ৰাষ্ট্ৰীয়

July 26, 2024 7:58 PM

ৰাজ্যসভাত আজি সাধাৰণ বাজেট ২০২৪-২৫ৰ ওপৰত পুনৰ আলোচনা আৰম্ভ

ৰাজ্যসভাত আজি সাধাৰণ বাজেট ২০২৪-২৫ৰ ওপৰত পুনৰ আলোচনা আৰম্ভ হয়। আলোচনাত অংশগ্রহণ কৰি ৱাই এছ আৰ চি পিৰ এছ নিৰঞ্জন ৰেড্ডীয়ে বাজেটখনক প্ৰশংসা কৰি কয় যে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে বাজেটত হ্রস্বম্যাদী জনপ্রিয়তাবাদী দৃষ্টিভংগীৰ পৰিৱৰ্তে মধ্যম আৰু দীৰ্ঘম্যাদী বিচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ দেশ...

July 26, 2024 6:48 PM

সমগ্র দেশতে আজি ২৫ সংখ্যক কাৰ্গিল বিজয় দিৱস পালন

সমগ্র দেশতে আজি ২৫ সংখ্যক কাৰ্গিল বিজয় দিৱস পালন কৰা হৈছে। এই দিৱস উপলক্ষে ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে সশস্ত্র বাহিনীক কৃতজ্ঞতা প্রকাশ কৰাৰ লগতে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ভাৰতীয় সশস্ত্র বাহিনীৰ অসাধাৰণ শৌর্যক স্বীকাৰ কৰে। ১৯৯৯ চনত কাৰ্গিলৰ শিখ...

July 26, 2024 5:52 PM

জৱাহৰলাল নেহৰু বন্দৰত ভাৰতৰ প্ৰথমটো সংহত কৃষি ৰপ্তানি সুবিধা প্ৰদান

দেশৰ কৃষি ৰপ্তানি আৰু আমদানি সামর্থ শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে জৱাহৰলাল নেহৰু বন্দৰত ভাৰতৰ প্ৰথমটো সংহত কৃষি ৰপ্তানি সুবিধা প্ৰদান কৰা হ'ব। বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২৮৪ কোটি টকাৰো অধিক মূল্যৰ ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীত্বৰ পদ্ধতিত ৰপ্তানি-আমদানিসহ ঘৰুৱা কৃষি সামগ্ৰী ভিত্তি...

July 26, 2024 5:47 PM

মুম্বাইত বতৰ স্বাভাৱিক অৱস্থালৈ অহাৰ পৰিপ্ৰেক্ষিতত মুম্বাইবাসীৰ সকাহ লাভ

ধাৰাষাৰ বৰষুণৰ পাছত মুম্বাইত বতৰ স্বাভাৱিক অৱস্থালৈ অহাৰ পৰিপ্ৰেক্ষিতত আজি মুম্বাইবাসীয়ে সকাহ লাভ কৰিছে। মহানগৰীৰ দৈনন্দিন জীৱনযাত্ৰা পুনৰ স্বাভাৱিক হৈ পৰিছে। সেয়েহে মহানগৰৰ পৌৰ নিগম এলেকাৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ আগৰ দৰে খোলা আছে। মুম্বাইৰ পৌৰ নিগম কৰ্তৃপক্ষই অভিভাৱকসকলক শৈক্ষিক প্ৰতিষ্ঠান...

July 26, 2024 12:37 PM

ভাৰতীয় সেনাই কৌশলগত পাৰদৰ্শিতাৰ বাবে কাৰ্গিলত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ সক্ষম হৈছিলঃ জে পি নাড্ডা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই কৈছে যে কাৰ্গিল যুদ্ধত দেশৰ জোৱানসকলে ভয়াৱহ পৰিস্থিতিৰ মুখামুখি হৈছিল যদিও শত্রু পাকিস্তানৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিছিল। শ্ৰী নাড্ডাই কালি নতুন দিল্লীত কয় যে ভাৰতীয় সেনাই প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা সত্ত্ব...

July 26, 2024 12:35 PM

লোকসভাত কেন্দ্রীয় বাজেট সন্দৰ্ভত আলোচনা; বাজেটে জনসাধাৰণক নিৰাশ কৰা বুলি অভিযোগ কংগ্ৰেছৰ চৰণজিৎ সিং চন্নীৰ

লোকসভাত কালি কেন্দ্রীয় বাজেট সন্দৰ্ভত আলোচনা পুনৰ আৰম্ভ হয়। আলোচনাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ চৰণজিৎ সিং চন্নীয়ে এইবাৰৰ বাজেটে জনসাধাৰণক নিৰাশ কৰা বুলি অভিযোগ তোলে। তেওঁ কয় যে, বাজেটত বান প্রভাবিত পাঞ্জাবৰ জনসাধাৰণৰ বাবে একোৱেই নাই। তেওঁ লগতে চৰকাৰ ৰক্ষা কৰাই এইবাৰৰ বাজেটত অভিপ্ৰায় বুলি মন্তব্য কৰে...

July 26, 2024 12:33 PM

ৰাজ্যসভাত কেন্দ্ৰীয় বাজেট আৰু জম্মু-কাশ্মীৰৰ বাজেট সন্দৰ্ভত আলোচনা

ৰাজ্যসভাত কালি ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট আৰু ২০২৪-২৫ বৰ্ষৰ বাবে কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ বাজেট সন্দৰ্ভত আলোচনা পুনৰ আৰম্ভ হয়। আলোচনাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ ৰণদীপ সিং সূৰ্যেৱালাই কৃষক, দৰিদ্ৰ আৰু নিবনুৱাৰ সমস্যাৰ বিষয়ে উত্থাপন কৰে। আনহাতে আপৰ ৰাঘব চাড্ডাই অভিযোগ কৰে যে, চৰকাৰে এই ...

July 26, 2024 12:31 PM

নতুন দিল্লীত মধ্য-প্রাচ্য সন্দৰ্ভত ভাৰত-জাপানৰ দ্বিতীয়লানি আলোচনা সম্পন্ন

নতুন দিল্লীত কালি মধ্য-প্রাচ্য সন্দৰ্ভত ভাৰত আৰু জাপানৰ দ্বিতীয়লানি আলোচনা অনুষ্ঠিত হয়। আলোচনাত পশ্চিম এছিয়া আৰু উত্তৰ আফ্ৰিকা বিভাগৰ যুটীয়া সচিব সুৰেশ কুমাৰে ভাৰতীয় দলটোৰ আৰু জাপানৰ মধ্যপ্রাচ্য আৰু আফ্ৰিকীয় পৰিক্ৰমা ব্যুৰ'ৰ সঞ্চালকপ্রধান আনডো টশ্বিহিডেই দেশখনৰ দলটোৰ নেতৃত্ব দিয়ে। বিদেশ মন্ত্...

July 26, 2024 12:20 PM

ৰাজ্যসমূহে খনিজ সম্পদৰ ৰয়েল্টী নির্ধাৰণৰ অধিকাৰ পাব বুলি উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়দান

ৰাজ্যসমূহে খনিজ সম্পদৰ ৰয়েটি নির্ধাৰণৰ অধিকাৰ পাব বুলি উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে ৰায়দান কৰিছে। কালি দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত এখন ন-জনীয়া বিচাৰপীঠে এই ঐতিহাসিক ৰায় দান কৰি খনি আৰু খনিজ পদাৰ্থৰ ওপৰত সাংবিধানিক অধিকাৰ ৰাজ্যসমূহৰ থকা বুলি নিশ্চিত কৰে। উল্ল...

July 26, 2024 12:17 PM

ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হলক গণতন্ত্ৰ মণ্ডপ আৰু অশোক হলক অশোক মণ্ডপ ৰূপে নামকৰণ

ৰাষ্ট্ৰপতি ভৱনৰ দুটা ঐতিহাসিক হলৰ নতুন নামকৰণ কৰা হৈছে। সেই অনুসৰি ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হল আৰু অশোক হলক এতিয়াৰে পৰা গণতন্ত্ৰ মণ্ডপ আৰু অশোক মণ্ডপ ৰূপে জনা যাব। উল্লেখ্য যে দৰবাৰ হলত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদানৰ দৰে গুৰুত্বপূৰ্ণ সমাৰোহ অনুষ্ঠিত হৈ আহিছে। আনহাতে অশোক হলটো ব্ৰিটিছ শাসনৰ সময়ত নৃত্যশাল...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।