আঞ্চলিক সংবাদ

July 18, 2024 8:02 PM

ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনচেফেলাইটিছ আৰু জাপানীজ এনচেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ

ৰাজ্যৰ কেইবাখনো জিলাত বানৰ পাছত জাপানীজ এনচেফেলাইটিছ আৰু জাপানীজ এনচেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে। এই ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে ৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১১ জন লোক চিকিৎসাধীন হৈ আছে। ৰাজ্যৰ ২৪ খন জিলাত ১৮৭ জন লোক এই ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। গোলাঘাট জিলাত জানুৱাৰী মাহৰ পৰা...

July 18, 2024 7:56 PM

অসমৰ কেইবাখনো জিলাত সম্পূর্ণতা অভিযানৰ কাৰ্যসূচী অব্যাহত

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে স্বাস্থ্য খণ্ডত সজাগতা সৃষ্টিৰ বিশেষ ব্যৱস্থা কৰা হৈছে। সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশটো উন্নত কৰাৰ বাবে লক্...

July 18, 2024 7:53 PM

অসম বিধানসভাৰ শৰৎকালীন অধিবেশন অহা ২২ আগষ্টৰ পৰা অনুষ্ঠিত হ’ব

অসম বিধানসভাৰ শৰৎকালীন অধিবেশন অহা ২২ আগষ্টৰ পৰা অনুষ্ঠিত হ'ব। ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই আজি অধিসূচনাযোগে শৰৎকালীন অধিবেশন ২২ আগষ্টৰ পৰা হ'ব বুলি প্ৰকাশ কৰে। সেইদিনা পুৱা ৯.৩০ বজাৰ পৰা অধিবেশনৰ কাম-কাজ আৰম্ভ হ'ব।

July 18, 2024 7:47 PM

বৰাক উপত্যকাৰ ৩ খন জিলাত প্ৰতি মাহে ২ জনকৈ মন্ত্রী ৩ দিন উপস্থিত থাকিব বুলি ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত

বৰাক উপত্যকাৰ তিনিখন জিলাৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি জিলাকেইখনত প্ৰতি মাহে দুজনকৈ মন্ত্রী তিনিদিন থাকিব বুলি আজি অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। দিছপুৰত অনুষ্ঠিত বৈঠকৰ অন্তত সংবাদমেলযোগে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই কয় যে জিলাকেইখনৰ অভিভাৱক মন্ত্ৰীৰ লগতে আন দুজন মন্ত্ৰীয়...

July 18, 2024 7:41 PM

উত্তৰ প্ৰদেশৰ গোণ্ডা ষ্টেচনৰ সমীপত ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত, ২ জন নিহত

উত্তৰ প্ৰদেশৰ গোণ্ডা ষ্টেচনৰ সমীপত আজি ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত হয়। ৰে'লৱেৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দুৰ্ঘটনাৰ ফলত ৰে'লখনৰ ৬টা দবা পথচ্যুত হয়। দুর্ঘটনাত কমেও দুজন যাত্রী নিহত হোৱাৰ লগতে আন ২০ গৰাকী যাত্ৰী আহত হয়। সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি লক্ষ্ণৌৰ পৰা যোৱা দলে উদ্ধাৰ অভিযান অ...

July 18, 2024 5:59 PM

দিছপুৰত সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ বিভিন্ন দাবী সন্দৰ্ভত সন্থাৰ বিষয়াবৰ্গৰ সৈতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ আলোচনা

যোগান আৰু ৰাজহুৱা বিতৰণ বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি দিছপুৰত সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ বিভিন্ন দাবী সন্দৰ্ভত সন্থাৰ বিষয়াবৰ্গৰ সৈতে আলোচনাত মিলিত হয়। সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ দাবীসমূহ শুনাৰ অন্তত মন্ত্ৰী শ্ৰীদাসে সন্থাই ২০০৮ চনৰ পৰা ২০১৫ চনলৈ প্ৰাপ্য ধন নোপোৱা সন্দৰ্ভত তদন্ত...

July 18, 2024 5:52 PM

পশুধন আৰু হাঁহ-কুকুৰাক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ পশুপালন বিভাগক প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ বাবে মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশ

ৰাজ্যৰ বান পৰিস্থিতি উন্নত হোৱাৰ পাছত পশুধন আৰু হাঁহ-কুকুৰাক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ পশুপালন বিভাগক যাৱতীয় নিৰীক্ষণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই নিৰ্দেশ দিয়ে। দিছপুৰত আজি অনুষ্ঠিত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এখন বৈঠকত শীর্ষ বিষয়াসকলক এই দিশত তৎপৰতা...

July 18, 2024 5:52 PM

ৰাজ্যৰ কাৰিকৰী শিক্ষা প্রতিষ্ঠানসমূহৰ অধ্যক্ষসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৈঠক

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি দিছপুৰত ৰাজ্যৰ কাৰিকৰী শিক্ষা প্রতিষ্ঠানসমূহৰ অধ্যক্ষসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে এখন বৈঠকত মিলিত হয়। এই বৈঠকত পলিটেকনিক প্রতিষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ কাম-কাজ সন্দৰ্ভত বুজ লোৱা হয়। চলিত বিত্তীয় বৰ্ষত শিক্ষানুষ্ঠানসমূহৰ অতিৰিক্ত শ্ৰেণীকোঠা...

July 18, 2024 5:45 PM

মুখ্যমন্ত্রী সাহায্য পুঁজিৰ অধীনত ডিফু ক্লাবত আর্থিকভাৱে পিছপৰা বিদ্যাৰ্থীসকলৰ লগতে বিভিন্ন ৰোগত আক্ৰান্ত হোৱা লোকৰ মাজত চেক বিতৰণ

মুখ্যমন্ত্রী সাহায্য পুঁজিৰ অধীনত আজি ডিফু ক্লাবত আর্থিকভাৱে পিছপৰা বিদ্যাৰ্থীসকলৰ লগতে বিভিন্ন ৰোগত আক্ৰান্ত হোৱা লোকসকলৰ মাজত চেক বিতৰণ কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কাৰ্বি আংলং স্বায়িত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপস্থিতিত স্থানীয় বিধায়ক বিদ্যাছিং ইংলেঙে ডিফু বিধ...

July 18, 2024 5:38 PM

শিৱসাগৰ জিলাই ৰাজ্যৰ প্ৰথমখন ১০০ শতাংশ অ’ ডি এফ প্লাছ আদৰ্শ জিলাৰ স্বীকৃতি লাভ

শিৱসাগৰ জিলাই ৰাজ্যৰ প্ৰথমখন ১০০ শতাংশ অ’ ডি এফ প্লাছ আদৰ্শ জিলাৰ স্বীকৃতি লাভ কৰে। এই বৃহৎ লক্ষ্য প্রাপ্তিত নিৰন্তৰ সহযোগিতা আৰু প্ৰয়াসৰ বাবে শিৱসাগৰৰ প্ৰতিজন বাসিন্দালৈ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই ৰাজ্য চৰকাৰৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ আৰু সুস্থ ভাৰতৰ লক্ষ্য পূৰ্ণ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।