আঞ্চলিক সংবাদ

July 5, 2024 12:32 PM

সাম্প্ৰতিক বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৯০ শতাংশ অঞ্চল প্লাবিত

ৰাজ্যত বানে জটিলৰূপ ধাৰণ কৰাৰ সমান্তৰালকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি বনাঞ্চলসমূহৰ জীৱ- জন্তুৱেও দুর্ভোগ ভুগিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা গড়কে ধৰি ১৭ টা জন্তু বানত ডুবি মৃত্যু হোৱাৰ বিপৰীতে বনবিভাগে আন ৭২ টা জন্তুক উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৩২ টা বন্য জীৱ স...

July 5, 2024 12:29 PM

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান পৰিস্থিতি নিৰীক্ষণ আৰু নিয়ন্ত্ৰণৰ বাবে চৰকাৰৰ সকলো প্ৰচেষ্টা অব্যাহত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান পৰিস্থিতি নিৰীক্ষণ আৰু নিয়ন্ত্ৰণৰ লগতে সাহায্য প্ৰদানৰ কাম তৎপৰতাৰে আগবঢ়াই নিয়াৰ উদ্দেশ্যে চৰকাৰে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটী মহানগৰীৰ পাণ্ডুত বানৰ কবলত পৰা অঞ্চলসমূহত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। তেওঁ কয় যে, ব্ৰহ্মপ...

July 5, 2024 12:24 PM

অসমৰ বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ

ৰাজ্যৰ বান পৰিস্থিতি বর্তমানেও শোচনীয় হৈ আছে। ৰাজ্যিক দুৰ্যোগ প্রশমন আৰু ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বৰ্তমানে ২৯ খন জিলাৰ ৩ হাজাৰ ২০৮ খন গাঁও জলমগ্ন হৈ আছে। ৰাজ্যৰ ২১ লাখ ১৩ হাজাৰতকৈও অধিক লোক এই বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে ৫৭ হাজাৰৰো অধিক হেক্টৰ কৃষিভূমি প্লাৱিত হৈছে। বিগত ২৪ ঘণ্টাত ৬ গৰ...

July 4, 2024 9:21 PM

সাম্প্ৰতিক বানত মৃত্যু হোৱা তিনিচুকীয়াৰ নিৱাসী শিৱানুজ তিৰ্কিৰ পৰিয়ালক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সাক্ষাৎ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সাম্প্ৰতিক বান পৰিস্থিতিৰ ফলত অলপতে মৃত্যু হোৱা তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ হাতিঘূলিৰ ৩ নম্বৰ ন-বৰমূৰা নিৱাসী শিৱানুজ তিৰ্কিৰ পৰিয়ালক আজি সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তৰফৰ পৰ...

July 4, 2024 9:13 PM

দেশত বলৱৎ হোৱা তিনিখন নতুন আইন সন্দৰ্ভত বৰপেটা জিলা সমাজ কল্যাণ বিভাগৰ সজাগতা সভা

পহিলা জুলাইৰ পৰা দেশত বলৱৎ হোৱা তিনিখন নতুন আইন সন্দৰ্ভত আজি বৰপেটা জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত সমাজ কল্যাণ বিভাগৰ অধীনত কৰ্মৰত শিশু উন্নয়ন প্রকল্প বিষয়া আৰু ছুপাৰ ভাইজাৰসকলক আইন তিনিখনৰ বিভিন্ন দিশ সম্পৰ্কে অৱগত কৰোৱা হয়। এই সভাত প্ৰশাসনৰ শীৰ্ষ বিষয়া আৰু...

July 4, 2024 9:09 PM

আজি সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ দ্বাদশ পূণ্য তিথি

কবিতাৰে জনতাৰ হৃদয় জয় কৰা সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ দ্বাদশ পূণ্য তিথিত আজি অনুৰাগীসকলৰ লগতে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে তেওঁক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছে। অসমীয়া কাব্য সাহিত্য জগতৰ অন্যতম ভোটা তৰা কবিগৰাকীলৈ শ্রদ্ধা নিবেদন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে অতুলনীয় শব্দ সম্ভাৰ...

July 4, 2024 6:40 PM

সাম্প্ৰতিক বানত ৰাজ্যৰ ২৯ খন জিলাৰ ১৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

ৰাজ্যৰ সাম্প্ৰতিক বানত ২৯ খন জিলাৰ ১৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। যোৱা ২৪ ঘণ্টাত ৮ জন লোকৰ বানত মৃত্যু হোৱাৰ ফলত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৬ লৈ বৃদ্ধি হৈছে। আনহাতে, তিনিজন লোক সন্ধানহীন হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি ২,৮০০ খন গাঁও বানৰ কবলত পৰাৰ লগত...

July 4, 2024 2:57 PM

আজিৰে পৰা ৰাজ্যৰ কেইবাখনো জিলাত সম্পূর্ণতা অভিযান ৰূপায়ণ

■ অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহৰ দ্ৰুত তথা সৰ্বাত্মক বিকাশৰ লক্ষ্যৰে ৰাজ্যৰ কেইবাখনো জিলাত আজিৰেপৰা সম্পূর্ণতা অভিযান ৰূপায়ণ কৰা হৈছে। অসমৰ বাক্সা, ধুবুৰী, দৰং, বৰপেটা, গোৱালপাৰা,ওদালগুৰি আৰু হাইলাকান্দিকে ধৰি মুঠ ৭খন জিলা তথা ২০টা উন্নয়ন খণ্ড এলেকাক এই অভিযানে সামৰি লৈছে। উল্লেখযোগ্য যে বৰ্তম...

July 4, 2024 1:20 PM

অহা শনি আৰু দেওবাৰে উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবৰ দ্বিবার্ষিক অধিবেশন

অহা শনিবাৰ আৰু দেওবাৰে উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবৰ দ্বিবার্ষিক অধিবেশন অনুষ্ঠিত হ'ব। বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা অধিবেশনত মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰে নিৰ্মিত এটা প্ৰেক্ষাগৃহ উদ্বোধন কৰা হ'ব। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি জ্যেষ্ঠ আৰু কনিষ্ঠ সাংবাদিকৰ অন্তৰংগ আলাপ অনুষ্ঠানৰো আয়োজন কৰা হৈছে। অধিবেশনত ...

July 4, 2024 1:19 PM

কামৰূপ মহানগৰ জিলাৰ বৃদ্ধাবাসসমূহত চৰকাৰী আঁচনিসমূহ অন্তৰ্ভুক্তিকৰণৰ বাবে মুখ্য সচিবক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

কামৰূপ মহানগৰ জিলাৰ বৃদ্ধাবাসসমূহত থকা আৱাসীসকলৰ আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, আয়ুষ্মান ভাৰত কাৰ্ড, বেংক একাউণ্টৰ সমস্যা আদি তাৎক্ষণিকভাৱে সমাধান কৰাৰ লগতে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্তিকৰণৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্য সচিব ডº ৰবি কোটাক নিৰ্দেশ দিছে। তদুপৰি মুখ্যমন্ত্ৰীয়ে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।