আঞ্চলিক সংবাদ

July 17, 2024 8:42 PM

দেশৰ বিভিন্ন অঞ্চলত আশ্বুৰা-ই-মহৰম পালন

দেশৰ বিভিন্ন অঞ্চলত আজি আশ্বুৰা-ই-মহৰম ধৰ্মীয় ৰীতি-নীতিৰে পালন কৰা হৈছে। কাৰবালাত সত্য আৰু ন্যায়ৰ হকে প্ৰাণ আহুতি দিয়া পয়গম্বৰ মহম্মদৰ নাতিয়েক হজৰত ইমাম হুছেইন আৰু তেওঁৰ সহযোগীসকলৰ স্মৃতিত এই পৰ্ব পালন কৰা হয়। এই উপলক্ষে সমগ্র দেশতে তাজিয়া সমদল উলিওৱা হয়। কাৰবালাৰ শ্বহীদসকলৰ সৰ্বোচ্চ ত্যাগৰ ...

July 17, 2024 8:33 PM

গোলাঘাটৰ বৰকছাৰীত সুৰাভৰ্তি ট্ৰাক জব্দ, ৭জনক আটক

গোলাঘাট আৰক্ষীয়ে আজি মেৰাপানী আৰু ঘিলাধাৰী আৰক্ষীৰ সহযোগত বৰকছাৰী অঞ্চলৰ পৰা এখন সুৰাভৰ্তি ট্ৰাক জব্দ কৰে। যোৰহাটৰ পৰা মেৰাপানী হৈ নাগালেণ্ড অভিমুখে লৈ যোৱাৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীয়ে জব্দ কৰা ট্রাকখনত ৪০ লাখৰো অধিক টকা মূল্যৰ সুৰা আছিল বুলি সন্দেহ কৰা হৈছে। আৰক্ষীয়ে লগতে সুৰা সৰবৰাহৰ ঘটনাত জ...

July 17, 2024 8:31 PM

দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন সম্পৰ্কত মাজুলীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত বৈঠক

দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ কাৰ্যসূচী সম্পর্কে আলোচনা কৰিবলৈ আজি মাজুলী জিলাৰ আয়ুক্তৰ অধ্যক্ষতাত জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। জিলাখনৰ আৰক্ষী অধীক্ষককে ধৰি সকলো বিভাগৰ মুৰব্বী বিষয়াসকল, নাগৰিক সমাজ তথা সাংবাদিকসকলৰ উপস্থিতিত আয়োজিত বৈঠকত স্বাধীনতা দিৱস উদযাপনৰ দিনজোৰা ...

July 16, 2024 1:53 PM

দেশৰ পশ্চিম প্রান্তত আজি প্ৰৱল বৃষ্টিপাতৰ আশংকা ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে দেশৰ পশ্চিম প্রান্তত আজি প্ৰৱল বৃষ্টিপাত আশংকা প্রকাশ কৰিছে। বিভাগে কৈছে যে কংকান, গোৱা, মধ্য মহাৰাষ্ট্ৰ, গুজৰাট, দক্ষিণ কৰ্ণাটক আৰু ইয়াৰ উপকূলীয় অঞ্চল, সৌৰাষ্ট্ৰ আৰু কুটচৰ বিভিন্ন প্ৰান্তত প্ৰৱল বৰষুণৰ আশংকা আছে। বতৰ বিজ্ঞান বিভাগে আজিৰে পৰা অহা শুকুৰবাৰলৈ তেলেংগানা, অন্ধ...

July 16, 2024 1:23 PM

দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰত অনুষ্ঠিত হোৱা সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক কেন্দ্রীয় প্ৰতিষ্ঠা দিৱসৰ কালি সামৰণি

শিৱসাগৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক কেন্দ্রীয় প্ৰতিষ্ঠা দিৱসৰ কালি সামৰণি পৰে। শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত কালি সন্ধিয়া কেন্দ্রীয় মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাই মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰ...

July 16, 2024 1:19 PM

ৰাজ্যত বান আৰু খহনীয়া প্ৰতিৰোধৰ বাবে বিগত তিনি বছৰত চৰকাৰে বহুকেইটা পদক্ষেপ গ্রহণ কৰিছেঃ পীযুষ হাজৰিকা

ৰাজ্যত বান আৰু খহনীয়া প্ৰতিৰোধৰ বাবে বিগত তিনি বছৰত চৰকাৰে বহুকেইটা পদক্ষেপ গ্রহণ কৰা বুলি জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। জলসম্পদ মন্ত্রীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২১- ২২ বিত্তীয় বৰ্ষৰ পৰা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ভিতৰত ৰাজ্য চৰকাৰে ১৮৯ কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণ কৰাৰ লগতে ৪৪...

July 16, 2024 12:45 PM

অসমতো অব্যাহত সম্পূর্ণতা অভিযান

নিটি আয়োগৰ বিশেষ কার্যসূচী সম্পূর্ণতা অভিযান অসমতো অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে জিলাই জিলাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলতঃ প্রথম তিনি মাহতে পঞ্জীয়নভুক্ত প্রসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য ...

July 16, 2024 12:39 PM

কলিয়াবৰৰ হাতীমূৰাৰ ক’ফাৰ বান্ধৰ কাম এসপ্তাহৰ ভিতৰত সম্পূৰ্ণ হ’বঃ মন্ত্ৰী কেশৱ মহন্ত

কলিয়াবৰৰ হাতীমূৰাৰ ক’ফাৰ বান্ধৰ কাম এসপ্তাহৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছে। হাতীমূৰাৰ ভগ্ন মথাউৰিৰ স্থান পৰিদৰ্শন কৰি কালি মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। শ্ৰী মহন্তই কয় যে, হাতীমূৰাৰ ক'ফাৰ বান্ধব কাম ইতিমধ্যে ৫০ শতাংশ সম্পূৰ্ণ হৈছে যদিও এতিয়াও ব্ৰহ্মপুত্ৰৰ পানী কম পৰ...

July 16, 2024 12:22 PM

বেটকুছিত উপস্থিত হৈ অঞ্চলটোৰ বাট-পথ, নলা নর্দমা আদি পৰিদর্শন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটী মহানগৰীৰ বেটকুছিত উপস্থিত হৈ অঞ্চলটোৰ বাট-পথ, নলা নর্দমা আদি পৰিদর্শন কৰে। পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীয়ে স্থানীয় ৰাইজৰ সৈতে তেওঁলোকে সন্মুখীন হোৱা সমস্যাসমূহ সন্দৰ্ভত আলোচনা কৰে। তেওঁ নির্দিষ্ট সময়ত এই সমস্যাসমূহ সমাধানৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ ক...

July 16, 2024 12:17 PM

১ জুলাইৰ পৰা ৩১ আগষ্টলৈ ডায়েৰীয়া নির্মূল অভিযান কাৰ্যসূচী আৰম্ভ

শৈশৱৰ ডায়েৰীয়া সমস্যা নিয়ন্ত্ৰণ আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ স্বচ্ছ ভাৰত মিছন গ্রামীণে যোৱা ১ জুলাইৰ পৰা ৩১ আগষ্টলৈ ডায়েৰীয়া নির্মূল অভিযান কাৰ্যসূচী আৰম্ভ কৰিছে। বিশেষকৈ বানৰ পাছত ডায়েৰীয়া প্ৰতিৰোধ আৰু চিকিৎসাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই অভিযানৰ অধীনত ব...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।