আঞ্চলিক সংবাদ

September 22, 2024 11:19 AM

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ  ১৫ ডিচেম্বৰত চি-টেট অনুষ্ঠিত কৰাৰ কথা ঘোষণা

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে ১ ডিচেম্বৰৰ পৰিৱৰ্তে ১৫ ডিচেম্বৰত চি-টেট অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। প্ৰশাসনিক কাৰণত ইতিমধ্যে ঘোষণা কৰা চি-টেটৰ দিন সলনি কৰাৰ কথা সদৰি কৰে। এই সন্দৰ্ভত পৰিষদে জাৰি কৰা নিৰ্দেশনা অনুসৰি অহা ১৫ ডিচেম্বৰ দেওবাৰে দেশজুৰি চি-টেট অনুষ্ঠিত কৰা হ'ব। পূৰ্বে কেন্দ্ৰীয় মাধ...

September 22, 2024 10:58 AM

অনলাইন আবেদনৰ জৰিয়তে লিখিত পৰীক্ষাৰ OMR শ্বিটৰ ফটোকপি প্ৰাৰ্থীয়ে ছেবাৰ পৰা লাভ কৰিব পাৰিবঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। অনলাইনযোগে আবেদন কৰি লিখিত পৰীক্ষাৰ OMR শ্বিটৰ ফটোকপি প্ৰাৰ্থীয়ে ছেবাৰ পৰা লাভ কৰিব পাৰিব। মুখ্যমন্ত্ৰীয়ে এই প্ৰক্ৰিয়া ২৭ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ'ব বুলি উল্লেখ কৰে।

September 21, 2024 9:30 PM

ঢেকীয়াজুলিত শ্বহীদ স্মাৰক উদ্যানৰ সন্মিলন কেন্দ্ৰ, ১১গৰাকী শ্বহীদৰ প্ৰতিমূৰ্তি উন্মোচন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত শ্বহীদ স্মাৰক উদ্যানৰ সন্মিলন কেন্দ্ৰ উদ্বোধন কৰাৰ লগতে ১১গৰাকী শ্বহীদৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। মনবৰ নাথ, কুমলী দেৱী, মহিৰাম কোচ, তিলেশ্বৰী বৰুৱা, ৰতন কোচ, খহুলী দেৱী, মণিৰাম কোচ, লেৰেলা কোচ, সৰুনাথ চুতীয়া, দয়াল পাণিকা আৰু মংগল কোচ ...

September 21, 2024 9:29 PM

কোকৰাঝাৰ জিলাত স্বচ্ছতাই সেৱা কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ অংশগ্ৰহণ

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই আজি কোকৰাঝাৰ জিলাত স্বচ্ছতাই সেৱা কাৰ্যসূচীত অংশ লোৱাৰ লগতে কেইবাটাও অনুষ্ঠানত অংশ গ্ৰহণ কৰে। তেওঁ বড়োফা সাংস্কৃতিক কেন্দ্ৰত আন্তঃৰাষ্ট্ৰীয় শান্তি দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে বড়োলেণ্ড বিশ্ববিদ্যালয়ত উপস্থিত হৈ বড়োফা উপেন্দ্ৰ নাথ ...

September 21, 2024 9:27 PM

কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ বন্যপ্ৰাণীৰ আৱাসভূমিৰ সংহত উন্নয়নৰ বাবে ১০০ দিনীয়া লক্ষ্য সম্পূৰ্ণ

কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে বন্যপ্ৰাণীৰ আৱাসভূমিৰ সংহত উন্নয়নৰ বাবে ১০০ দিনীয়া লক্ষ্য সম্পূৰ্ণ কৰিছে। শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্রীসভাই বন্যপ্ৰাণীৰ আৱাসভূমিৰ উন্নয়ন আঁচনিৰ ৰূপায়ণ অব্যাহত ৰখাৰ বাবে ২৬০০ কোটিৰো অধিক ধন ব্যয়ত অনুমোদন জনাইছিল। আঁচনিখনত বন্যপ্ৰাণীৰ আৱাসভূম...

September 21, 2024 9:26 PM

বিশ্বজুৰি আলঝেইমাৰ-ডিমেনচিয়া ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে আজি বিশ্ব আলঝেইমাৰ দিৱস পালন

আলঝেইমাৰ আৰু ডিমেনচিয়া ৰোগ সন্দৰ্ভত বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে আজিৰ দিনটো বিশ্ব আলঝেইমাৰ দিৱস হিচাপে পালন কৰা হৈছে। এই উপলক্ষে বিভিন্ন স্থানত এই ৰোগ সন্দৰ্ভত সজাগতা কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে এই ৰোগৰ প্ৰতি থকা ভ্ৰান্ত ধাৰণা দূৰ কৰাৰ প্ৰয়াস কৰা হৈছে। এইবাৰ এই দিৱসৰ বিষয় হৈছে ডিমেনচিয়া আৰু আলঝেই...

September 21, 2024 9:25 PM

উত্তৰ-পূব সীমান্ত ৰে’লৱে সুৰক্ষা বাহিনীৰ ১-১৫ ছেপ্টেম্বৰলৈ ২৬.৪৮ লাখ টকাৰো অধিক মূল্যৰ নিষিদ্ধ সামগ্রী জব্দ

উত্তৰ-পূব সীমান্ত ৰে’লৱে সুৰক্ষা বাহিনীয়ে ৰে’লত নিষিদ্ধ সামগ্ৰী পৰিবহণৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখি যোৱা ১ ছেপ্টেম্বৰৰ পৰা ১৫ ছেপ্টেম্বৰলৈ ২৬ লাখ ৪৮ হাজাৰ টকাৰো অধিক মূল্যৰ নিষিদ্ধ সামগ্রী জব্দ কৰে। এই সময়ছোৱাত বাহিনীয়ে নিষিদ্ধ সামগ্ৰী পৰিবহণত জড়িত থকাৰ অভিযোগত ৯ জন লোকক কৰায়ত্ত কৰে। উল্লেখযোগ...

September 21, 2024 9:23 PM

বিশ্ব শান্তি দিৱসৰ সৈতে সংগতি ৰাখি অখিল ভাৰতীয় শিক্ষক সংঘৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ

বিশ্ব শান্তি দিৱসৰ সৈতে সংগতি ৰাখি আজি অখিল ভাৰতীয় শিক্ষক সংঘৰ কাৰ্যসূচী অনুসৰি তথা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত বিভিন্ন বিদ্যালয়ৰ প্ৰাতঃসভাৰ সময়ত শিক্ষার্থী তথা অভিভাৱকৰ উপস্থিতিত জলবায়ু পৰিৱৰ্তন সম্পৰ্কত সজাগতা সৃষ্টি কৰা হয়। ৰাজ্যিক সমিতিৰ কাৰ্যসূচীৰ অংশ হিচাপে মৰিগাওঁ জিলা ...

September 21, 2024 9:22 PM

ৰাজ্যত চৰকাৰে ৪ হাজাৰ বিদ্যালয় পুনৰ নিৰ্মাণ কৰিবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসম চৰকাৰে ৰাজ্যখনত ৪ হাজাৰ বিদ্যালয় পুনৰ নিৰ্মাণ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত ৫০০ খন বিদ্যালয়ৰ অহা বছৰৰ আৰম্ভণিতে নির্মাণ সম্পূৰ্ণ হ'ব। প্ৰতিযোগিতামূলক পৃথিৱীখনত খাপ খাব পৰাকৈ অসমৰ ভৱিষ্যত প্ৰজন্মক দক্ষতা আৰু কৌশলেৰে সাজু কৰি তুলিবলৈ চৰকাৰী বিদ্যালয়সমূহৰ আ...

September 21, 2024 9:21 PM

নামনি মাজুলী জ্যেষ্ঠ নাগৰিক শাখা সন্মিলনৰ সপ্তম দ্বি-বার্ষিক অধিৱেশন সম্পন্ন

জ্যেষ্ঠ নাগৰিক সন্মিলন, অসমৰ অন্তৰ্গত নামনি মাজুলী জ্যেষ্ঠ নাগৰিক শাখা সন্মিলনৰ সপ্তম দ্বি-বার্ষিক অধিৱেশনখন আজি বিৰিণাবাৰী গাঁৱত অনুষ্ঠিত হয়। পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ পাছত বিষয় বাছনি সভা আৰু সদস্য পঞ্জীয়নৰ লগতে কাৰ্যসূচীৰ অংশ হিচাপে এখন মুকলি সভা অনুষ্ঠিত হয়।...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।