ৰাষ্ট্ৰীয়

July 18, 2024 12:58 PM

মহাৰাষ্ট্ৰৰ গড়চিৰোলী ছত্তীশগড় সীমান্তৰ এটাপল্লী খণ্ডত নক্সালবিৰোধী অভিযানত ১২ নক্সালবাদী নিহত

মহাৰাষ্ট্ৰৰ গড়চিৰোলী ছত্তীশগড় সীমান্তৰ সমীপৰ এটাপল্লী খণ্ডত নক্সালবিৰোধী অভিযানত ১২জন নক্সালবাদী নিহত হৈছে। আৰক্ষীয়ে ৱাণ্ডোলী গাঁৱৰ বনাঞ্চলত কালি বিয়লি নক্সালবিৰোধী অভিযান চলোৱাৰ সময়ত আত্মগোপন কৰি থকা নক্সালবাদীৰ দলে আৰক্ষীক লক্ষ্য কৰি নিৰ্বিচাৰে গুলীচালনা কৰে। প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলীচালনা...

July 18, 2024 12:42 PM

উচ্চতম ন্যায়ালয়ত আজি NEET-UG ২০২৪ সন্দৰ্ভত দাখিল কৰা কেইবাখনো আবেদনৰ শুনানি গ্রহণ

উচ্চতম ন্যায়ালয়ে আজি চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা NEET-UG ২০২৪ সন্দৰ্ভত দাখিল কৰা কেইবাখনো আবেদনৰ শুনানি গ্রহণ কৰিব। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়, ন্যায়াধীশ জে বি পার্ডিৱালা আৰু মনোজ মিশ্ৰৰ বিচাৰপীঠে এই শুনানি গ্রহণ কৰিব। এই সন্দৰ...

July 18, 2024 12:40 PM

অহা ২২ জুলাইৰ পৰা সংসদৰ বাজেট অধিৱেশন

সংসদৰ বাজেট অধিৱেশন অহা ২২ জুলাইত আৰম্ভ হ'ব। এই অধিৱেশনৰ ১২ আগষ্টত সামৰণি পৰিব। ২৩ জুলাইত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সদনত দাখিল কৰিব। বিত্ত মন্ত্রী সীতাৰমনে লোকসভা নিৰ্বাচনৰ পূৰ্বে অন্তৰ্ৱৰ্তী বাজেট উত্থাপন কৰিছিল। এইবাৰৰ বাজেটে দেশৰ দ্ৰুত উন্নয়নৰ ধাৰা অব...

July 17, 2024 9:26 PM

দেশৰ বিশ্ব ঔষধালয়ৰ অভিধাৰ মৰ্যাদাৰ অনুৰূপ বিশ্বমানৰ ঔষধ নিয়ামক পৰিকাঠামো গঢ়াত গুৰুত্ব আৰোপ জে পি নাড্ডাৰ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই দেশৰ বিশ্ব ঔষধালয়ৰ অভিধাৰ মৰ্যাদাৰ অনুৰূপ বিশ্ব মানৰ ঔষধ নিয়ামক পৰিকাঠামো গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছে। তেওঁ লগতে উৎপাদিত সামগ্ৰীৰ উচ্চ মান সুনিশ্চিত কৰাৰ বাবে ঔষধ আৰু চিকিৎসা সঁজুলি উদ্যোগৰ সৈতে অবিৰত আলোচনাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ঔষধ, প্ৰসাধন...

July 17, 2024 9:25 PM

দেশৰ যুৱ প্ৰজন্ম ভৱিষ্যতৰ নীতি প্ৰণেতাঃ ক্ৰীড়ামন্ত্ৰী ড০ মনসুখ মন্দাভিয়া

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই কৈছে যে, দেশৰ যুৱ প্ৰজন্ম ভৱিষ্যতৰ নীতি প্ৰণেতা। তেওঁ কয় যে, চৰকাৰ বিভিন্ন আঁচনি আৰু কাৰ্য্যসূচীৰ জৰিয়তে যুৱ প্ৰজন্মক সৱল কৰি তুলিবলৈ বদ্ধপৰিকৰ। মন্ত্ৰীগৰাকীয়ে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় যুৱ আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনি পুৰস্কাৰ বিজেতাসকলৰ সৈতে ...

July 17, 2024 9:21 PM

সহজলভ্য আৰু ব্যয়সাধ্য স্বাস্থ্য সেৱাত শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰত বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী জিতেন্দ্ৰ সিঙৰ গুৰুত্ব আৰোপ

বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী জিতেন্দ্ৰ সিঙে সহজলভ্য আৰু ব্যয়সাধ্য স্বাস্থ্য সেৱাত শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে, প্রযুক্তিয়ে স্বাস্থ্যসেৱা খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন আনিছে আৰু কৃত্রিম বুদ্ধিমত্তা তথা মেচিন শিক্ষণ সঁজুলি প্রয়োগে কাৰ্য্যক্ষমতা যথেষ্ট বৃদ্ধি কৰিব পাৰে...

July 17, 2024 9:14 PM

মৰিছাছৰ প্ৰাক্তন প্রধানমন্ত্রীদ্বয় ড০ নবীন ৰামগুলাম আৰু পল বাৰেংগাৰক বিদেশমন্ত্ৰী ড০ এছ জয়শংকৰৰ সাক্ষাৎ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে তেওঁৰ মৰিছাছ ভ্ৰমণৰ অংশৰূপে আজি দেশখনৰ প্ৰাক্তন প্রধানমন্ত্রীদ্বয় ড০ নবীন ৰামগুলাম আৰু পল বাৰেংগাৰক সাক্ষাৎ কৰে। ড০ ৰামগুলামক সাক্ষাৎ কৰাৰ পাছত শ্ৰীজয়শংকৰে কয় যে, তেওঁলোকে দীৰ্ঘদিনীয়া দ্বিপাক্ষিক অংশীদাৰিত্ব আৰু ইয়াৰ ব্যাপক সম্ভাৱনীয়তাৰ বিষয়ে আলোচনা কৰে। শ্ৰীপলৰ স...

July 17, 2024 9:04 PM

ৰাষ্ট্ৰপতি মুৰ্মুৰ ৭৫টা গুৰুত্বপূৰ্ণ ভাষণৰ সংকলিত ৰূপৰ গ্ৰন্থ কাইলৈ উন্মোচন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ প্ৰথম বছৰৰ কাৰ্যকালৰ ৭৫টা গুৰুত্বপূৰ্ণ ভাষণৰ সংকলিত ৰূপ WINGS TO OUR HOPES-VOLUME-1 গ্ৰন্থখন কাইলৈ নতুন দিল্লীত মুকলি কৰা হ'ব। কেন্দ্ৰীয় কৃষি মন্ত্রী শিৱৰাজ সিং চৌহানে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ উপস্থিতিত ই-বুকখন উন্মোচন কৰিব। কেন্দ্ৰীয় প্ৰকাশন বি...

July 17, 2024 9:02 PM

সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে ২১ জুলাইত সর্বদলীয় বৈঠক

চৰকাৰে সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে অহা ২১ জুলাইত এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে। এই বৈঠকত চৰকাৰে সংসদৰ উভয় সদনৰ কাম-কাজ সুচাৰুৰূপে আগবঢ়াই নিয়াৰ বাবে সকলো পক্ষৰ পৰা সহযোগিতা কামনা কৰিব। উল্লেখযোগ্য যে বাজেট অধিবেশন ২২ জুলাইৰ পৰা ১২ আগষ্টলৈ অনুষ্ঠিত হ'ব আৰু ২৩ জুলাইত সদনত কেন্দ্ৰীয় বাজেট দাখিল ক...

July 17, 2024 8:36 PM

কলকাতাৰ চল্ট লেকৰ অসম ভৱনত অসম সাহিত্য সভাৰ এটা পূৰ্ণাঙ্গ শাখাৰ ঘোষণা, সদস্যৰ প্ৰমাণপত্ৰ বিতৰণী সভা

কলকাতাৰ চল্ট লেকৰ অসম ভৱনত অসম সাহিত্য সভাৰ এটা পূৰ্ণাঙ্গ শাখাৰ ঘোষণা কৰাৰ লগতে সদস্যসকলৰ মাজত আজীৱন সদস্যৰ প্ৰমাণপত্ৰ বিতৰণৰ বাবে এখন সভা অনুষ্ঠিত হয়। অনুষ্ঠানত শাখা সভাপতি জীৱন ৰয়ক সাহিত্য সভাৰ পতাকা, সংবিধান আৰু সাহিত্য সভাৰ ইতিবৃত্তৰ দুয়োটা খণ্ড অৰ্পণ কৰা হয়। সভাৰ শেষত ৰেখা চলিহা বাসুয়ে কলক...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।