আঞ্চলিক সংবাদ

June 21, 2024 12:37 PM

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্রাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ দেশবাসীলৈ শুভেচ্ছা

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্রাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। আকাশবাণীৰে হোৱা কথা-বতৰাত কোবিন্দে যোগসাধনাই জাতি-ধর্ম-বর্ণ নির্বিশেষ বিশ্বৰ বিভিন্ন দেশৰ মাজত যোগসূত্ৰ স্থাপন কৰে বুলি মন্তব্য আগবঢ়ায়। যোগে শৰীৰ, মন আৰু আত্মাক একত্ৰিত কৰে বুলিও প্রাক্তন ৰাষ্ট্ৰপত...

June 21, 2024 12:32 PM

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। এই উপলক্ষে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত যোগ দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই অংশ গ্ৰহণ কৰে। ইপিনে, শোণিতপুৰত অনুষ্ঠিত যোগ দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই অংশ গ্রহণ কৰে। যোগ দিৱ...

June 20, 2024 7:50 PM

পৰিবহন বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে কেশৱ মহন্তৰ গুৰুত্বপূৰ্ণ বৈঠকত

ৰাজ্যৰ নৱনিযুক্ত পৰিবহন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি দিছপুৰত বিভাগটোৰ শীৰ্ষ বিষয়াৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত পৰিবহন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ পৰা পৰিবহন মন্ত্ৰী শ্ৰীমহন্তই বিভাগীয় কাম-কাজৰ সবিশেষ বুজ লোৱাৰ লগতে গুৰুত্বপূৰ্ণ বিভাগীয় আঁচনিসমূহৰ বিতং খতিয়ান লয়। বৈঠকত মন্ত্ৰ...

June 20, 2024 7:49 PM

দিছপুৰত আজি কাৰ্বি শান্তি চুক্তি স্বাক্ষৰকাৰী প্ৰতিনিধিৰ লগত ডাঃ ৰণোজ পেগুৰ বৈঠক

কেবিনেট মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি দিছপুৰত কাৰ্বি শান্তি চুক্তি স্বাক্ষৰকাৰী প্ৰতিনিধিৰ লগতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত চুক্তি অনুসৰি কাৰ্বি আংলঙৰ বাহিৰৰ কাৰ্বি জনগোষ্ঠীয় গাঁও আৰু লোকসকলৰ কল্যাণৰ বাবে এখন পৰিষদ গঠন ...

June 20, 2024 7:46 PM

লোকশিল্পী ধৰ্মেশ্বৰ নাথ আৰু চিত্ৰশিল্পী দুর্লভ ভট্টাচাৰ্যক ২০২৪ বৰ্ষৰ বিষ্ণুৰাভা বঁটাৰে সন্মানিত

আজি বিষ্ণু ৰাভা দিৱস। এই উপলক্ষে ৰাজ্য চৰকাৰৰ লগতে অনুষ্ঠান-প্ৰতিষ্ঠানসমূহে দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে। মুখ্যমন্ত্ৰী ড° শৰ্মাই আজি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু...

June 20, 2024 7:44 PM

মঙলদৈত আজি অসম দক্ষতা বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দৰং জিলাৰ মঙলদৈত নির্মীয়মান অসম দক্ষতা বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদ পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ বিভিন্ন দিশ পর্যালোচনা কৰে। পৰিদৰ্শনৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ নিৰ্মাণকাৰ্য অহা বছৰৰ ভিতৰত শেষ হ'ব বুলি আশা প্রকাশ কৰে। পৰিদৰ্শনকালত মুখ্যমন্ত্ৰ...

June 20, 2024 7:42 PM

আজিৰেপৰা মানস ৰাষ্ট্ৰীয় উদ্যানৰ জীপ চাফাৰী বন্ধ

মানস ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই পৰ্যটকৰ বাবে আজিৰেপৰা ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী বন্ধ কৰিছে। প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰে। পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ মুখ্য প্ৰৱেশদ্বাৰৰ পৰা মথনগুৰিলৈ পৰ্যটকৰ বাবে জীপ চাফাৰীৰ সময়সীমা ২০...

June 20, 2024 7:37 PM

আকাশবাণীৰ চলন্তিকা অনুষ্ঠানত আজি ‘সুন্দৰ জীৱনৰ বাবে যোগ’ শীৰ্ষক আলোচনা

বিশ্ব যোগ দিৱসৰ প্ৰাকক্ষণত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি নিশা চাৰে ৮ বজাত চলন্তিকা অনুষ্ঠানত ‘সুন্দৰ জীৱনৰ বাবে যোগ' শীৰ্ষক দিগন্ত শৰ্মাৰ সৈতে হোৱা এটা আলোচনা আগবঢ়াব। আনহাতে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কাইলৈ পুৱা চাৰে ৬ বজাত তেজপুৰৰ চাৰ্ছ ফিল্ডত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাজ্যিক ...

June 20, 2024 7:35 PM

দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যোগ দিৱসৰ প্ৰস্তুতি অব্যাহত

নিজৰ লগতে সমাজৰ বাবে যোগ- এই বিষয় বস্তুৰে এইবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিবলৈ লোৱা হৈছে। যোগ দিৱস উদযাপনৰ বাবে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি অব্যাহত চলোৱা হৈছে। ব্যক্তিৰ, শাৰীৰিক, মানসিক সুস্থতা আৰু আধ্যাত্মিক বিকাশৰ লক্ষ্যৰে উদযাপন কৰা যোগ দিৱসৰ সৈতে সংগতি ৰাখি যোগ অনুশীলনৰ শিৱিৰ মুকলি কৰাৰ লগ...

June 20, 2024 7:33 PM

ৰাজ্যৰ বান পৰিস্থিতি নিয়ন্ত্রণাধীন বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

ৰাজ্যৰ বান পৰিস্থিতি নিয়ন্ত্রণাধীন বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই তেজপুৰত আজি মন্তব্য কৰিছে। তেওঁ কয় যে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ক্ষিপ্ৰতাৰে কাম কৰি আছে। নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যৰ কেইবাখনো নৈ-উপনৈৰ জলপৃষ্ঠ বিপদসীমা অতিক্ৰম কৰিলেও বান পৰিস্থিতি নিয়ন্ত্রণাধীন বুলি মুখ্যম...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।