৮১ কোটি টকা মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি মুকলি কৰি দিয়া পি এম কিষাণ আঁচনিৰ সপ্তদশ কিস্তিৰ ধনৰ অংশ হিচাপে অসমৰ ১৭ লাখ ৪৯ হাজাৰ কৃষক হিতাধিকাৰীয়ে মুঠ ৩৮১ কোটি টকা লাভ কৰিছে। পি এম কিষাণ সন্মিলনৰ ধন মুকলি কৰি দিয়া অনুষ্ঠানৰ আলমত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি...

June 19, 2024 12:14 PM

অহা ২৪ জুনলৈকে ৰাজ্যৰ আটাইকেইখন জিলাতেই পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা

গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা ২৪ জুনলৈকে ৰাজ্যৰ আটাইকেইখন জিলাতেই পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে। কেন্দ্ৰটোৱে কালি ৰাজ্যৰ ১১খন জিলাত প্ৰযোজ্য হোৱাকৈ ৰেড এলার্ট জাৰি কৰিছে। ৰেড এলার্ট জাৰি কৰা জিলাকেইখন হৈছে - কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, বাক্সা, চিৰাং, বৰপেটা...

June 19, 2024 12:15 PM

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ১৫ খন জিলাৰ ৪৭০ খন গাওঁ বানৰ কবলত

ৰাজ্যত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বান পৰিস্থিতিয়ে ক্ৰমাৎ‍ জটিল ৰূপ ধাৰণ কৰিছে। ৰাজ্যৰ ১৫ খন জিলাৰ কমেও ৪৭০ খন গাওঁ বানৰ কবলত পৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণৰ শেহতীয়া তথ্য অনুসৰি বান ক্ষতিগ্ৰস্ত জিলাকেইখন হৈছে- বিশ্বনাথ, লখিমপুৰ, হোজাই, বঙাইগাঁও, নলবাৰী, তামুলপুৰ, ওদা...

June 18, 2024 8:22 PM

আদর্শ ভোটগ্রহণ কেন্দ্ৰৰ দৰে আকর্ষণীয় ৰূপত সজাই তোলা মৰিগাঁও নির্বাচন জিলাৰ ৪টা ভোটকেন্দ্ৰক পুৰস্কৃত কৰাৰ বাবে বাছনি

বিগত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনা ভোটগ্রহণ কেন্দ্রসমূহ আদর্শ ভোটগ্রহণ কেন্দ্ৰৰ দৰে আকর্ষণীয় ৰূপত সজাই তোলা মৰিগাঁও নির্বাচন জিলাৰ ৪টা ভোটকেন্দ্ৰক পুৰস্কৃত কৰাৰ বাবে বাছনি কৰা হৈছে। ইয়াৰ ভিতৰত জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰিসুতিটুপ প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰ প্ৰথম স্থানত আছে। একেটা সমষ...

June 18, 2024 8:19 PM

শিলাদিত্য চেতিয়াৰ আত্মহননৰ ঘটনাত অসম আৰক্ষীৰ গভীৰ শোক প্ৰকাশ

ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব তথা ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া শিলাদিত্য চেতিয়াৰ আত্মহননৰ ঘটনাত অসম আৰক্ষীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। আৰক্ষী সঞ্চালক প্রধান জি পি সিঙে এই বিষয়ে প্ৰকাশ কৰি কয় যে, দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা চেতিয়াৰ পত্নীৰ বিয়োগৰ পাছতেই তেওঁ এই ঘটনা সংঘটিত কৰে। এই ...

June 18, 2024 6:48 PM

ফাইজান আহেমদৰ মৃতদেহ উদ্ধাৰৰ প্ৰকৃত সত্য উদঘাটনৰ বাবে চি বি আইৰ হাতত দায়িত্ব অৰ্পণৰ বাবে মমতা বেনাৰ্জীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্রযোগে আহ্বান

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আই আই টি খড়গপুৰৰ ছাত্ৰাবাসত ৰহস্যজনক পৰিস্থিতিত তিনিচুকীয়াৰ কচুজানৰ ছাত্ৰ ফাইজান আহেমদৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ প্ৰকৃত সত্য উদঘাটনৰ বাবে বিষয়টোৰ তদন্ত চি বি আইৰ হাতত অৰ্পণ কৰিবলৈ পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীক পত্রযোগে আহ্বান জনাইছে। মুখ্যমন্ত্ৰী ড০ শৰ্মা...

June 18, 2024 6:28 PM

উত্তৰ যোৰহাটৰ নিমাতী সমীপৱৰ্তী বৰআলি কৈৱৰ্ত গাঁৱৰ ৰংগমঞ্চত বাল্য বিবাহ প্রতিৰোধ সম্পৰ্কীয় সজাগতা সভা

উত্তৰ যোৰহাটৰ নিমাতী সমীপৱৰ্তী বৰআলি কৈৱৰ্ত গাঁৱৰ ৰংগমঞ্চত আজি গাঁওপ্ৰধানৰ উদ্যোগত বাল্য বিবাহ প্রতিৰোধ সম্পৰ্কীয় এখন সজাগতা সভা অনুষ্ঠিত হয়। সজাগতা সভাত উপস্থিত থকা বিভিন্নজনে বাল্য বিবাহৰ অপকাৰিতা, চৰকাৰী আইন, বাল্য বিবাহ প্রতিবোধ সম্পর্কত ভাষণ দিয়ে। অনুষ্ঠানটোত অঞ্চলটোব শতাধিক পুৰুষ-মহিলাই অংশ...

June 18, 2024 6:26 PM

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে ৰাজ্যজুৰি ব্যাপক প্রস্তুতি অব্যাহত

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে ৰাজ্যজুৰি ব্যাপক প্রস্তুতি অব্যাহত আছে। বিভিন্ন জিলা প্রশাসনে যোগ দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। এইবাৰৰ যোগ দিৱসৰ বিষয় হৈছে-নিজৰ লগতে সমাজৰ বাবে যোগ। দশম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বে তেজপুৰৰ বায়ুসেনা শিবিৰ আৰু শোণিতপুৰৰ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।