আঞ্চলিক সংবাদ

July 22, 2024 1:00 PM

ৰাজ্যৰ বান পীড়িত ৰাইজলৈ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ দুই কোটি টকাৰ সাহায্য

ৰাজ্যৰ বান পীড়িত ৰাইজলৈ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে দুই কোটি টকাৰ সাহায্য আগবঢ়াইছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যম এক্স যোগে এই কথা প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এই বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীক এই মহানুভৱতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। আনহাতে অসম আৰক...

July 22, 2024 12:56 PM

আন্তর্জাতিক গণিত অলিম্পিয়াডত ভাৰতীয় দলৰ চাৰিটা স্বৰ্ণ আৰু এটা ৰূপৰ পদকেৰে চতুর্থ স্থান লাভ

আন্তর্জাতিক গণিত অলিম্পিয়াডত ভাৰতীয় দলে চাৰিটা স্বৰ্ণ আৰু এটা ৰূপৰ পদকেৰে চতুর্থ স্থান লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। বিশ্বজুৰি উচ্চ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি এই অলিম্পিয়াডত ভাৰতৰ ছজনীয়া ছাত্র দলে অংশগ্ৰহণ কৰিছিল। ইয়াৰে আনন্দ ভাদুৰী হৈছে গুৱাহাটীৰ সৰলা- বিৰলা জ্ঞানজ্যোতি বিদ্যালয়...

July 22, 2024 12:51 PM

মৰিগাঁৱৰ শিঙিমাৰীত বানাক্ৰান্তৰ মাজত স্বাস্থ্য শিবিৰ

মৰিগাঁৱৰ স্বেচ্ছাসেৱী অগ্ৰণী অনুষ্ঠান বান্ধৈ ৮৪ৰ উদ্যোগত পশুপালন-পশু চিকিৎসা বিভাগ আৰু ভাৰতীয় চিকিৎসা সন্থাৰ সহযোগত শিঙিমাৰীৰ বানাক্ৰান্তৰ মাজত এখন স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। এই স্বাস্থ্য শিবিৰত পশুধনৰ লগতে পাঁচ শতাধিক লোকক চিকিৎসা প্ৰদান কৰা হয়। মৰিগাঁও জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত আয়ুক্ত সংগীতা...

July 22, 2024 5:18 PM

আকাশবাণীৰ পাব্লিক স্পীকত আজি আয়কৰ পৰিশোধ কৰাৰ সহজ পদ্ধতি সম্পকত আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত আয়কৰ আয়ুক্ত সৌম্য আচাৰ আৰু চনদপ্ৰাপ্ত হিচাপ পৰীক্ষক (চি এ) সঞ্জীৱ নাৰায়ণৰ সৈতে আয়কৰ পৰিশোধ কৰাৰ সহজ পদ্ধতি সম্পর্কে এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২...

July 22, 2024 12:24 PM

সম্পূর্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত স্বাস্থ্য আৰু কৃষি বিভাগৰ বিভিন্ন সজাগতামূলক কাৰ্যসূচী

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশ...

July 21, 2024 8:04 PM

ঢকুৱাখনাত অনুষ্ঠিত কোচ ৰাজবংশী জনগোষ্ঠীয় নৃত্য গীতৰ ৭ দিনীয়া কৰ্মশালাৰ সামৰণি

সদৌ অসম কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ সৌজন্যত ঢকুৱাখনা জিলা সন্মিলনীৰ সহযোগত আয়োজিত কোচ ৰাজবংশী জনগোষ্ঠীয় নৃত্য গীতৰ ৭ দিনীয়া কৰ্মশালাৰ আজি সামৰণি পৰে। মৰনৈ গাওঁ পঞ্চায়তত কাৰ্যালয়ত অনুষ্ঠিত সামৰণি অনুষ্ঠানৰ কাৰ্যসূচীত বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত সদৌ অসম কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ সদস্য ধৰণী বৰুৱাই ...

July 21, 2024 8:01 PM

শিৱসাগৰত সদৌ অসম টুৰিষ্ট গাইড এছোছিয়েছনৰ প্ৰথম বাৰ্ষিক অধিৱেশন

সদৌ অসম টুৰিষ্ট গাইড এছোছিয়েছনৰ প্ৰথম বাৰ্ষিক অধিৱেশন আজি শিৱসাগৰত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। অনুষ্ঠানত ৰাজ্যৰ লগতে চুবুৰীয়া ৰাজ্যসমূহৰ ভালেসংখ্যক টুৰিষ্ট গাইডে অংশগ্ৰহণ কৰে। শিৱসাগৰ টুৰিষ্ট গাইডৰ সভাপতি গৌতম হীৰাই আজিৰ অনুষ্ঠানে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত এই অধিৱেশনৰ কাৰ্যসূচীয়ে সুদূৰপ্ৰসাৰি ...

July 21, 2024 7:56 PM

লেখক, সাংবাদিক পবিত্ৰ বৰাক অসম সাহিত্য সভাৰ জয়ছিং হান্সে স্মাৰক বঁটা প্ৰদান

বিশিষ্ট লেখক, সাংবাদিক পবিত্ৰ বৰাক আজি অসম সাহিত্য সভাই জয়ছিং হান্সে স্মাৰক বঁটা প্ৰদান কৰে। এই উপলক্ষে কার্বি আংলং জিলা সাহিত্য সভাৰ সহযোগত আয়োজন কৰা এটা অনুষ্ঠানত সাহিত্য সভাৰ সভাপতি সূর্যকান্ত হাজৰিকাই পৌৰহিত্য কৰে। বঁটা বিতৰণী অনুষ্ঠানত বঁটাপ্ৰাপক পবিত্ৰ বৰাক এটা গ্ৰন্থৰ টোপোলা, জাপি আৰু প্ৰশস...

July 21, 2024 7:53 PM

views 1

কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰিৰ গোচৰৰ কাইলৈ বিশেষ ন্যায়াধীশৰ আদালতৰ ৰায় দান

অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰিৰ গোচৰৰ কাইলৈ বিশেষ ন্যায়াধীশৰ আদালতে ৰায় দিব। দীৰ্ঘদিন ধৰি চলা শুনানিৰ অন্তত কাইলৈ পুৱা চাৰে ১০ বজাত গোচৰটোৰ ৰায়দানৰ দিন ধাৰ্য কৰা হৈছে। গোচৰটোত মুঠ ৪৩জন অভিযুক্তৰ নাম সাঙুৰ খাই আছে। উল্লেখ্য যে ৰাকেশ কুমাৰ পাল অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হ...

July 21, 2024 7:16 PM

ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্রদেশৰ সভাপতিৰূপে ৰাকেশ দাসক নিযুক্ত

ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্রদেশে ৰাকেশ দাসক সভাপতিৰূপে নিযুক্ত কৰিছে। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই আজি এই বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে। উল্লেখযোগ্য যে, নৱনিযুক্ত সভাপতি ৰাকেশ দাসে পূৰ্বতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সম্পাদকৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।