আঞ্চলিক সংবাদ

June 30, 2024 7:01 PM

চৰকাৰী চিকিৎসকে কৰ্তব্যৰ সময়চোৱাত ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা আগবঢ়াব নোৱাৰিঃ স্বাস্থ্য বিভাগ

চৰকাৰী চিকিৎসকে কৰ্তব্যৰ সময়চোৱাত ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা আগবঢ়াব নোৱাৰিব বুলি ৰাজ্যৰ স্বাস্থ্য বিভাগে নিৰ্দেশনা জাৰি কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে স্বাস্থ্য, শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধার্থ সিঙে এই সন্দৰ্ভত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক...

June 30, 2024 6:55 PM

জলসম্পদ মন্ত্রী পিয়ুষ হাজৰিকাৰ  গোলাঘাটৰ ধনশিৰি নদীৰ নৱনিৰ্মিত মথাউৰি পৰিদৰ্শন

জলসম্পদ মন্ত্রী পিয়ুষ হাজৰিকাই আজি গোলাঘাটৰ তেতেলীতলৰ হাঁহচ'ৰা পথাৰৰ ধনশিৰি নদীৰ নৱনিৰ্মিত মথাউৰিটো পৰিদৰ্শন কৰে। তেওঁ হোজাই, নগাওঁ জিলাৰ কামপুৰ আৰু বৰাক উপত্যকাত মথাউৰি নিৰ্মাণৰ কাম কৰিবলগীয়া আছে বুলি উল্লেখ কৰে। ইয়াৰপূৰ্বে তেওঁ গোলাঘাটৰ সাংবাদিক বিকাশ শৰ্মাৰ বাসগৃহত উপস্থিত হৈ স্বাস্থ্যৰ বুজ লো...

June 30, 2024 6:48 PM

১ জুলাইৰ পৰা তিনিখন নতুন ফৌজদাৰী আইন বলবৎ উপলক্ষে অসম চৰকাৰৰ ন্যায় বিভাগ আৰু অসম আৰক্ষীৰ সহযোগত যাৱতীয় কাৰ্যব্যৱস্থা

সমগ্ৰ দেশজুৰি কাইলৈৰ পৰা তিনিখন নতুন ফৌজদাৰী আইন বলবৎ হ'ব। ঔপনিবেশিক সময়ৰ পৰা চলি অহা ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী বিধি আৰু ভাৰতীয় সাক্ষ্য আইনৰ পৰিৱৰ্তে কাইলৈৰ পৰা ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম নামৰ নতুন আইন তিনিখন বলবৎ হ'ব। অসম চৰকাৰে এই আইন তিনিখন...

June 30, 2024 6:43 PM

দিল্লীত অভিযন্তা তথা ঔপন্যাসিক চুমিন্দ্ৰ চৌধুৰীৰ “বিক্ৰেতাবিহীন বজাৰ”ৰ দ্বিতীয় আৰু “ছাংগ্ৰি-লাত প্ৰজ্ঞা বিচাৰি”ৰ চতুৰ্থ সংস্কৰণ উন্মোচন

বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজৰীয়ে আজি দিল্লীৰ অসম মিডিয়া চেণ্টাৰত অভিযন্তা তথা ঔপন্যাসিক চুমিন্দ্ৰ চৌধুৰীৰ  "বিক্ৰেতাবিহীন বজাৰ"ৰ দ্বিতীয় আৰু "ছাংগ্ৰি-লাত প্ৰজ্ঞা বিচাৰি"ৰ চতুৰ্থ সংস্কৰণ উন্মোচন কৰে ।  এই অনুষ্ঠানতে "ছাংগ্ৰি-লাত প্ৰজ্ঞা বিচাৰি"ৰ হিন্দী সংস্কৰণ "দ্ৰুকনন্দিনী" চলিত বৰ্ষৰ ডি...

June 30, 2024 5:55 PM

আকাশবাণী গুৱাহাটী আৰু বাতৰি বিভাগৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত কাইলৈ বিভিন্ন কাৰ্যসূচী

আকাশবাণী গুৱাহাটীৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আঞ্চলিক বাতৰি বিভাগৰ ৬৮সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত কাইলৈ বিভিন্ন কাৰ্যসূচীৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ গাথা শীৰ্ষক এখন আলোচনাচক্ৰৰ আয়োজন কৰা হৈছে। আলোচনাচক্ৰত নেডফিৰ কাৰ্যবাহী সঞ্চালক এছ ...

June 30, 2024 12:23 PM

নতুনকৈ প্ৰৱৰ্তন হ’বলগীয়া তিনিখন নতুন ফৌজদাৰী আইন সন্দৰ্ভত গুৱাহাটীত কর্মশালা

দেশত কাইলৈ প্ৰৱৰ্তন হ'বলগীয়া তিনিখন নতুন ফৌজদাৰী আইন সন্দৰ্ভত আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন কর্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাত অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অংশুমান বৰা উপস্থিত থাকিব। অনুষ্ঠানটো দিনৰ চাৰে ১১ বজাত আৰম্ভ হ'ব। উ...

June 30, 2024 12:12 PM

ডিব্ৰুগড় পৌৰ নিগমৰ ২২ টা ৱাৰ্ডত কৃত্রিম বানত শোচনীয় পৰিস্থিতি

ডিব্ৰুগড় চহৰত কৃত্রিম বানৰ পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত হৈ আছে। ডিব্ৰুগড় পৌৰ নিগমৰ ২২ টা ৱাৰ্ডতে কৃত্রিম বানে শোচনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। চহৰখনৰ মূল ৰাজপথকে ধৰি বিস্তীর্ণ অঞ্চল জলমগ্ন হৈছে। বিগত তিনি দিন ধৰি ডিব্ৰুগড় চহৰবাসী জলবন্দী হৈ আছে। ইফালে চহৰৰ মাজমজিয়াত অৱস্থিত আৰক্ষী চাউনীত কৃত্রিম...

June 30, 2024 12:02 PM

যোৰহাট জিলা আয়ুক্তৰ নেতৃত্বত আৰু শিক্ষা বিভাগৰ সহযোগত বিদ্যালয়ত গ্রন্থদান অভিযান

চলিত যোৰহাট জিলা দিৱসৰ লগত সংগতি ৰাখি কালি যোৰহাট জিলা আয়ুক্তৰ নেতৃত্বত আৰু শিক্ষা বিভাগৰ সহযোগত জিলাখনৰ অন্তৰ্গত প্ৰতিখন বিদ্যালয়তে গ্রন্থদান অভিযান চলোৱা হয়। বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্রী, কর্মচাৰী, ছাত্র-ছাত্রী, অভিভাৱক আদিয়ে বিদ্যালয়ৰ পুথিভঁৰালসমূহলৈ গ্ৰন্থদান কৰে। উল্লেখযোগ্য যে, জিলা...

June 30, 2024 11:59 AM

২৩ জুলাইৰ পৰা ২৭ জুলাইলৈ শোণিতপুৰৰ ষ্টেডিয়ামত অগ্নিবীৰ প্ৰাৰ্থীৰ নিযুক্তি সমাবেশ

ভাৰতীয় সেনাৰ শ্বিলঙৰ নিযুক্তি কার্যালয়ে মধ্য অসমৰ ৪খন জিলা শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁৱৰ বাবে অহা ২৩ জুলাইৰ পৰা ২৭ জুলাইলৈ শোণিতপুৰৰ ষ্টেডিয়ামত অগ্নিবীৰ প্ৰাৰ্থীৰ নিযুক্তি সমাবেশৰ আয়োজন কৰিছে। মিছামাৰীৰ সেনা ছাউনীৰ যশৱন্ত ষ্টেডিয়ামত এই সমাবেশ অনুষ্ঠিত হ'ব। চলিত বৰ্ষৰ যোৱা এপ্ৰিল মাহৰ প...

June 30, 2024 11:37 AM

অসমত ৫খন জিলাৰ ৩৮৩ খন গাঁৱৰ ৪১ হাজাৰৰো অধিক লোক  বানৰ কবলত

ৰাজ্যৰ বান পৰিস্থিতি প্রায় সুস্থিৰ হৈছে যদিও ৫খন জিলাৰ ৩৮৩ খন গাঁৱৰ ৪১ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। ১২৯টা আশ্রয় শিবিৰত ১৪ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ইয়াৰ ভিতৰত কৰিমগঞ্জ জিলাত স্থাপন কৰা সৰ্বাধিক ১০৩টা আশ্রয় শিবিৰত ১৩ হাজাৰৰো অধিক লোক আশ্ৰয় লৈ আছে। কৰিমগঞ্জৰ উপৰি কামৰূপ, ধেমাজি,...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।